ETV Bharat / health

স্বাস্থ্যৰ বাবে অতি উপকাৰী তিল-গুড়; আজিয়েই জানি লওক ইয়াৰ উপকাৰিতা - Sesame seeds and jaggery

Sesame seeds and jaggery benefits: আপুনি জানেনে যে তিল আৰু গুড়ৰ পৰা তৈয়াৰী ব্যঞ্জন সেৱন কৰিলে বিশেষকৈ শীতকালত শৰীৰৰ বাবে বহু উপকাৰিতা সাধন হয় ? বিশেষজ্ঞ আৰু চিকিৎসকৰ মতে, বিশেষকৈ শীতকালত নিয়ন্ত্ৰিত পৰিমাণত তিল আৰু গুড় সেৱন কৰিলে আপোনাৰক স্বাস্থ্যৰ পক্ষে উপকাৰী হ’ব পাৰে ।

Sesame seeds and jaggery are both highly beneficial for your health
স্বাস্থ্যৰ বাবে অতি উপকাৰী তিল-গুড়; নিজেও খাওক আৰু আনকো খুৱাওক
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 8:36 PM IST

3 Min Read
Choose ETV Bharat

যদিও উৎসৱৰ সময়ত তিল, গুড় আৰু চাউল ব্যৱহাৰ কৰাটো ধৰ্মীয় পৰম্পৰাৰ অংশ বুলি গণ্য কৰা হয়, কিন্তু বিশেষজ্ঞসকলৰ মতে এই পৰম্পৰা স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷ আয়ুৰ্বেদিক চিকিৎসক আৰু খাদ্য বিশেষজ্ঞৰ মতে, শীতকালত এইবোৰ সেৱন কৰিলে সুস্বাস্থ্য বজাই ৰখাত সহায় হোৱাই নহয়, বহু সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা পোৱাটো সহায় কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আয়ুৰ্বেদে কি কয় ?

পুৰণি দিল্লীৰ আৰোগ্যম আয়ুৰ্বেদিক কেন্দ্ৰৰ চিকিৎসক ডাঃ ৰমেশ আৰ্য্যই কৈছে যে, তিল আৰু গুড় দুয়োটাৰে উষ্ণতা গুণ আছে আৰু দুয়োটাতে বহু ধৰণৰ পুষ্টিকৰ উপাদান আৰু ঔষধি গুণ থাকে ৷ যিয়ে কেৱল শীতকালত শৰীৰক প্ৰাকৃতিকভাৱে উষ্ণ কৰি ৰখাই নহয় বহু ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে ৷

তেওঁ কয় যে, তিল আৰু গুড় একেলগে সেৱন কৰিলে ইয়াৰ উপকাৰিতা আৰু অধিক বৃদ্ধি পায় ৷ এই খাদ্য সেৱনে কেৱল স্বাস্থ্য আৰু সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, শৰীৰৰ বিপাকীয় ক্ৰিয়াও উন্নত কৰে ৷ যাৰ বাবে চৰ্দি, কাহ, ফ্লুৰ দৰে ঋতুভিত্তিক সংক্ৰমণৰ আশংকা কম হোৱাই নহয়, আন বহুতো কম-বেছি পৰিমাণে গুৰুতৰ সমস্যা আৰু ৰোগৰ আশংকাও কমি যায় ৷ তেওঁ কয় যে শীতকালত দৈনিক তিল আৰু গুড়ৰ সাধাৰণ লাড়ু খোৱাটো অতি উপকাৰী হ’ব পাৰে ৷

তিল আৰু গুড়ৰ পুষ্টি আৰু উপকাৰিতা

ইফালে, নতুন দিল্লীৰ পুষ্টিবিদ ডাঃ দিব্য শৰ্মাই কয় যে, তিলত আইৰণ, প্ৰটিন, ভিটামিন (ভিটামিন বি ১, থাইয়ামিন, নিয়াচিন, ফলিক এচিড, পাইৰিডক্সিন আৰু ৰাইবোফ্লেভিন), ওমেগা ৩, কাৰ্বহাইড্ৰেট, কেলচিয়াম, কপাৰ, জিংক, মেগনেছিয়াম, মলিবডিনাম, চেলেনিয়াম, ডায়েটাৰী ফাইবাৰ আৰু লগতে এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যিয়ে হাড় আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে আৰু বহু ৰোগৰ পৰা ৰক্ষা কৰে, শ্বাস-প্ৰশ্বাসৰ স্বাস্থ্য ভাল কৰি ৰাখে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে, হজম প্ৰক্ৰিয়া সঠিকভাৱে ৰাখে, শৰীৰত আইৰণৰ অভাৱ দূৰ কৰে, চুলি আৰু ছাল সুস্থ কৰি ৰাখে ৷ সৌন্দৰ্য বজাই ৰখা আৰু বিপাকীয় ক্ৰিয়া সুস্থ কৰি ৰখাত বহুত সহায় কৰে ৷

  • ইয়াৰ উপৰিও চেচেমিন নামৰ এবিধ বিশেষ এন্টিঅক্সিডেন্টো তিলত পোৱা যায় যিয়ে কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷ কিন্তু ইয়াত এইটোও মনত ৰখাটো জৰুৰী যে তিল সঠিক সংমিশ্ৰণত আৰু কেৱল নিয়ন্ত্ৰিত পৰিমাণত সেৱন কৰিব লাগে ৷
  • যদি আমি গুড়ৰ পুষ্টি আৰু উপকাৰিতাৰ কথা কওঁ, তেন্তে গুৰত কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম, ফলিক এচিড আৰু আইৰণ আদি পুষ্টিকৰ উপাদান পোৱা যায় ৷ যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ একে সময়তে ইয়াৰ উষ্ণ প্ৰকৃতিয়ে শীতকালত স্বাস্থ্যৰ বাবে বহু উপকাৰিতা সাধন কৰে ৷ সেইবাবেই ইয়াক শীতকালৰ ছুপাৰ ফুড বুলিও কোৱা হয় ৷
  • শীতকালত তিল আৰু গুড়ৰ পৰা তৈয়াৰী খাদ্যই ইটোৱে-আনটোৰ গুণ বৃদ্ধি কৰে, যাৰ ফলত স্বাস্থ্যৰ বাবে বহু উপকাৰিতা সাধন হয় ৷ কিন্তু এই দুবিধ খাদ্য পৰা কেৱল সুফল পাবলৈ হ’লে নিয়ন্ত্ৰিত পৰিমাণত সেৱন কৰাটো অতি প্ৰয়োজনীয় ৷
  • একে সময়তে কিছুমান পৰিস্থিতিত এইবোৰ সেৱন কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ ডায়েবেটিছ ৰোগীয়ে গুৰ সেৱন কৰিব নালাগে কাৰণ গুৰৰ গ্লাইচেমিক ইনডেক্স অতি বেছি যাৰ বাবে ডায়েবেটিছ ৰোগীৰ ক্ষতি হ’ব পাৰে বুলি গণ্য কৰা হয় ৷
লগতে পঢ়ক: আপুনি এগৰাকী ডায়েবেটিছ ৰোগী আৰু মিঠা খাদ্য ভালপায় নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে