ETV Bharat / health

কুকুৰে কামুৰিলে প্ৰথমে কি কৰা উচিত ? বিশেষজ্ঞৰ পৰাই জানি লওক

জলাতংক ৰোগৰ পৰা ৰক্ষা পাবলৈ প্ৰথমতে কি কৰিব লাগে ? কোনটো পৰ্যায়ত ভেকচিন লোৱাটো উচিত, এই সন্দৰ্ভত কি ক’লে পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে-

RABIES PREVENTION
কুকুৰে কামুৰিলে প্ৰথমে কি কৰা উচিত ? বিশেষজ্ঞৰ পৰাই জানি লওক (FREEPIK)
author img

By ETV Bharat Health Team

Published : January 23, 2025 at 2:19 PM IST

|

Updated : January 24, 2025 at 6:25 AM IST

3 Min Read
Choose ETV Bharat

কুকুৰে কামুৰিলে আমি সততে বিভিন্ন অন্ধবিশ্বাসত বশৱৰ্তী হৈ কিছু কাৰ্য কৰো, কিন্তু সেই কাৰ্যসমূহে আমালৈ প্ৰাথমিক পৰ্যায়ৰ পৰাই বিপদ কঢ়িয়াই আনিব পাৰে আৰু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ৷ সেয়েহে কুকুৰে কামুৰিলে প্ৰথম দিনা পৰাই আমি ভেকচিন ল'ব লাগে ৷

এই সমগ্ৰ বিষয় সন্দৰ্ভত ইটিভি ভাৰত অসমৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত এই বিষয়ে বিৱৰি কয় যোৰহাট পশু পালন আৰু পশু চিকিৎসালয় পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে ৷ আজি এই বিষয়ে বিতংভাৱে জানো আহক-

পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে কয়, ‘‘কুকুৰে কামুৰিলে ৰেবিজ ৰোগত আপুনি আক্ৰান্ত হ’ব পাৰে ৷ যাক অসমীয়াত জলাতংক ৰোগ বুলিও কোৱা হয় ৷ ইয়াৰ কোনো চিকিৎসা নাই ৷ এই ৰোগ অতিকৈ মাৰাত্মক ৷’’

পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তী (ETV Bharat)

চিকিৎসকগৰাকীৰ মতে, সকলো কুকুৰৰ শৰীৰত জলাতংক ৰোগৰ থাকে বুলি সম্ভৱতঃ কোৱা হয় ৷ কুকুৰে কেতিয়াও খেদি খেদি নাকামোৰে, কুকুৰক জোকালেহে কামোৰে ৷ অৱশ্যে বলিয়া কুকুৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত বুলিও তেওঁ কয় ৷

  • কুকুৰে কামুৰিলে প্ৰথমতে কি কৰা প্ৰয়োজন ?

যদি কুকুৰে কামোৰে তেতিয়া তৎক্ষণাত কুকুৰে কামুৰা ঠাইডোখৰ ভালদৰে চাবোনেৰে ধুই পৰিষ্কাৰ কৰিব লাগে আৰু কামুৰা স্থানৰ পৰা তেজসমূহ চেপি চেপি উলিয়াই দিব লাগে ৷ সেই দিনটোৰ পৰাই ভেকচিন ল’ব লাগে ৷ এই ভেকচিন বিনামূলীয়াকৈ চিকিৎসালয়ত পোৱা যায় যদিও সেই সময়ত উক্ত ভেকচিনটো বিনামূলীয়াকৈ চিকিৎসালয়ত উপলদ্ধ নহয় তেন্তে ফাৰ্মাচীৰ পৰা কিনি হ’লেও ভেকচিনটো লোৱাটো অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ ৷

কুকুৰে কামুৰিলে ভেকচিন শূণ্য দিন তথা প্ৰথম দিনৰ পৰা আৰম্ভ কৰি তিনি নম্বৰ, ৭নম্বৰ, ১৪ নম্বৰ, ২৮ নম্বৰ আৰু ৯০ নম্বৰ দিনৰ ভিতৰত ল'ব লাগে ৷

ইফালে খাদ্য বাচি খোৱাৰ ক্ষেত্ৰত যোৰহাটৰ পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে কয়, ‘‘কুকুৰে কামোৰা পিছত উৰহী লগতে বিভিন্ন বস্তু খাব নালাগে বুলি পূৰ্ব পৰাই চলি থকা কথাষাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ৷’’

  • কুকুৰৰ জনসংখ্যা ৰোধৰ বাবে প্ৰচেষ্টা গ্ৰহণ

বাটৰুৱা কুকুৰৰ ত্ৰাসত বহুলোকেই বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা সন্দৰ্ভত তেওঁ কয়, ‘‘বৰ্তমান বাটৰ কুকুৰক ভেকচিন দিয়া কাম কৰা হৈছে যদিও এই কাম বহু জটিল ৷ সেয়েহে বা বাটৰ কুকুৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ পৌৰসভাৰ সহায়ত পদপথৰ কুকুৰৰ প্ৰজনন ক্ষমতা ৰোধ কৰিবলৈ বহু প্ৰচেষ্টাই হাতত লোৱা হৈছে ৷’’

‘‘পদপথৰ কিছু মতা আৰু মাইকী কুকুৰৰ অস্ত্ৰোপচাৰ কৰাৰ কাম কৰা হৈছে ৷ যাৰ উদ্দেশ্যে হৈছে পদপথৰ কুকুৰৰ প্ৰজননক্ষমতা কিছু হ্ৰাস কৰা ৷ ইয়াৰ ফলত পদপথৰ কুকুৰৰ সংখ্যা কিছু পৰিমাণে হ’লেও হ্ৰাস কৰিব পৰা যাব ৷ এনে পদ্ধতিৰ জৰিয়তে পদপথৰ কুকুৰৰ উপদ্ৰৱ ৰোধ কৰিব পৰা যাব ৷’’

উল্লেখ্য যে, যোৰহাটৰ মাজমজিয়াত কুকুৰ দলৱদ্ধ আক্ৰমণত এজন লোকে মৃত্যুক আকোঁৱালি লোৱাৰ লগতে বহুলোকেই বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ৷ কাৰণ জিলাখনত বাটৰ কুকুৰৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : গুৱাহাটীত বৃদ্ধি পাইছে জলাতংক ৰোগ; চিন্তিত মহানগৰবাসী - Rabies

লগতে পঢ়ক: Dog Biting: যদি আপোনাক কুকুৰে কামোৰে তেন্তে এই ভুলবোৰ কৰাৰ পৰা বিৰত থাকক

লগতে পঢ়ক : ঘৰত পোহনীয়া জন্তু ৰখাসকলে প্ৰায়ে কৰে এই ভুল...এই ৩টা সংকেত দেখিলে হৈ যাওক সাৱধান!

Last Updated : January 24, 2025 at 6:25 AM IST