Seizure Attack প্ৰকৃততে মৃগী ৰোগ নেকি ? কেনেকৈ হয় এই ৰোগ ?
বহুজনৰ মনত বৰ্তমান এই সময়ত প্ৰশ্ন উত্থাপন হৈ আছে যে এই seizure attack দৰাচলতে হয় কি ? মৃগী ৰোগৰ সৈতে ই একে নেকি ?

Published : September 25, 2025 at 7:16 PM IST
আজিকালি প্ৰতিজন ব্যক্তি কিবা নহয় কিবা ৰোগত আক্ৰান্ত ৷ আমি প্ৰতিটো ৰোগৰ বিষয়ে ভালদৰে জ্ঞাত নহয় ৷ বহুজনৰ মনত প্ৰশ্ন উত্থাপন হৈ থাকে যে এই seizure attack কি ? মৃগী ৰোগৰ সৈতে ই একে নেকি ?
মৃগীৰোগক Epilepsy বুলি কয় ৷ ই এক স্নায়ুজনিত ৰোগ, মস্তিষ্কৰ অস্বাভাৱিক অৱস্থাৰ পৰা এই ৰোগ আৰম্ভ হয় ৷ এনে ৰোগী সাধাৰণ অৱস্থাত আন মানুহৰ দৰেই থাকে ৷ ৰোগটো হোৱাৰ লগে লগে ৰোগী অজ্ঞান হৈ পৰে আৰু মাটিত পৰি ছটফটাবলৈ ধৰে ৷ কিন্তু seizure এটা লক্ষণহে, ৰোগটো বেলেগ বেলেগ হ’ব পাৰে ৷ কিন্তু মৃগীৰোগক চিজাৰৰ কাৰণ হ’ব পাৰে ৷ যিকোনো মানুহৰ যিকোনো সময়ত চিজাৰ বা মৃগীৰোগ হোৱাৰ সম্ভাৱনা সদায় থাকে ৷
এই ৰোগ কেতিয়া হ’ব ৰোগীজনে কেতিয়াও গম নাপায় ৷ এই ৰোগৰ ঔষধ সদায় সঠিক সময়ত খাব লাগে ৷ Epilepsyক উৎস আৰু লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি জেনেৰেলাইজড চিজাৰ বা পাৰ্চিয়েল চিজাৰ দুটা শ্ৰেণীত ভগাব পাৰি ৷ জেনেৰেলাইজড চিজাৰ হ'লে মস্তিষ্কৰ দুয়োটা ফালৰ পৰাই একে সময়তে তৰংগসমূহ নিৰ্গত হয় ৷ ফলত সৰ্বশৰীৰতেই ইয়াৰ প্ৰভাৱ দেখা যায় ৷ ফিট হওঁতে জিভাত কামোৰ খাব পাৰে ৷ ৰোগীৰ অজ্ঞাতে শৌচ-প্ৰসাৱ নিৰ্গত হব পাৰে ৷ তাৰ পিছত ৰোগী কেইমিনিটমানৰ বাবে সংজ্ঞাহীন হৈ পৰে ৷ আনহাতে পাৰ্চিয়েল চিজাৰ হলে মগজুৰ কোনো এটা নিৰ্দিষ্ট অংশৰ পৰা তৰংগৰ উৎপত্তি হয় ৷ যদি ৰোগীয়ে সংজ্ঞা হেৰুৱাই তেতিয়া ইয়াক পাৰ্চিয়েল কম্প্লেক্স চিজাৰ বোলা হয় আৰু চেতনা নেহেৰুৱালে ইয়াক পাৰ্চিয়েল চিম্পল চিজাৰ বোলে ৷
স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ পি কে চেঠীয়ে বিস্তৃতভাৱে কয় যে, পাৰ্চিয়েল বা ফকেল চিজাৰত সাধাৰণতে ফিট হোৱাৰ আগতে ৰোগীয়ে এটা বিশেষ অনুভূতি লাভ কৰে- যাক অ'ৰা (Aura) বোলে ৷ অ'ৰাত ৰোগীজনে মূল অসুখটো (এটেক)হোৱাৰ আগতে নানান বিচিত্ৰ অনুভূতিৰ মুখামুখি হয় ৷ তেওঁ কাণেৰ কিবা শুনিবলৈ বা চকুৰে কিবা দেখিবলৈ পাব পাৰে, মূৰ ঘূৰাব পাৰে, মূৰটো পাতল যেন লাগিব পাৰে, বমিৰ ভাৱ হব পাৰে ইত্যাদি ৷ বহুতো মাইগ্ৰেইনৰ ৰোগীয়েও অ'ৰা অনুভৱ কৰে ৷ জেনেৰেলাইজড চিজাৰত (আন নাম গ্ৰেণ্ডমাল ইপিলেপ্সি) অ'ৰা অনুভৱ নহয় ৷ জেনেৰেলাইজড চিজাৰ দুই ধৰণৰ হব পাৰে – জোকাৰণি থকা বা কনভালচনযুক্ত (Convulsive), নহলে জোকাৰণি নথকা বা কনভালচন নোহোৱা (Non-convulsive) ৷
প্ৰথম বিধত অ'ৰা নাথাকে যদিও অসুখৰ আৰম্ভ হয় “গা বেয়া লগা অনুভৱেৰে”, তাৰ পিছত মাংসপেশীবোৰ কঠিন হৈ পৰে, মুখেৰে চিঞৰ বা শব্দ বাহিৰ হয়, লেলাৱতি ওলায়, জিভা কামোৰ খাব পাৰে, শ্বাস-প্ৰশ্বাস অস্বাভাবিক হয়, ৰক্তচাপ আৰু হৃদপিণ্ডৰ গতি বাঢ়ে, শৰীৰ নীলা পৰে – খন্তেক পিছতেই কেউটা হাত-ভৰিৰ মাংসপেশী শিথিল হৈ পৰে ৷ এইদৰে এবাৰ সংকোচন, এবাৰ শিথিল হোৱাৰ প্ৰক্ৰিয়াৰে কেইমিনিটমানলৈ এটেক চলি থাকে (Generalized Tonic Clonic Convulsive Seizures) ৷ তাৰ পিছত ৰোগী শান্ত, অৱস, ভ্ৰান্ত হয়- মূৰৰ বিষ আৰু নিদ্ৰা অনুভৱ কৰে ৷
দ্বিতীয় বিধ অসুখত সাধাৰণতে কমবয়সীয়া শিশু বা কিশোৰক আক্ৰান্ত হোৱা দেখা যায় ৷ ৰোগী হঠাতে সংজ্ঞাহীন হৈ পৰে, শৰীৰৰ সকলো মাংসপেশী নিষ্ক্ৰিয় হৈ পৰে, চকু একেথৰ হৈ ৰৈ পৰিব পাৰে – এই অৱস্থাটো দহ চেকেণ্ডমান থাকে আৰু দিনটোত বহুবাৰ এনে হব পাৰে ৷ আনকি কেতিয়াবা অভিভাৱকৰ চকুত নপৰিবও পাৰে ৷ ই হ’ল Generalized Non Convulsive Seizures আন নাম Petit Mal Epilepsy ৷ এটেক হোৱাৰ পিছত ৰোগীয়ে অৱসাদ, ক্লান্তিবোধ কৰিব পাৰে নাইবা ঘন ঘনকৈ নিশ্বাস লব পাৰে ৷ ই ই জিৰ দ্বাৰা সহজতে এই ৰোগক চিনাক্ত কৰিব পাৰি ৷
তদুপৰি চিকিৎসকসকলে ৰোগীৰ বয়স, লক্ষণ, সম্ভাব্য কাৰণ আৰু বিভিন্ন তথ্যৰ (যেনে ই ই জিৰ তথ্য, দৰবৰ প্ৰভাৱ আদিৰ) ওপৰত ভিত্তি কৰি নানান এপিলেপ্সি চিনড্ৰম ঠাৱৰ কৰিছে ৷ এপিলেপ্সিত বংশানুক্ৰমিক প্ৰভাৱ বিশেষভাৱে দেখা যায় যদিও সকলোবিলাক এপিলেপ্সিতেই বংশানুক্ৰমিক প্ৰভাৱ নাথাকে ৷ বিশেষকৈ জুভেনাইল মায়'ক্লনিক এপিলেপ্সি আৰু বিনাইন ফেমেলিয়েল এপিলেপ্সিৰ ক্ষেত্ৰত বংশানুক্ৰমিক প্ৰভাৱ দেখা যায় ৷
এই ৰোগৰ পৰা আঁতৰি কেনেকৈ থাকিব ?
- প্ৰত্যেকজন ব্যক্তিৰ খোৱাৰ সময় আৰু খোৱাৰ সময় ঠিক হ’ব লাগে ৷
- চিকিৎসকক নোসোধাকৈ একো ঔষধ নাখাব ৷
এই ৰোগৰ সাৱধানতা
- যদি কাৰোবাৰ এই ৰোগ থকা বুলি জানে তেন্তে সাঁতোৰা আৰু জুইৰ ওচৰত থাকিব নালাগে ৷
- হুলস্থূলীয়া পৰিবেশৰ পৰা আঁতৰত থকা ভাল ৷ টোপনি খতি আৰু অতিমাত্ৰা শ্ৰম কৰাটো বেয়া ৷
- মহিলাই গৰ্ভধাৰণ কৰিলে ডাক্তৰৰ তত্ত্বাৱধানত দৰব খাই থাকিব ৷ গৰ্ভস্থ সন্তানৰ নিৰাপত্তাৰ দিশলৈ লক্ষ্য ৰাখি ৰোগীৰ ঔষধ আৰু দৰবৰ সালসলনিৰ প্ৰয়োজন হব পাৰে ৷ তদুপৰি ৰোগীক ভিটামিন-কে দিয়া হয় ৷
কি কৰিব আৰু কি নকৰিব ?
- কাৰোবাৰ এই ৰোগ হ’লে হেঁচা মাৰি ধৰিব নালাগে, আঘাত পোৱাৰ সম্বাৱনা বাঢ়ে ৷
- দাঁতে দাঁতে লাগিছে বুলি একাংশই চামুচ বা হাত মুখত সুমুৱাই দিয়ে সেয়া অনুচিত ৷ ইয়াৰ ফলত ব্যক্তিজনৰ দাঁত ভাঙিব পাৰে আৰু উশাহ লোৱা নলী বন্ধ হ’ব পাৰে ৷
- টান কাপোৰ পিন্ধিলে ঢিলা কৰি দিব লাগে ৷
- ভুলতেও জোতা-মোজাৰ গোন্ধ ল’ব নিদিব, ই ৰোগ ঠিক নকৰে ৷ এয়া একাংশৰ ভ্ৰান্ত ধাৰণা ৷
- শীঘ্ৰে চিকিৎসকৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰক ৷
উৎস
https://www.ninds.nih.gov/health-information/disorders/epilepsy-and-seizures
https://pmc.ncbi.nlm.nih.gov/articles/PMC4448698/
লগতে পঢ়ক

