দিনক দিনে অভাৱনীয় হাৰত বৃদ্ধি হৈছে মলাশয়ৰ কৰ্কট ৰোগ ৷ বয়স বৃদ্ধি হোৱাৰ লগে লগে এই কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয় ৷ বিশেষকৈ অন্ত্ৰত প্ৰদাহৰ সমস্যা থকা লোকসকল এই ৰোগত সোনকালে আক্ৰান্ত হয় ৷ পাকস্থলী সম্পৰ্কীয় ৰোগ, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ, জাংক ফুড খোৱাৰ অভ্যাস, মেদবহুলতা, সুৰা বা ধঁপাত সেৱনেও এই ৰোগৰ বিপদাশংকা বৃদ্ধি কৰে ৷
শেহতীয়া এক অধ্যয়নত প্ৰকাশ পোৱা মতে, মলাশয়ৰ কৰ্কট ৰোগৰ আশংকা মহিলাতকৈ পুৰুষৰ বেছি হয় ৷ এই ৰোগৰ লক্ষণ আৰম্ভণিতে দেখা নাযায়, কিন্তু যেতিয়া এই কৰ্কট ৰোগৰ টিউমাৰটো বৃহদান্ত্ৰৰ ভিতৰলৈ যায়, তেতিয়া শৰীৰৰ পৰা বহুতো লক্ষণে দেখা দিয়ে ৷ শৌচত তেজ, পাকস্থলীৰ সমস্যা, দুৰ্বলতা, ভাগৰ আৰু হঠাতে ওজন হ্ৰাস হোৱাটো হৈছে মলাশয়ৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণ ৷
স্ক্ৰীণিং আৰু ৰোগ নিৰ্ণয় পদ্ধতি, যেনে এফ.অ.বি.টি., এফ.আই.টি., চি.ই.এ. টিউমাৰ মাৰ্কাৰ আৰু কলোনোস্কোপীয়ে কৰ্কট ৰোগ যথেষ্ট প্ৰতিৰোধ কৰিব পাৰে ৷ ৫০ বছৰ বয়সৰ পৰা কৰ্কট ৰোগৰ বাবে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা উচিত ৷ একে সময়তে, মলাশয়ৰ কৰ্কট ৰোগৰ পাৰিবাৰিক ইতিহাস থকা লোকসকলে ৩০ বছৰ বয়সৰ পৰা নিয়মীয়া স্ক্ৰীণিং কৰাব লাগে ৷
কিদৰে কৰিব মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ ?
মলাশয়ৰ কৰ্কট ৰোগ পৰিহাৰ কৰিবলৈ, নিয়মীয়া ব্যায়াম, ওজন নিয়ন্ত্ৰণ আৰু উচ্চ-আঁহ, কম চৰ্বিযুক্ত আহাৰৰ সৈতে এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিব লাগে ৷ নিয়মীয়া স্বাস্থ্য পৰীক্ষায়ে কেৱল কৰ্কট ৰোগ প্ৰতিৰোধত সহায় নকৰে, কিন্তু ই ৰোগীৰ সফল চিকিৎসা কৰি তেওঁৰ জীৱন ৰক্ষা কৰিব পাৰে ৷
লগতে পঢ়ক: দিল্লীত প্ৰথমবাৰৰ বাবে দুয়োখন হাতৰ সফল সংৰোপন, চিত্ৰশিল্পী ৰাজকুমাৰে পালে নতুন জীৱন