ETV Bharat / health

কেমোথেৰাপিৰ সময়ত দেখা দিয়ে এই ৫টা গুৰুতৰ পাৰ্শ্বক্ৰিয়া : যাৰ ফলত হিনা খানে হেৰুৱালে নিজৰ চুলি - Chemotherapy

Chemotherapy Side Effects: কেমোথেৰাপিৰ পিচত শৰীৰত বিভিন্ন পাৰ্শ্বক্ৰিয়া দেখা দিবলৈ আৰম্ভ কৰে । ইয়াৰ বাবেই শেহতীয়াকৈ হিনা খানে নিজৰ চুলি কটাবলগীয়া হৈছিল । কেমোথেৰাপিৰ পিচত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়াই দেখা দিয়ে জানো আহক-

These 5 serious side effects are seen during chemotherapy, Hina Khan got her head shaved
কেমোথেৰাপিৰ সময়ত দেখা দিয়ে এই ৫টা গুৰুতৰ পাৰ্শ্বক্ৰিয়া, যাৰ ফলত হিনা খানে হেৰুওৱালে নিজৰ চুলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 31, 2024 at 4:20 PM IST

2 Min Read
Choose ETV Bharat

স্তন কেন্সাৰৰ তৃতীয় পৰ্যায়ত আছে জনপ্ৰিয় টেলিভিছন তাৰকা হিনা খান ৷ শেহতীয়াকৈ তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল ৷ ইয়াৰ পিচত তেওঁৰ কেমোথেৰাপি কৰিব লগা হয় ৷ শৰীৰৰ পৰা কেন্সাৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ এইটো অতি প্ৰয়োজনীয় ৷ কিন্তু ইয়াৰ বহু পাৰ্শ্বক্ৰিয়াও আছে ৷

কেমোথেৰাপি কেনেধৰণৰ প্ৰক্ৰিয়া ?

চিকিৎসকৰ মতে, কেমোথেৰাপি ঔষধ এটি বিশেষ যন্ত্ৰৰ সহায়ত বেজীৰে বা বুকু তথা বাহুৰ শিৰাত দিয়া হয় ৷ কিছুমান কেমোথেৰাপি ঔষধ কেপচুল আৰু জেলৰ ৰূপত গ্ৰহণ কৰিব পাৰি ৷ ইয়াৰ পাৰ্শ্বক্ৰিয়া ব্যক্তিভেদে বেলেগ বেলেগ হ’ব পাৰে ৷ আজি জানো আহক কেমোথেৰাপিৰ পাৰ্শ্বক্ৰিয়াসমূহ-

ভাগৰ (Fatigue)

কেমোথেৰাপিৰ বাবে ভাগৰুৱা হোৱাটো সাধাৰণ কথা ৷ এয়া শাৰীৰিক আৰু মানসিক দুয়োটা হ’ব পাৰে ৷ দৈনন্দিন কাম-কাজৰ বাবেও শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ এই সময়ছোৱাত পৰ্যাপ্ত জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ ৷

চুলি সৰা (Alopecia)

কেমোথেৰাপিৰ অন্যতম পৰিচিত পাৰ্শ্বক্ৰিয়া হ’ল চুলি সৰা ৷ মূৰৰ চুলি, চেলাউৰি, চকুৰ পতা আৰু শৰীৰৰ চুলিকে ধৰি সকলো ধৰণৰ চুলিত ইয়াৰ প্ৰভাৱ পৰিব পাৰে ৷ কিন্তু এইটো সাময়িক আৰু চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিচত চুলি পুনৰ গজিব পাৰে ৷

বমি আৰু ওকট-পাকট লগা (Nausea and Vomiting)

কিছুমান কেমোথেৰাপি ঔষধে বমি আৰু ওকট-পাকট লগাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ এই পাৰ্শ্বক্ৰিয়াৰ ফলত খাদ্যৰ অভাৱ আৰু ডিহাইড্ৰেচন হ’ব পাৰে ৷ এই লক্ষণসমূহ কম কৰিবলৈ চিকিৎসকে প্ৰায়ে ঔষধ দিয়ে ৷

সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি (Increased Risk of Infection)

কেমোথেৰাপীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷ গতিকে কেমোথেৰাপিৰ সময়ত এজন ব্যক্তিয়ে বিশেষ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় ৷ সঘনাই হাত ধোৱা, ভিৰ থকা ঠাইৰ পৰা আঁতৰি থকা আৰু কেৱল চিকিৎসকে দিয়া ঔষধহে সেৱন কৰাটো প্ৰয়োজনীয় ৷

নিউৰ’পেথী (Neuropathy)

কিছুমান কেমোথেৰাপি ঔষধে স্নায়ুতন্ত্ৰৰ ক্ষতিসাধন কৰিব পাৰে, যাৰ ফলত হাত-ভৰি অজ্ঞান হৈ পৰা, জিনজিননি, বিষ বা দুৰ্বলতা আদি সমস্যা হ’ব পাৰে ৷ এই লক্ষণসমূহ সাময়িক হ’ব পাৰে, কিন্তু কিছুমান ক্ষেত্ৰত স্থায়ীও হ’ব পাৰে ৷

লগতে পঢ়ক: স্তনৰ কৰ্কট ৰোগ হ’লে মৃত্যুৰ সম্ভাৱনা কিমান বেছি ? জানি লওক চিকিৎসকৰ পৰা - Breast Cancer