ETV Bharat / health

স্মাৰ্টফোনে বৃদ্ধি কৰে মূৰৰ বিষ-মাইগ্ৰেইনৰ সমস্যা : প্ৰতিৰোধৰ বাবে অনুসৰণ কৰক এই টিপছসমূহ - Side Effects Of Smartphone

Side effects of smartphone: আজিৰ দিনত স্মাৰ্টফোন অবিহনে জীৱন আধৰুৱা হৈ পৰিছে ৷ প্ৰায় সকলো ক্ষেত্ৰতে আমাক স্মাৰ্টফোনৰ প্ৰয়োজন হয় ৷ কিন্তু আপুনি জানেনে যে আমাৰ দৈনন্দিত জীৱনৰ স্মাৰ্টফোন আমাৰ স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক ? আজি জানি লওক ইয়াৰ পৰা হ’ব পৰা লোকচানসমূহ-

smartphone overuse
স্মাৰ্টফোনে বৃদ্ধি কৰে মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা; প্ৰতিৰোধৰ বাবে অনুসৰণ কৰক এই টিপছসমূহ (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : June 28, 2024 at 3:04 PM IST

3 Min Read
Choose ETV Bharat

স্মাৰ্টফোন আজি আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে ৷ ই আমাৰ জীৱনটো সহজ কৰি তুলিছে ৷ মোবাইলৰ সহায়ত আজি আমি ঘৰতে বহি বহু কাম কৰিব পাৰিছো ৷ বজাৰ কৰাৰ পৰা আৰম্ভ কৰি বেংকিংলৈকে সকলো কাম মানুহে স্মাৰ্টফোনৰ জৰিয়তে কৰে ৷ একে সময়তে কথা পতাৰ লগতে একাংশই চিনেমা আৰু ক্ৰিকেট খেল চোৱাৰ বাবেও ব্যৱহাৰ কৰে ৷

smartphone overuse
স্মাৰ্টফোনে বৃদ্ধি কৰে মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা; প্ৰতিৰোধৰ বাবে অনুসৰণ কৰক এই টিপছসমূহ (FREEPIK)

আজিৰ দিনত মানুহে বেছিভাগ সময় মোবাইলত কটাই বুলি ক’লেও ভুল নহ’ব ৷ কিন্তু অত্যধিক ফোন ব্যৱহাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰে বহু শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে, যিটো এক চিন্তাৰ বিষয় ৷

স্মাৰ্টফোনৰ অসুবিধাসমূহ

স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত তীব্ৰ মূৰৰ বিষ হ’ব পাৰে কাৰণ বহুতে ম’বাইল ফোন চাই দিনটো কটাই আৰু ম’বাইল স্ক্ৰীণত চাই বহু সময় কটোৱাৰ ফলত চকুত বিষ হ’বলৈ ধৰে আৰু তাৰ পিচত মূৰৰ বিষৰ হয় ৷ ইয়াৰ উপৰিও ম’বাইলৰ অত্যধিক ব্যৱহাৰৰ ফলত ডিঙিৰ বিষ, চকু টানি ধৰা, মাইগ্ৰেইন, মূৰ ঘূৰোৱা আদি সমস্যাও হ’ব পাৰে ৷

smartphone overuse
স্মাৰ্টফোনে বৃদ্ধি কৰে মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা; প্ৰতিৰোধৰ বাবে অনুসৰণ কৰক এই টিপছসমূহ (FREEPIK)

প্ৰতিৰোধৰ পদ্ধতি কি কি ?

স্মাৰ্টফোনৰ দ্বাৰা সৃষ্টি হোৱা এই সমস্যাসমূহ দূৰ কৰাৰ কিছুমান সহজ টিপছ অনুসৰণ কৰি আপুনি আপোনাৰ এই সমস্যাৰ সমাধান কৰিব পাৰিব ৷ যদি স্মাৰ্টফোনৰ বাবে আপোনাৰ মূৰৰ বিষৰ সমস্যা হয়, তেন্তে আপুনি আপোনাৰ ফোনটোৰ স্ক্ৰীণ টাইম সীমিত কৰক ৷ ইয়াৰ বাহিৰেও স্মাৰ্টফোনটো অবিৰতভাৱে ব্যৱহাৰ নকৰিব, বৰঞ্চ মাজতে বিৰতি লৈ থাকিব ৷

মোবাইলত বেছি চিনেমা, শ্ব’ বা ক্ৰিকেট মেচ নাচাবলৈ চেষ্টা কৰক ৷ ই মূৰৰ বিষৰ প্ৰধান কাৰণ হৈ পৰে ৷ কিছুমানে চকুৰ ওচৰত ৰাখি ফোনটো ব্যৱহাৰ কৰে ৷ ইয়াৰ ফলত চকু দুৰ্বল হৈ পৰে আৰু তীব্ৰ মূৰৰ বিষ হয় ৷ পৰাপক্ষত চকুৰ পৰা আঁতৰত ৰাখি ফোনটো ব্যৱহাৰ কৰিব লাগে ৷

smartphone overuse
স্মাৰ্টফোনে বৃদ্ধি কৰে মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা; প্ৰতিৰোধৰ বাবে অনুসৰণ কৰক এই টিপছসমূহ (FREEPIK)

শুবলৈ যোৱাৰ আগতে ফোন ব্যৱহাৰ নকৰিব

প্ৰায়ে মানুহে ৰাতি শুবলৈ যোৱাৰ আগতে ফোনটো ব্যৱহাৰ কৰে ৷ এনে কৰিলে টোপনিৰ সমস্যা হ’ব পাৰে ৷ নিদ্ৰাহীনতাৰ পৰা হাত সাৰিবলৈ ৰাতি শুবলৈ যোৱাৰ ২ৰ পৰা ৩ ঘণ্টাৰ আগতে ফোনটো ব্যৱহাৰ কৰা বন্ধ কৰাটো জৰুৰী ৷ কেৱল এয়াই নহয়, শুবলৈ যোৱাৰ সময়ত ফোনটো আপোনাৰ পৰা আঁতৰত ৰাখক ৷ কাৰণ ম’বাইল ফোনৰ ৰেডিয়েশ্বনৰ ফলত আমাৰ মগজুৰ সৈতে জড়িত বিভিন্ন ৰোগৰ সৃষ্টি হ’ব পাৰে ৷

স্মাৰ্টফোনত অবিৰতভাৱে চিনেমা চোৱা পৰিহাৰ কৰক আৰু মাজে মাজে চকু পৰিষ্কাৰ কৰক ৷ চকুৰ টান কম কৰিবলৈ ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ ফলত চকুৰ পেশীবোৰ শিথিল হয় আৰু আপোনাৰ চকুযুৰিয়ে আৰাম পায় ৷

লগতে পঢ়ক: আপোনাৰ ফোনটো হেক হোৱাৰ পৰা কেনেকৈ বচাই ৰাখিব ? - how to protect mobile phone