বৰ্তমান যুগত কৃত্ৰিম বুদ্ধিমত্তা (AI) কেৱল প্ৰযুক্তিৰ এটা অংশই নহয়, ই আমাৰ স্বাস্থ্য পৰীক্ষাতো ডাঙৰ ভূমিকা পালন কৰিছে ৷ শেহতীয়াকৈ ইউৰোপীয় ছ’চাইটি অৱ কাৰ্ডিঅ’লজি (ই এছ চি)ৰ বিজ্ঞানীসকলে ই এইচ আৰ এ ২০২৫ সন্মিলনত নতুন গৱেষণা উপস্থাপন কৰে, য’ত এ আই ব্যৱহাৰ কৰি ই চি জি তথ্যৰ পৰা হৃদযন্ত্ৰৰ ‘জৈৱিক বয়স’(biological age) নিৰ্ণয় কৰাৰ পদ্ধতি উদ্ভাৱন কৰা হৈছে ৷ এই অধ্যয়ন অনুসৰি ইচিজি ৰিপ’ৰ্টৰ জৰিয়তে এআইয়ে ক’ব পাৰে যে আপোনাৰ প্ৰকৃত বয়সতকৈ আপোনাৰ হৃদযন্ত্ৰ কিমান কম বেছি পৰিমাণে সুস্থ ৷
প্ৰতিজন ব্যক্তিৰ হৃদযন্ত্ৰৰ বয়স দুই প্ৰকাৰৰ– কালক্ৰমিক (chronological) বয়স আৰু জৈৱিক (biological) বয়স ৷ কালক্ৰমিক বয়স আপুনি জন্ম হোৱা বছৰৰ ওপৰত নিৰ্ভৰ কৰে যদিও জৈৱিক বয়স নিৰ্ভৰ কৰে আপোনাৰ হৃদযন্ত্ৰৰ কাম কিমান ভালদৰে চলি আছে তাৰ ওপৰত ৷ এআইৰ সহায়ত এতিয়া ইচিজি ৰিপৰ্টৰ পৰা ধৰা পেলাব পাৰি যে আপোনাৰ হৃদযন্ত্ৰ আপোনাৰ প্ৰকৃত বয়সতকৈ বেছি দ্ৰুতগতিত বয়সীয়াল হৈছে নে তাতকৈ কম ৷
৫ জন লোকৰ ওপৰত কৰা গৱেষণা
এই অধ্যয়নৰ সময়ত বিজ্ঞানীসকলে ৫ জন লোকৰ ইচিজি তথ্য বিশ্লেষণ কৰি গভীৰ শিক্ষণ এলগৰিদম প্ৰস্তুত কৰিছিল ৷ এই এ আই সঁজুলিটোৱে হৃদযন্ত্ৰৰ জৈৱিক বয়সৰ মূল্যায়ন কৰি কোনজন ব্যক্তিৰ হৃদৰোগ আৰু মৃত্যুৰ আশংকা বেছি সেইটো নিৰ্ণয় কৰিছিল ৷
হৃদযন্ত্ৰৰ বয়স আৰু মৃত্যুৰ মাজত এক শক্তিশালী সম্পৰ্ক
গৱেষণাত দেখুওৱা ফলাফল অতিকৈ আচৰিত আছিল ৷ যদিহে হৃদযন্ত্ৰৰ জৈৱিক বয়স ব্যক্তিজনৰ প্ৰকৃত বয়সতকৈ ৭ বছৰ বেছি হয় তেন্তে মৃত্যুৰ সম্ভাৱনা ৬২% আৰু গুৰুতৰ হৃদৰোগ (MACE)ৰ সম্ভাৱনা ৯২% বৃদ্ধি পায় ৷ আনহাতে হৃদযন্ত্ৰৰ বয়স যদি প্ৰকৃত বয়সতকৈ ৭ বছৰ কম হয় তেন্তে মৃত্যুৰ সম্ভাৱনা ১৪% আৰু হৃদৰোগৰ সম্ভাৱনা ২৭% হ্ৰাস পায় ৷
ECGএ দিব সঠিক ফলাফল
গৱেষকসকলৰ মতে, যিসকল লোকৰ ইজেকচন ফ্ৰেকচন (EF) কম আছিল (অৰ্থাৎ যিসকলৰ হৃদযন্ত্ৰৰ তেজ পাম্প কৰাত দুৰ্বল আছিল) তেওঁলোকৰ ইচিজি ৰিপৰ্টত QRSৰ সময়সীমা বেছি আছিল ৷ ইয়াৰ পৰা বুজা যায় যে তেওঁলোকৰ হৃদযন্ত্ৰৰ বৈদ্যুতিক সংকেত লেহেমীয়া হাৰত প্ৰেৰণ কৰা হৈছে ৷ এই ৰোগীসকলৰ ক্ষেত্ৰত QT ব্যৱধানো বেছি হোৱা দেখা গৈছিল, ইয়াৰ পৰা বুজা যায় যে তেওঁলোকৰ হৃদযন্ত্ৰৰ সংকোচন আৰু শিথিলতা(Relaxation) স্বাভাৱিকতকৈ বেছি সময় লৈছিল ৷
ভৱিষ্যতে প্ৰত্যাশিত ক্লিনিকেল ব্যৱহাৰ
এআইৰ দ্বাৰা ইচিজি তথ্য বিশ্লেষণৰ এই প্ৰযুক্তিয়ে ভৱিষ্যতে হৃদৰোগৰ আশংকা ধৰা পেলোৱাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে ৷ সহযোগী অধ্যাপক বেকে কয় যে, এই কৌশলৰ বাবে বৃহৎ পৰিসৰত অধিক অধ্যয়নৰ প্ৰয়োজন, যাতে ইয়াৰ ফলাফল অধিক সঠিক আৰু নিৰ্ভৰযোগ্য কৰি তুলিব পৰা যায় ৷
সুস্থ হৃদযন্ত্ৰৰ বাবে সাৱধান হওক
যদি আপোনাৰ হৃদযন্ত্ৰ আপোনাৰ বয়সতকৈ বয়সীয়াল হৈ আহিছে, তেন্তে আপোনাৰ জীৱনশৈলী সলনি কৰাৰ সময় আহি পৰিছে ৷ নিয়মীয়া ব্যায়াম, সুষম খাদ্য আৰু মানসিক চাপমুক্ত জীৱনৰ দ্বাৰা হৃদযন্ত্ৰৰ বয়স হ্ৰাস কৰিব পাৰে ৷ এই নতুন AI ভিত্তিক প্ৰযুক্তিয়ে অতি সোনকালে চিকিৎসকসকলক আপোনাৰ হৃদযন্ত্ৰৰ প্ৰকৃত বয়সৰ বিষয়ে জনাত সহায় কৰে, যাতে সময়মতে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যায় ৷
লগতে পঢ়ক