নৱপ্ৰজন্মক শৰীৰচৰ্চা প্ৰসংগত কি ক’লে মহাদেৱ ডেকাই - Special Interview with Mahadev Deka
Special Interview with Mahadev Deka: পুৰুষ আৰু মহিলাৰ শৰীৰচৰ্চাৰ পাৰ্থক্য আছে নেকি ? দৈনিক কিমান সময় শৰীৰচৰ্চা কৰিব লাগে ? Intermittent Fasting ভাল নে বেয়া ? এই সন্দৰ্ভত জনালে শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাই ৷

Published : July 30, 2024 at 8:18 PM IST
বৰ্তমান সময়ত প্ৰতিগৰাকী লোক শৰীৰচৰ্চাৰ প্ৰতি আগ্ৰহী ৷ প্ৰতিগৰাকী লোকেই নিজকে সুস্থ কৰি ৰাখিবলৈ শৰীৰচৰ্চা কৰা পৰিলক্ষিত হয় ৷
পুৰুষ আৰু মহিলাৰ শৰীৰচৰ্চাৰ পাৰ্থক্য আছে নেকি ?
পুৰুষ আৰু মহিলা উভয়ে শৰীৰচৰ্চা কৰিব লাগে ৷ পুৰুষ মহিলা উভয়ৰে শৰীৰচর্চাৰ প্ৰণালী একেই ৷ কেৱল খাদ্যাভ্যাসটো অকণমান সলনি হয় ৷ পুৰুষৰ তুলনাত মহিলাসকলে অকণমান কম খাদ্য গ্ৰহণ কৰে ৷ পুৰুষতকৈ মহিলাসকলে যিমান পাৰে বেছিকৈহে শৰীৰচর্চা কৰিব লাগে ৷
মেদবহুলতা বা চৰ্বি হ্ৰাস কৰা আৰু ওজন হ্ৰাস কৰাৰ মাজত পাৰ্থক্য কি ?
ওজন হ্ৰাসৰ ধাৰণাটো এটা ভ্ৰান্ত ধাৰণা ৷ ওজন হ্ৰাস মানেই চৰ্বি হ্ৰাস কৰা নহয় ৷ ওজন হ্ৰাস কৰা মানে মাছ'লছ হ্ৰাস কৰা বুজাই আচলতে ৷ বেচি মাছ'লছ থকা মানুহে বেছি চৰ্বিও হ্ৰাস কৰিব পাৰে ৷ এগৰাকী মানুহৰ ন্যূনতম ১৫-২০% ফেট থাকিলে ভাল ৷ বহুক্ষেত্ৰত এগৰাকী মানুহে ওজন হ্ৰাস কৰিবলৈ মাছ'লছ হ্ৰাস কৰা পৰিলক্ষিত হয় ৷ ফেট কিন্তু ঠাইতে ৰৈ যায় ৷ তেনে কৰাৰ বাবে মানুহগৰাকী দেখিবলৈ বেয়া হৈ যায় ৷ সেয়ে মানুহে সদায় ওজনৰ সলনি চৰ্বি হ্ৰাস কৰাতহে গুৰুত্ব দিব লাগে ৷
এগৰাকী লোকে ন্যূনতম কিমান সময় শৰীৰচর্চা কৰিব লাগে ?
প্ৰতিগৰাকী লোকৰ বাবে শৰীৰচর্চাটো অতি প্ৰয়োজন ৷ নিজকে সুস্থ কৰি ৰাখিবলৈ দৈনিক শৰীৰচৰ্চা কৰিব লাগে ৷ এগৰাকী লোকে দৈনিক ১ ঘণ্টা সময় শৰীৰচর্চা কৰাটো খুবেই প্ৰয়োজনীয় ৷
Intermittent fasting কৰাটো উপকাৰী নে অপকাৰী ?
বহুত আগৰে পৰা এই intermittent fasting চলি আহিছে ৷ আজিৰে পৰা যদি হাজাৰ বছৰ পূৰ্বলৈ উভতি যাওঁ তেন্তে সেই সময়ৰ মানুহে সন্ধিয়াই খাদ্য গ্ৰহণ কৰি সোনকালে শুই যায় ৷ কিন্তু এতিয়া মানুহৰ জীৱনশৈলী সলনি হৈছে ৷ সেয়ে নিজৰ জীৱনশৈলীৰ লগত খাদ্যাভ্যাস মিলাব লাগে ৷
জিম কৰিলেও হাৰ্ট এটেক বা ষ্ট্ৰ’ক আহিব পাৰে নেকি ?
যেতিয়া এজন মানুহৰ জীৱনশৈলী বহুত আৰামদায়ক আৰু সেই মানুহজন যেতিয়া জিমলৈ আহে তেতিয়া তেওঁ বহুত শৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হয় ৷ আৰামদায়ক জীৱনৰ বাবে তেওঁলোকৰ হাৰ্টতো বহুত দুৰ্বল হৈ যায়, যাৰ ফলত তেওঁলোকে জিমলৈ আহি বেছি কষ্ট কৰিব লগা বা শৰীৰক পৰিশ্ৰম কৰিব লগা বাবে তেওঁলোকৰ হাৰ্ট এটেক বা ষ্ট্ৰক হোৱা দেখা যায় ৷

