ETV Bharat / health

খাবলৈ সুস্বাদু হোৱাৰ লগতে আপোনাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী কাজুবাদাম

Soaked Cashew: আমাৰ মাজৰ বহুতে কাজু খাই ভাল পাই ৷ নাপাবনো কি এই শুকান ফলবিধ হয়েই ইমান সুস্বাদু ৷ কিন্তু আপুনি জানেনে যে এই শুকান ফলবিধ খাবলৈ সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ পক্ষেও সমানে লাভদায়ক ৷ কিন্তু কেনেকৈ খালে ই আমাৰ স্বাস্থ্যৰ পক্ষে লাভদায়ক হ’ব জানো আহক-

Soaked cashews are not only beneficial for digestion but also good for the skin
খাবলৈ সুস্বাদু হোৱাৰ লগতে আপোনাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী কাজুবাদাম
author img

By ETV Bharat Assamese Team

Published : March 17, 2024 at 3:51 PM IST

3 Min Read
Choose ETV Bharat

কাজু এনে এবিধ শুকান ফল যিটো খাবলৈ অতি সোৱাদযুক্ত ৷ ইয়াৰ উপৰিও ইয়াক বহু ধৰণৰ মিঠাই প্ৰস্তুত কৰোঁতে আৰু স্নেক হিচাপে ব্যৱহাৰ কৰা হয় ৷ বহু পুষ্টিকৰ গুণেৰে সমৃদ্ধ হোৱাৰ বাবে ইয়াক খালে আমাৰ শৰীৰে বহু উপকাৰিতা লাভ কৰে৷ ইয়াত পলিফিনল আৰু কেৰটিনয়ডৰ দৰে এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যক উন্নত কৰাত সহায় কৰে ৷

কাঠবাদাম আদি শুকান ফলৰ দৰে তিয়াই থোৱা কাজু খোৱাটোও উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াৰ লগতে তিয়াই থোৱা কাজুত শুকান কাজুতকৈ অধিক আঁহ থাকে, যিটো আমাৰ পাচনতন্ত্ৰৰ বাবে উপকাৰী আৰু কোষ্ঠকাঠিন্যৰ সমস্যা ৰোধ কৰে ৷ তিয়াই থোৱা কাজু বাদাম খালে আমি কি কি উপকাৰ পাব পাৰো জানো ৷

  • পাচন শক্তি বৃদ্ধি পায়

কাজুত ভাল পৰিমাণৰ ফাইটিক এচিড থাকে, যাৰ বাবে ইয়াক সকলোৱে সহজে হজম কৰিব নোৱাৰে ৷ এনে পৰিস্থিতিত কাজু তিয়াই থোৱাৰ পিছত খালে ইয়াত থকা ফাইটিক এচিড কমি যায় বা নাইকিয়া হয়, আৰু ই সহজে হজম হয় ৷ এই এচিডে পেটৰ লগত জড়িত বহুতো সমস্যাও সৃষ্টি কৰিব পাৰে ৷ সেয়েহে তিয়াই খোৱাটো এটা উত্তম বিকল্প ৷

  • হাড়বোৰ শক্তিশালী হৈ পৰে

কেলচিয়াম , আইৰণ, ফাইবাৰ আৰু মেগনেছিয়ামৰ দৰে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কাজু তিয়াই আমাৰ শৰীৰে এই পুষ্টিকৰ উপাদানসমূহ সহজে শোষণ কৰিবলৈ সক্ষম হয় ৷ হাড়ক মজবুত কৰি ৰখাৰ লগতে অষ্টিঅ’পৰ’ছিছৰ দৰে হাড়ৰ লগত জড়িত ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে ৷

  • ৰোগ প্ৰতিৰোধ ক্ষমতা হৈ পৰে অধিক শক্তিশালী

কাজুত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন ই থাকে, যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷

  • ছালৰ বাবে উপকাৰী

কাজু বাদামত থকা ভিটামিন-ই, জিংক আৰু চেলেনিয়ামে আমাৰ ছালৰ স্বাস্থ্য সুস্থ কৰি ৰাখে ৷ ই কলাজেন উৎপাদনত সহায় কৰি ছালখনক দীৰ্ঘদিন ধৰি ডেকা আৰু উজ্জ্বল কৰি ৰাখে ৷

  • পুষ্টিকৰ পদাৰ্থ শোষণ

এন্টিঅক্সিডেন্ট, ভিটামিন আৰু বহুতো খনিজ পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কাজু বাদাম তিয়াই দিলে আমাৰ শৰীৰত ইয়াৰ শোষণ ক্ষমতা বৃদ্ধি পায় ৷

  • মগজুৰ বাবে উপকাৰী

তিয়াই থোৱা কাজু খালে আমাৰ মগজুৰ স্বাস্থ্য বৃদ্ধি পায়, যাৰ ফলত বয়স বৃদ্ধিৰ লগে লগে পাহৰি যোৱাৰ সম্ভাৱনা কমি যায় ৷ ইয়াত থকা এন্টিঅক্সিডেন্টে ফ্ৰী ৰেডিকেলৰ ক্ষতি হ্ৰাস কৰে, যাৰ ফলত মগজুৰ কোষবোৰ সুস্থ হৈ থাকে ৷

লগতে পঢ়ক: কোষ্ঠকাঠিন্য-গেষ্ট্ৰিকৰ সমস্যা হ’ব দূৰ মাত্ৰ আপোনাৰ খাদ্যৰ অংশ কৰি লওক এইবিধ পানীয়ক