ETV Bharat / health

আপুনি কমকৈ শুৱে নেকি ? তেন্তে সাৱধান!

আপুনি কমকৈ শুৱে নেকি ? ৰাতি টোপনি নাহে নেকি ? এই স্বভাৱৰ বাবে আপুনি যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’ব পাৰে জানেনে ? সবিশেষ পঢ়ক-

Sleep and Cancer: Exploring the Connection Between Lack of Sleep and Cancer Risk
আপুনি কমকৈ শুৱে নেকি ? তেন্তে সাৱধান! (ETV Bharat)
author img

By ETV Bharat Health Team

Published : February 13, 2025 at 5:22 PM IST

4 Min Read
Choose ETV Bharat

সুস্থ হৈ থাকিবলৈ ভাল টোপনি অতি প্ৰয়োজনীয় । স্বাস্থ্যসন্মত খাদ্য কেৱল ভাল জীৱনশৈলীৰ বাবেই প্ৰয়োজনীয় নহয়, তাৰ লগতে পৰ্যাপ্ত টোপনিৰো প্ৰয়োজন হয় । সুস্থ হৈ থাকিবলৈ আমাক টোপনিৰ অতি প্ৰয়োজন ।

আধুনিক জীৱনশৈলীৰ বাবে আজিকালি অধিকাংশ লোকৰেই পৰ্যাপ্ত টোপনিত বাধাৰ সৃষ্টি হয় ৷ কিন্তু এই স্বভাৱৰ বাবে আপুনি যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’ব পাৰে জানেনে ? হয়, পৰ্যাপ্ত টোপনিৰ অভাৱৰ বাবে আপুনি কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ বহু অধ্যয়নত ইতিমধ্যে প্ৰমাণ হৈছে যে টোপনিৰ মানদণ্ড আৰু কৰ্কট ৰোগৰ মাজত গভীৰ সম্পৰ্ক আছে ৷ পৰ্যাপ্ত তথা ভাল মানদণ্ডৰ টোপনিৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয় ৷ আনহাতে, টোপনিৰ অভাৱ বা অত্যধিক টোপনিৰ ফলত বিভিন্ন স্বাস্থ্য সমস্যা হ'ব পাৰে ৷

বিশেষজ্ঞসকলৰ মতে, পৰ্যাপ্ত টোপনিৰ অভাৱে শৰীৰৰ কোষৰ ডিএনএ ক্ষতিগ্ৰস্ত কৰিব পাৰে, যাৰ ফলত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয় ৷ যদি আমি নিশা পলমকৈ শুই পুৱা সোনকালে উঠো অৰ্থাৎ ৫ ঘণ্টাতকৈ কম সময় টোপনি গ্ৰহণ কৰো, তেতিয়া মেলাটোনিন নামৰ হৰমনৰ স্তৰ হ্ৰাস হ'ব পাৰে ৷ এই মেলাটোনিন হৰমনৰ স্তৰ হ্ৰাস হোৱাৰ ফলত কৰ্কট কোষৰ বিকাশ বৃদ্ধি হয় ৷ গৱেষণাত প্ৰমাণ হৈছে যে গোটেই নিশা কাম কৰি দিনত শুই থকা লোকসকলৰ কৰ্কট ৰোগৰ আক্ৰান্ত হোৱাৰ আশংকা অধিক ৷

এই সন্দৰ্ভত বিশেষজ্ঞই কয় যে, ভাল টোপনি সুস্থ জীৱনৰ মুলমন্ত্ৰ, কিন্তু বৰ্তমান ব্যস্ততাৰে ভৰা এই জীৱনত বহুলোক টোপনিৰ সমস্যাত ভুগিবলৈ ধৰিছে ​​যাৰ ফলত টোপনিৰ সৈতে জড়িত এই সমস্যাসমূহ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । টোপনিৰ গুৰুত্বও বিভিন্ন মানুহৰ বাবে বহুত বেলেগ । হতাশা অৱসাদত ভোগা ব্যক্তিৰ বাবে টোপনিয়ে তেওঁক তেওঁৰ অপৰ্যাপ্ততা, অক্ষমতাৰ কথা মনত পেলাই দিয়ে । একে সময়তে ভাৱনাত্মক দিশত আৱদ্ধ হৈ থকাৰ বাবে আৰামত শুবলৈ অসুবিধা হয় । এনে পৰিস্থিতিত পিছৰ দিনা ভাগৰুৱা অনুভৱ হয়, যাৰ ফলত কামত প্ৰভাৱ পৰে ।

টোপনিৰ অভাৱৰ ফলত কোন প্ৰকাৰৰ কৰ্কট ৰোগৰ বিপদাশংকা অধিক ?

মহিলাৰ ক্ষেত্ৰত মেলাটোনিন হৰমনৰ অভাৱৰ ফলত স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে ৷ পুৰুষৰ ক্ষেত্ৰত, নিম্ন স্তৰৰ মেলাটোনিনে প্ৰষ্টেট কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ৷ আনহাতে, কম টোপনিয়ে পাচন তন্ত্ৰ প্ৰভাৱিত কৰে, যাৰ ফলত অন্ত্ৰৰ কৰ্কট ৰোগ হ'ব পাৰে ৷ টোপনিৰ অভাৱৰ ফলত শৰীৰত প্ৰদাহ বৃদ্ধি হয়, যিয়ে হাঁওফাঁও প্ৰভাৱিত কৰিব পাৰে ৷

অত্যধিক টোপনিয়েও কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে নেকি ?

অত্যধিক টোপনি (৯-১০ ঘণ্টাতকৈ অধিক)যোৱাটোও স্বাস্থ্যৰ বাবে ভাল নহয় ৷ কেতবোৰ গৱেষণাত প্ৰমাণ হৈছে যে অত্যধিক টোপনিয়ে মেদবহুলতা, মধুমেহ আৰু হৃদৰোগ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয় ৷ অত্যধিক টোপনি গ'লে শৰীৰত প্ৰদাহ বৃদ্ধি হয়, যিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে ৷

কৰ্কট ৰোগ পৰিহাৰ কৰিবলৈ সঠিক টোপনি কেনেদৰে প্ৰাপ্ত কৰিব ?

সদায ৭-৮ ঘণ্টা গভীৰ টোপনি প্ৰাপ্ত কৰিব ৷ ৰাতি শোৱা আৰু পুৱা উঠাৰ সময় একে ৰাখিব ৷ পৰাপক্ষত ৰাতি সোনকালে শুবলৈ আৰু পুৱা সোনকালে উঠিবলৈ চেষ্টা কৰিব ৷ শোৱাৰ ১ঘণ্টাৰ আগতে ম'বাইল ফোন, লেপটপ আৰু টিভিৰ পৰা দূৰ হ'ব ৷ তদুপৰি, কম পোহৰত শুবলৈ অভ্যস্ত হওঁক যাতে শৰীৰত মেলাটোনিন হ’ৰম’ন সঠিকভাৱে প্ৰস্তুত হয় ৷ কেফেইন আৰু অত্যধিক ভজা খাদ্য পৰিহাৰ কৰিব, বিশেষকৈ নিশা ৷ টোপনিৰ মানদণ্ড উন্নত কৰিবলৈ দৈনিক ব্যায়াম কৰক আৰু যোগাভ্যাস কৰিব ৷

উৎস:- https://pmc.ncbi.nlm.nih.gov/articles/PMC6249821/

https://www.cancer.org/cancer/risk-prevention/diet-physical-activity/sleep.html#:~:text=Short%20sleep%20may%20be%20linked,colorectal%20and%20lung%20cancer%20risk.

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. ধঁপাত সেৱনে কিদৰে বৃদ্ধি কৰে কেন্সাৰৰ আশংকা ?
  2. লাম্পি ছালৰ ৰোগৰ বাবে নিৰ্মিত বিশ্বৰ প্ৰথমটো ভেক্সিন 'বায়’লাম্পিভেক্সিন' লৈ CDSCOৰ অনুজ্ঞাপত্ৰ
  3. আৰ্ছেনিকযুক্ত পানীয়ে গল-ব্লাডাৰত সৃষ্টি কৰিব পাৰে কৰ্কট ৰোগৰ : গৱেষণাৰ তথ্য