অনিদ্ৰাৰ সমস্যাত ভুগিছে নেকি ? তেন্তে AI এ দিব সমাধান - AI To Solve Sleep Disorders
AI To Solve Sleep Disorders: আই আই টি হায়দৰাবাদ চি এছ এল এব, আৰু নেশ্যনেল ইনষ্টিটিউট অৱ মেন্টেল হেল্থ এণ্ড নিউৰ’ছায়েন্সেছ (NIMHANS) বাংগালুৰুৰ যৌথ গৱেষণাৰ পৰা দেখা গৈছে যে চিকিৎসক আৰু মনোৰোগ বিশেষজ্ঞই এ আইৰ সহায়ত পলিছ’মন’গ্ৰাফী পৰীক্ষা কৰাৰ পিছত অনিদ্ৰাৰ সমস্যাৰ সমাধানৰ বাবে চিকিৎসকে ঔষধ প্ৰেছক্ৰাইব কৰিব পাৰে ।

Published : August 8, 2024 at 12:19 PM IST
নিদ্ৰা আমাৰ জীৱনৰ এটা জৰুৰী অংশ ৷ নিদ্ৰা আৰু সুস্বাস্থ্য ইটো আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ৷ বিশেষজ্ঞসকলেও কয় যে যদি আমি সঠিক পৰিমাণে নিদ্ৰা গ্ৰহণ নকৰো তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ শৰীৰত পৰে ৷
শেহতীয়াকৈ আই আই আই টি হায়দৰাবাদ চি এছ এল এবৰ মুৰব্বী অধ্যাপক এছ বাপিৰাজু আৰু নেশ্যনেল ইনষ্টিটিউট অৱ মেন্টেল হেল্থ এণ্ড নিউৰ’ছায়েন্স (NIMHANS) বাংগালুৰুৰ চিকিৎসা বিশেষজ্ঞৰ যৌথ গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পলিছ’ম’গ্ৰাফী পৰীক্ষাই অনিদ্ৰাৰ পৰা উদ্ভৱ হোৱা সমস্যা আৰু বিকাৰ সমাধানত সহায় কৰে ৷
NIMHANS ত ভৰ্তি হোৱা ৰোগীৰ অনিদ্ৰা আৰু মানসিক স্বাস্থ্যজনিত সমস্যাত পলিছ’ম’গ্ৰাফী পৰীক্ষা কৰা হৈছিল ৷ বাপিৰাজুৱে চকুৰ দ্ৰুতগতি আৰু লেহেমীয়া চকুৰ গতি (non-rapid eye movement)ৰ জৰিয়তে তেওঁলোকৰ অৱস্থা বিশ্লেষণ কৰি জুলাই মাহত প্ৰকাশ পোৱা বিজ্ঞান আৰু প্ৰযুক্তি আলোচনী ‘টেক ফৰৱাৰ্ড’ত এই পৰ্যবেক্ষণ প্ৰকাশ কৰে ৷
সম্প্ৰতি চিকিৎসকে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অনিদ্ৰাত আক্ৰান্ত একাংশ লোকৰ নিদ্ৰা পৰীক্ষা অব্যাহত ৰাখিছে ৷ যাৰ মূল্য প্ৰায় ৫ৰ পৰা ২০ হাজাৰ টকাৰ ভিতৰত ৷ তেওঁলোকে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে জড়িত পলিছ’ম’ন’গ্ৰাফী পৰীক্ষা কৰাৰ সুযোগ লাভ কৰিব বুলিও বাপিৰাজুৱে অৱগত কৰে ৷
কৃত্ৰিম বুদ্ধিমত্তাৰ যন্ত্ৰটোৱে মগজু, চকুৰ কাৰ্য আৰু উশাহ-নিশাহৰ ধৰণ বিশ্লেষণ কৰি অনিদ্ৰা আৰু বিকাৰ ধৰা পেলায় ৷ ই চকুৰ দ্ৰুত গতিৰ তিনিটা পৰ্যায়ত ভাগ কৰি N1 (পাতল টোপনি), N2 (গভীৰ টোপনি), আৰু N3 (দীঘল বা লেহেমীয়া তৰংগ টোপনি)ৰ অৱস্থা পৰীক্ষা কৰে ৷
কৃত্ৰিম বুদ্ধিমত্তাই আঠ ঘণ্টা ধৰি তেওঁলোকৰ টোপনিৰ ধৰণ লিপিবদ্ধ কৰে ৷ ইয়াৰ ওপৰত তথ্য প্ৰস্তুত কৰাৰ পিছত ইয়াৰ পিছত ই আগবাঢ়ি গৈ মানুহে কিয় স্বাভাৱিকভাৱে শুব পৰা নাই তাৰ প্ৰতিবেদন আগবঢ়ায় ৷ এই প্ৰতিবেদনৰ ভিত্তিত চিকিৎসক আৰু মনোৰোগ বিশেষজ্ঞই বিকাৰ সমাধানৰ বাবে ঔষধ প্ৰেছক্ৰিপচন কৰিব পাৰে ৷

