নখে ক’ব আপোনাৰ যকৃৎ সুস্থ নে অসুস্থ...কেনেকৈ জানেনে ?
বহু কাৰণত নখৰ পৰিৱৰ্তন হ’ব পাৰে ৷ কিন্তু কেতিয়াবা নখত দেখা দিয়া কিছুমান লক্ষণে দিয়ে যকৃতত হোৱা ৰোগৰ আগজাননী ৷ আজি এই বিষয়ে জানো আহক-

Published : June 2, 2025 at 1:14 PM IST
যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংশ, যিয়ে শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰোৱা, হজম আৰু বিপাকীয় ক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যকৃতৰ সমস্যা হ’লে প্ৰাৰম্ভিক পৰ্যায়ত লক্ষণসমূহ স্পষ্টকৈ দেখা নাযায় যদিও আমাৰ নখে এই সমস্যাসমূহৰ আগতীয়া সতৰ্কবাণী দিব পাৰে । নখত দেখা পোৱা যকৃতৰ ৰোগৰ ৫টা প্ৰধান লক্ষণ কি কি জানো আহক-
ছালৰ সমস্যা যকৃতৰ ৰোগৰ অন্যতম সাধাৰণ লক্ষণ আৰু কেতিয়াবা ৰোগ ধৰা পেলোৱাৰ প্ৰথম সূত্ৰও প্ৰদান কৰে ৷ যকৃত আৰু ছালৰ ৰোগৰ মাজত পৰস্পৰৰ সম্পৰ্ক আছে ৷ কেতিয়াবা যকৃতৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণ কেৱল নখতহে দেখা যায় ৷
বহু কাৰণত নখৰ পৰিৱৰ্তন হ’ব পাৰে ৷ সাধাৰণতে নখৰ তলত ৰক্ত সঞ্চালন কমি যোৱা আৰু অত্যধিক কলা গঠন হোৱাৰ বাবে এনে হোৱা দেখা যায় ৷ ইয়াৰ উপৰিও প্ৰ’টিন জমা হোৱা, ৰক্ত সঞ্চালন কমি যোৱা আৰু নখ গঠনত বিঘিনি ঘটিলেও নখৰ পৰিৱৰ্তন ঘটিব পাৰে ৷
টেৰীৰ নখ (terry's nails)
ক্লিভলেণ্ড ক্লিনিকৰ তথ্য অনুসৰি চিৰ’ছিছত টেৰী নখ বেছিকৈ দেখা যায় ৷ এইবোৰত নখৰ এটা বৃহৎ অংশ বগা হৈ পৰে আৰু তলত গোলাপী বা বাদামী ৰঙৰ ফিটা দেখা যায় ৷ নখৰ তলত ৰক্ত সঞ্চালন কমি যোৱা আৰু অত্যধিক সংযোগী কলা গঠন হোৱাৰ কাৰণ হ’ব পাৰে ৷ টেৰী নখ তেতিয়া হয় যেতিয়া নখৰ বেছিভাগেই বগা হৈ থাকে আৰু কেৱল ওপৰৰ অংশটোহে গোলাপী হৈ থাকে ৷ ই যকৃতৰ দীৰ্ঘদিনীয়া ৰোগ, যেনে চিৰ’ছিছ বা হেপাটাইটিছৰ লক্ষণ হ’ব পাৰে ৷ এই অৱস্থাই যকৃতৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ ইংগিত দিয়ে ৷
মুয়েৰকেৰ নখ (Muehrcke’s nails)
এনে অৱস্থাত নখৰ ওপৰত বগা ৰেখা দেখা দিয়ে ৷ এইবোৰ লিভাৰ চিৰ’ছিছৰ লক্ষণো হ’ব পাৰে ৷ ইহঁতৰ সৃষ্টি হোৱাৰ কাৰণ হ’ব পাৰে তেজত এলবুমিনৰ অভাৱ, নখৰ তলত ফুলা আৰু ৰক্ত সঞ্চালন লেহেমীয়া ৷
লিউকোনিচিয়া (Leukonychia)
নখত থকা সৰু সৰু বগা দাগ, যাক লিউক’নিচিয়া বুলি কোৱা হয়, যকৃতৰ সমস্যাৰ সৈতে জড়িত হ’ব পাৰে ৷ ইয়াৰ কাৰণ হ’ব পাৰে প্ৰ’টিনৰ অভাৱ বা যকৃতৰ কাৰ্য্যক্ষমতা বেয়া ৷ যদি এই দাগবোৰ বাৰে বাৰে দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰা পৰীক্ষা কৰাব লাগে ৷ অত্যধিক সুৰাপান কৰা লোকৰ নখ বগা হৈ পৰে ৷ এই অৱস্থা মদ্যপান কৰা চৰ্বিযুক্ত যকৃতৰ ৰোগৰ সৈতে জড়িত ৷ ইয়াত নখলৈ তেজৰ সঞ্চালন সঠিক নহয় ৷
ৰঙা আৰু নীলা লুনুলা (Red and Blue Lunula)
কিছুমান ক্ষেত্ৰত নখৰ তলৰ অংশ (লুনুলা) ৰঙা বা নীলা হৈ পৰে ৷ চিৰ’চিছ আৰু উইলছন ৰোগত এই কথা দেখা যায় ৷ অৱশ্যে কিয় এনে হয় সেয়া জানিব পৰা হোৱা নাই ৷
ক্লাবিং (Clubbing)
কিছুমান মানুহৰ নখবোৰ খুব বেঁকা হৈ পৰে ৷ এনে নখৰ লভিবণ্ডৰ কোণ বেছি ৷ হেপাটোপালমোনাৰী চিনড্ৰম আৰু লিভাৰ ফেইলাৰত এনে দেখা যায় ৷ নখৰ এই পৰিৱৰ্তন তেজৰ বিকাৰ আৰু ভেছকুলাৰ এণ্ডোথেলিয়াল গ্ৰ’থ ফেক্টৰৰ উচ্চ মাত্ৰাৰ বাবে হ’ব পাৰে ৷ নখৰ আকৃতি ওপৰলৈ উঠিলে আৰু আঙুলিৰ মূৰবোৰ ঘূৰণীয়া হ’লে ক্লাবিং হয় ৷ অক্সিজেনৰ অভাৱ বা লিভাৰ চিৰ’ছিছৰ দৰে অৱস্থাৰ বাবে এনে হ’ব পাৰে ৷ যকৃতৰ ৰোগৰ বাবে ৰক্ত সঞ্চালন প্ৰভাৱিত হ’লে এই লক্ষণ দেখা যায় ৷
যকৃতৰ ৰোগে বহুতো পুষ্টিকৰ পদাৰ্থ শোষণত প্ৰভাৱ পেলায়, যাৰ ফলত নখ দুৰ্বল বা সহজে ভাঙিব পাৰে ৷ যদি নখবোৰ সঘনাই ভাঙি থাকে বা ইয়াৰ পৃষ্ঠভাগ অসমান হয়, তেন্তে ই যকৃতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে ৷
লিভাৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ কি কৰা উচিত ?
- স্বাস্থ্যসন্মত খাদ্য- খাদ্যত পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন, ফল-মূল, শাক-পাচলি আৰু পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰক ৷
- অধিক পানী খাব- দিনটোত কমেও ৮-১০ গিলাচ পানী খাব লাগে ৷
- ব্যায়াম- নিয়মিত ব্যায়াম যকৃতৰ বাবে উপকাৰী ৷
- মদ্যপান পৰিহাৰ কৰক- অতিমাত্ৰা সুৰাপান কৰিলে যকৃতৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷
- ধূমপান পৰিহাৰ কৰক- ধঁপাত বা চিগাৰেট সেৱন কৰিলে যকৃতৰ বাবে ক্ষতিকাৰক হব পাৰে ৷ ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক ৷
লগতে পঢ়ক

