হাৰ্ট এটেক তথা ষ্ট্ৰোকৰ লক্ষণসমূহ আজিয়েই জানি লওক...
বৰ্তমান দিনক দিনে হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি হ’বলৈ ধৰিছে, হাৰ্ট এটেক হৃদযন্ত্ৰৰ এক সমস্যা আনহাতে ষ্ট্ৰোক আমাৰ মগজুৰ সৈতে জড়িত সমস্যা এই দুয়োটাৰে লক্ষণসমূহ জানক-

Published : January 21, 2025 at 5:28 PM IST
Stroke and heart attack warning signs: হাৰ্ট এটেক আৰু ষ্ট্ৰোক সম্পৰ্কে আমাৰ কিছুমান ভুল ধাৰণা আছে ৷ এই দুয়োটা সমস্যা বেলেগ বেলেগ ৷ হাৰ্ট এটেক প্ৰকৃততে হৃদযন্ত্ৰৰ সৈতে জড়িত ৷ হাৰ্ট এটেক হৃদযন্ত্ৰৰ এক সমস্যা ৷ আনহাতে, ষ্ট্ৰোক আমাৰ মগজুৰ সৈতে জড়িত সমস্যা ৷ হৃদযন্ত্ৰই সমগ্ৰ শৰীৰলৈ তেজ যোগান ধৰে ৷ একে সময়তে হৃদযন্ত্ৰকো তেজৰ প্ৰয়োজন ৷ যেতিয়া হৃদযন্ত্ৰই প্ৰয়োজনীয় তেজ নাপায়, তেতিয়া হৃদযন্ত্ৰৰ কিছু অংশ ক্ষতিগ্ৰস্ত হয় ৷ ইয়াৰ ফলত হাৰ্ট এটেক আহিব পাৰে ৷
হৃদযন্ত্ৰক যেনেকৈ তেজৰ প্ৰয়োজন হয়, মগজুকো তেজৰ প্ৰয়োজন ৷ অন্যথা মগজুৱে কাম কৰিব নোৱাৰে ৷ মগজুৰ এটা অংশই হঠাতে তেজ পোৱা বন্ধ কৰি দিলে ষ্ট্ৰোক হয় ৷ মগজুৰ সকলো অংশই সিৰৰ মাজেৰে তেজ কঢ়িয়াই লৈ ফুৰে ৷ যেতিয়া সেই ৰক্ত সঞ্চালন কৰা নলী বন্ধ হৈ যায় বা নলীডাল ফাটি যায়, তেতিয়া মগজুৰ কোনো অংশত তেজ নাযায় ৷ আৰু ইয়াৰ অৰ্থ হ’ল মগজুৰ যি অংশত তেজ পোৱা নাযায়, সেই অংশই কাম নকৰে ৷ গতিকে দেখা যায় যে কাৰোবাৰ ষ্ট্ৰোক হ’লে শৰীৰৰ এটা ফাল জঠৰ হৈ পৰে ৷
সহজ ভাষাত ক’বলৈ গ’লে হাৰ্ট এটেকৰ অৰ্থ হ’ল হৃদযন্ত্ৰই প্ৰয়োজনীয় তেজ পোৱা নাই আৰু ষ্ট্ৰোক মানে যেতিয়া মগজুৱে প্ৰয়োজনীয় তেজ নাপায় ৷ এই দুয়োটাৰে ফলত মানুহৰ মৃত্যু হ’ব পাৰে ৷ গতিকে হৃদযন্ত্ৰ আৰু মগজু সদায় সুস্থ হৈ থকা উচিত ৷
হাৰ্ট এটেকৰ লক্ষণসমূহ
- হাৰ্ট এটেকৰ বহু লক্ষণ আছে ৷ ইয়াৰে এটা লক্ষণ হৈছে বুকুৰ বিষ বা অস্বস্তি অনুভৱ কৰা ৷ আপোনাৰ যদি অত্যধিক বুকুৰ বিষ হৈ থাকে তেন্তে ই হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে ৷
- আপোনাৰ হৃদযন্ত্ৰই যদি প্ৰয়োজন অনুসৰি তেজ নাপায় তেন্তে আপুনি উশাহ লোৱাত কষ্ট পাব পাৰে ৷ ইয়াৰ ফলত হাৰ্ট এটেক অহাৰ সম্ভাৱনা থাকিব পাৰে ৷
- বাহু, পিঠি, ডিঙি, পেটত বিষ অনুভৱ কৰিলে সাৱধান হ’ব ৷ কিয়নো এই সমস্যাও হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে ৷ অস্বাভাৱিকভাৱে এই সমস্যা অনুভৱ কৰিলে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
- মূৰ ঘূৰোৱা সমস্যাও হৃদৰোগৰ লক্ষণ হ’ব পাৰে ৷ যেতিয়া প্ৰয়োজন অনুসৰি হৃদযন্ত্ৰই তেজ নাপায় তেতিয়া আপোনাৰ মূৰ ঘূৰোৱা সমস্যা হ’ব পাৰে ৷ একেদৰে ঠাণ্ডা কালত অত্যধিক গৰম অনুভৱ কৰিব পাৰে ৷
বিশেষজ্ঞৰ মতে ষ্ট্ৰোকৰ লক্ষণসমূহ
- ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পালে বা এই সমস্য়াই শৰীৰৰ এটা অংশ হঠাৎ দুৰ্বল কৰিব পাৰে ৷ শৰীৰ এটা ফাল যদি আপুনি দুৰ্বল অনুভৱ কৰে তেন্তে ই ষ্টোকৰ লক্ষণ হ’ব পাৰে ৷
- ষ্টোকৰ এটা লক্ষণ হৈছে আপুনি হঠাতে চকুৰে ধুঁৱলি-কুঁৱলি দেখিব পাৰে ৷ কেতিয়াবা এটা চকুৱে দেখাত অসুবিধা পাব পাৰে বা কেতিয়াবা দুয়োটা চকুৱে দেখাত অসুবিধা পাব পাৰে ৷
- তীব্ৰ মূৰৰ বিষ ষ্টোকৰ লক্ষণ হ’ব পাৰে ৷ তীব্ৰ মূৰৰ বিষ হ’লে সাৱধান হ’ব ৷ একেদৰে কথা ক’বলৈ বা বুজিবলৈ অসুবিধা সন্মুখীন হ’ব পাৰে ৷
- হঠাৎ যদি আপুনি খোজ কঢ়াত অসুবিধাৰ সন্মুখীন হয় তেতিয়াও আপুনি সাৱধান হ’ব ৷ কিয়নো এই সমস্যাও ষ্টোকৰ লক্ষণ হ’ব পাৰে ৷ একে সময়তে আপুনি শৰীৰৰ ভাৰসাম্য হেৰুৱাব পাৰে ৷ ভাৰসাম্য হেৰুৱাৰ লগতে আপোনাৰ মূৰ ঘূৰোৱা সমস্যাও সৃষ্টি হ’ব পাৰে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক

