গজালি ওলোৱা আলু খোৱাটো উপকাৰী নে অপকাৰী ? - side effects of sprouted potato
Sprouted Potato side effects : আলু দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ কৰি ৰাখিলে গজালি ওলায় । কিছুমানে গজালি ওলোৱা আলুৰ গজালি অংশ কাটি ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰে । গজালি ওলোৱা আলু খোৱাটো স্বাস্থ্যৰ বাবে ভাল নে বেয়া জানো আহক ৷

Published : July 15, 2024 at 12:24 PM IST
সকলোৱে জানে আলু বহুদিন ৰাখি থৈ দিলে গজালি ওলায় । কিছুমানে গজালি কাটি এনে আলু ৰন্ধা-বঢ়া কাৰ্যত ব্যৱহাৰ কৰে । আপুনিও এইদৰে গজালি ওলোৱা আলু খাই আছে নেকি ? বিশেষজ্ঞসকলে কয় এনে আলু ক্ষতিকাৰক হ’ব পাৰে । গজালি ওলোৱা আলু খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয় । গজালি ওলোৱা আলু খোৱাৰ ফলত কি কি স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে জানি লওক -
গজালি ওলোৱা আলুত থাকে বিষাক্ত যৌগ :
বিশেষজ্ঞসকলে ৰন্ধা-বঢ়াত গজালি ওলোৱা আলু বা সেউজীয়া আলু ব্যৱহাৰ নকৰাটো ভাল বুলি মত প্ৰকাশ কৰিছে । তেওঁলোকে কয় যে গজালি ওলোৱা আলুৰ পুষ্টিকৰ মূল্য হ্ৰাস পায় । ইয়াৰ উপৰিও এনে আলুত গ্লাইক’এলকেলয়ড নামৰ কিছুমান বিষাক্ত যৌগও গঠন হয়, যাৰ ফলত খাদ্যত বিষক্ৰিয়া হয় । লগতে বিশেষজ্ঞই কয় যে গজালি ওলোৱা আলুত ছ’লানিনৰ মাত্ৰা বৃদ্ধি পায়, যিটো স্বাস্থ্যৰ বাবে ভাল নহয় ।
কোষ্ঠকাঠিন্যৰ অভিযোগ :
গজালি ওলোৱা আলুৰ ওপৰত বহুতো গৱেষণা কৰা হৈছে । গজালি ওলোৱা আলু খালে বমি, ডায়েৰিয়া, পেটৰ বিষ আদি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে । ২০০২ চনত ‘ফুড এণ্ড কেমিকেল টক্সিক’লজী’ নামৰ আলোচনীখনত প্ৰকাশিত এক গৱেষণাৰ মতে গৱেষকসকলে গজালি ওলোৱা আলু খোৱা লোকসকলৰ ক্ষেত্ৰত ছ’লানিনৰ মাত্ৰা যথেষ্ট বৃদ্ধি পোৱা দেখা পাইছিল আৰু লগতে বমি, ডায়েৰিয়া আৰু পেটৰ বিষ আদি লক্ষণো তেওঁলোকে দেখিছিল । আয়াৰলেণ্ডৰ ডাবলিন বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজৰ ফাৰ্মাক’লজী আৰু থেৰাপিউটিক্সৰ অধ্যাপক ডাঃ ডেনিছ জে আৰ মেকঅলিফ এই গৱেষণাৰ সৈতে জড়িত আছিল ।
ডায়েবেটিক ৰোগীয়ে গজালি ওলোৱা আলু খালে কি হয় :
বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে ডায়েবেটিক ৰোগীয়ে গজালি ওলোৱা আলু খাব নালাগে । কিয়নো যেতিয়া আলুৰ গজালি ওলাই, সেইবোৰত থকা শ্বেতসাৰৰ পৰিমাণ চেনীলৈ পৰিৱৰ্তিত হয় । ই গ্লাইচেমিক সূচক বৃদ্ধি কৰে । সতেজ আলুতকৈ গজালি ওলোৱা আলু খোৱাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি হয় । সেয়েহে, ডায়েবেটিক ৰোগীসকলক গজালি ওলোৱা আলু নাখাবলৈ পৰামৰ্শ দিয়া হয় ।
আলুৰ গজালি ওলোৱা পৰিহাৰ কৰিবলৈ কি কৰিব পাৰি :
বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে আলু শুকান, শীতল, আন্ধাৰ ঠাইত ৰাখিব লাগে । লগতে, আলু পিঁয়াজৰ পৰা আঁতৰত ৰাখিব লাগে । যদি আপুনি গজালি ওলোৱা আলু খাব লগা হয়, তেন্তে আলুৰ গজালি আঁতৰাই ভালদৰে ধুই ৰান্ধিব ৷ লগতে তেনে আলু সঠিক পৰিমাণত উতলাই সিজাবলৈ বিশেষজ্ঞই পৰামৰ্শ দিয়ে ।
লগতে পঢ়ক : বৰষুণৰ বতৰত দৈ খোৱাটো ক্ষতিকাৰক নেকি ? - is it fine to eat curd in monsoon

