বৰ্ধিত মানসিক চাপৰ বাবেই অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে নেকি ? কি ক’লে বিশেষজ্ঞই
বৰ্ধিত মানসিক চাপৰ বাবে হত্যা, আত্মহত্যা, অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে নেকি ? এই সন্দৰ্ভত কি ক’লে মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে জানো আহক-

Published : May 21, 2025 at 1:15 PM IST
কুলগীতা সাউদ
বৰ্তমান সমাজখনত হত্যা, হিংসা পাৰিবাৰিক সংঘাতৰ দৰে ঘটনাবোৰ বৃদ্ধি হৈছে ৷ সাম্প্ৰতিক সময়ত পৰিয়াল কেন্দ্ৰিক সংঘাত বৃদ্ধি হবলৈ ধৰিছে ৷ মানুহৰ মানসিকতা ইমান পৰ্যায় পাইছে যে কোনোবাই পিতৃ মাতৃক হত্যা কৰিছে আন কোনোবাই আকৌ সন্তানক হত্যা কৰিবলৈ কুন্ঠাবোধ কৰা নাই ৷ এনেবোৰ ঘটনা পূৰ্বেত আমাৰ সমাজত দেখিবলৈ পোৱা নগৈছিল যদিও সম্প্ৰতি সময়ত এনেবোৰ ঘটনা সচৰাচৰ দেখিবলৈ পোৱা গৈছে ৷
এনেবোৰ ঘটনা কিয় সঘনাই সংঘটিত হ'বলৈ ধৰিছে ৷ মানসিক চাপৰ বাবে এনে ঘটনা সংঘটিত হৈছে নেকি ? এই সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত কি ক’লে জানো আহক-
মানসিক চাপৰ বাবে সমাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে নেকি ?
এই বিষয়ে মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে কয়, হিংসা, হত্যা, অপৰাধ প্ৰৱণতা পূৰ্বেও আছিল যদিও আগতে ঘটনাবোৰৰ বিষয়ে গম পোৱা যোৱা নাছিলে ৷ কিন্তু বৰ্তমান ঘটনাৰ ৰূপ স্বৰূপ সাংঘাটিক ভাৱে সলনি হ'ব ধৰিছে ৷ যোৱা কিছু দশক ধৰি সমগ্ৰ বিশ্বতে মানসিক চাপ অভূতপূৰ্ব ভাৱে বাঢ়িবলৈ ধৰিছে ৷ উদ্বেগজনিত ৰোগ, হতাশা, বিষাদগ্ৰস্ততা বাঢ়িছে ৷ তদুপৰি অন্যান্য ৰোগ বৃদ্ধি পাইছে ৷ মানসিক চাপৰ ফলত মানুহৰ মাজত অপৰাধ প্ৰৱণতা বাঢ়িছে ৷ সহনশীলতা নোহোৱা হৈছে ৷ মানুহৰ মাজত যিকোনো কাম কৰাৰ প্ৰৱণতা বাঢ়িছে ৷ হত্যা, আত্মহত্যা, অপৰাধ আদি বৰ্ধিত মানসিক চাপৰ ফলত বৃদ্ধি পাইছে ৷ মানুহৰ মাজত আগতেও মানসিক চাপ আছিলে কিন্তু প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল আৰু মোকাবিলা কৰি পৰিস্থিতিৰ লগত খাপ খাইছিল ৷ কিয়নো যিকোনো পৰিস্হিতিৰ লগত খাপ খাব পৰাটো মানুহৰ ঈশ্বৰ প্ৰদত্ত আহৰণ কৰিব পৰা এটা বৈশিষ্ট ৷
যিকোনো সমস্যা সমাধান কৰাৰ বাবে পৰ্যাপ্ত সময় লাগে ৷ কিন্তু কিছু দশক ধৰি মানসিক চাপ বৃদ্ধি হোৱাৰ আন এটা কাৰণ হৈছে সমাজত প্ৰযুক্তিৰ বিকাশ এই বিকাশে আমাৰ জীৱন শৈলীৰ গতিত সাংঘাটিকভাৱে প্ৰভাৱ পেলাইছে ৷ দ্ৰুতগতিত হোৱা পৰিৱৰ্তনে মানুহৰ জীৱনলৈ প্ৰত্যাহ্বান আনিছে ৷ সেই বাবে মানসিক চাপৰ লগত খাপ খাবলৈ পৰ্যাপ্ত সময় নোপোৱা হৈছে ৷ ফলত অপৰাধ প্ৰৱণতা সমাজত বৃদ্ধি পাইছে ৷ " তেওঁ লগতে কয়, " দ্ৰুত গতিত প্ৰযুক্তিৰ পৰিৱৰ্তন ঘটাৰ লগতে সামাজিক মাধ্যমে আমাৰ জীৱন শৈলী নিয়ন্ত্ৰণ কৰিবলৈ ধৰিছে ৷ বিভিন্ন সামাজিক মাধ্যমৰ লগত আসক্ত হৈ পৰিছে ৷ আনৰ লগত তুলনা বাঢ়িছে ৷ নিজৰ তাগিদা চাহিদাৰ নিজস্ব ভাৱে মূল্যায়ন নকৰি আনৰ লিপ্ত মূল্যয়ন কৰিছে ৷ যাৰ বাবে মানুহৰ মাজত হতাশা হিংসাই স্হান পাইছে ৷ আমাৰ সমাজত কল্পনা কৰিব নোৱাৰা ঘটনা মাতৃয়ে পৰকীয়া প্ৰেমৰ বাবে সন্তানক হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হ'বলৈ ধৰিছে ৷

মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰা উচিত ?
চিকিৎসক দাসে কয়, "মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ কিশোৰ কিশোৰী শিশুক সু মানসিক স্বাস্থ্য গঠনৰ বাবে চেষ্টা কৰিব লাগিব ৷ মানসিক চাপৰ লগত কেনেকৈ প্ৰত্যাহ্বান গ্ৰহণ কৰিব কৰিব হতাশা বিষাদগ্ৰস্ততা, উদ্বিগ্নতা আহিলে কেনেধৰণৰ পদক্ষেপ ল'ব লাগে তাৰ বাবে সজাগ হোৱাৰ লগতে পাঠ্যক্ৰমৰ জৰিয়তেও শিকোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ কিন্তু এই ক্ষেত্ৰত আমি পিছপৰি আছো ৷ শিশু কৈশোৰ অৱস্থাৰ পৰা অভিভাৱক বা শিক্ষক শিক্ষয়িত্ৰীয়ে এইবোৰ শিক্ষা দিলে ডাঙৰ হ'লে এইবোৰ সমস্যাৰ পৰা নিজকে বিৰত ৰাখিব পাৰিব ৷
সাম্প্ৰতিক সময়ত পৰিয়াল কেন্দ্ৰিক সংঘাত বৃদ্ধি হৈছে নেকি ?

তেওঁ লগতে কয়, পৰিয়াল কেন্দ্ৰিক সংঘাত বৃদ্ধি হোৱা বুলি কব নোৱাৰি যদিও মানুহৰ মাজত আত্মীয়তাৰ বান্ধোন সুলুক ধুলুক হ'ব ধৰিছে ৷ বিভিন্ন কাৰকে আমাৰ জীৱন শৈলিৰ মাজত ইমান প্ৰভাৱ পেলাইছে যে মানুহৰ মাজত বিসংগতি কেৰণে দেখা গৈছে ৷ এইবোৰ কাৰণতে উদ্বেগজনিত ৰোগ , পেনিক এটেক, আদি বাঢ়িছে ৷ আগতে যিদৰে সম্পূৰ্ণবোৰ গাঢ় আছিলে এতিয়া স্বামী-স্ত্ৰী , পিতৃ মাতৃ আৰু সন্তানৰ সম্বন্ধনৰ মাজত সংঘাত দেখা পোৱা যায় ৷ তদুপৰি সামাজিক মাধ্যমৰ বাবে সম্পৰ্কৰ গভীৰতা হ্ৰাস পাইছে ৷ মান অভিমান খং আদিয়ে যথেষ্ট পৰিমাণে ঠাই পাইছে ৷ যাৰ ফলত সংঘাত বাঢ়িছে ৷ বিবাহৰ আগত বা পিছত বিচ্ছেদ বাঢ়িছে ৷ বিচ্ছেদে হতাশা , বিষাদগ্ৰস্ততালৈ ঠেলি দিছে ৷ ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উপায় হৈছে সু মানসিক স্বাস্থ্য গঠন কৰা ৷
লগতে পঢ়ক

