ETV Bharat / health

ৰৈ যোৱা ৰুটি-ভাজিৰে প্ৰস্তুত কৰক সোৱাদযুক্ত-স্বাস্থ্যসন্মত কাটলেট - Roti Vegetable Cutlet

Roti Vegetable Cutlet Recipie: দৈনিক সন্ধিয়া চাহৰ সৈতে খাবলৈ স্বাস্থ্যসন্মত খাদ্যৰ বিকল্প বিচাৰি উলিওৱাটো এটা কঠিন কাম, বিশেষকৈ শিশুৰ বাবে ৷ সেয়ে আজি আমি ৰৈ যোৱা ৰুটিৰ পৰা তৈয়াৰ কৰিব পৰা এবিধ সুস্বাস্থ্যকৰ কাটলেট ৰেচিপিৰ বিষয়ে ক’বলৈ ওলাইছো, যাক আপুনি সহজে তৈয়াৰো কৰিব পাৰিব আৰু ইয়াক খাই সৰু হওক বা ডাঙৰ সকলোৱে ভাল পাব-

Prepare delicious and nutritious cutlets using leftover roti and vegetables
ৰৈ যোৱা ৰুটি-চব্জীৰে প্ৰস্তুত কৰক সোৱাদযুক্ত তথা স্বাস্থ্যসন্মত কাটলেট (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : June 21, 2024 at 3:46 PM IST

3 Min Read
Choose ETV Bharat

ৰুটি বনাওতে প্ৰায়েই এখন দুখন ৰুটি সদায় বেছি হয়েই ৷ যিটো সকলোৱে পুনৰ গৰম কৰি খাবলৈও ভাল নাপায় ৷ শিশুৱে ৰুটি আৰু শাক-পাচলি দেখিলেই ঠেহ পাতিবলৈ আৰম্ভ কৰে, এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে তেওঁলোকক স্বাস্থ্যসন্মত খাদ্য খুওৱাটো অতি কঠিন হৈ পৰে ৷

Prepare delicious and nutritious cutlets using leftover roti and vegetables
ৰৈ যোৱা ৰুটি-ভাজিৰে প্ৰস্তুত কৰক সোৱাদযুক্ত-স্বাস্থ্যসন্মত কাটলেট (FREEPIK)

আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এনে এটা ৰেচিপি, যিটো বাকী ৰৈ যোৱা ৰুটি আৰু পাচলিৰে প্ৰস্তুত কৰিব পৰা যাব ৷ সন্ধিয়াৰ আহাৰ হিচাপেও আপুনি ইয়াৰ সোৱাদ ল'ব পাৰিব ৷ এই ব্যঞ্জনবিধ অতি কম কষ্ট আৰু কম সময়তে প্ৰস্তুত কৰিব পাৰি ৷ তেন্তে অপেক্ষা কিহৰ, সোনকালে ইয়াক তৈয়াৰৰ পদ্ধতি জানি লওক-

Prepare delicious and nutritious cutlets using leftover roti and vegetables
ৰৈ যোৱা ৰুটি-ভাজিৰে প্ৰস্তুত কৰক সোৱাদযুক্ত-স্বাস্থ্যসন্মত কাটলেট (FREEPIK)

ৰুটি আৰু পাচলিৰ পৰা তৈয়াৰী সুস্বাদু কাটলেট

উপকৰণ- বাকী থকা ৪-৫খন ৰুটি, বাকী থকা ভাজি, ১ চামুচ মিঠা কৰ্ণ ফ্ল’ৰ, মিহিকৈ কাটি লোৱা সেউজীয়া জলকীয়া সোৱাদ অনুসৰি, ১ বাটি মিহিকৈ কটা পিঁয়াজ, ১ চামুচ শুকান আমৰ গুড়ি, ১ চামুচ নেমু ৰস, ১ বাটি চিৰা গুড়ি কৰি পাউদাৰ বনাই ল’ব, ১/২ চামুচ জালুকৰ গুড়ি, ১/২ চামুচ ৰঙা জলকীয়াৰ গুড়ি বিকল্প, ১ টা ডাঙৰ বাটি মাকৈৰ আটা, ২ চামুচ বিলাহী আৰু বীন মিহিকৈ কাটি লোৱা, সোৱাদ অনুসৰি নিমখ ৷

Prepare delicious and nutritious cutlets using leftover roti and vegetables
ৰৈ যোৱা ৰুটি-ভাজিৰে প্ৰস্তুত কৰক সোৱাদযুক্ত-স্বাস্থ্যসন্মত কাটলেট (FREEPIK)

লগতে পঢ়ক: আপুনি কেতিয়াবা খাইছেনে ওটছৰ ৰুটি ; ইয়াৰ লাভালাভ জানেনে?

Roti Vegetable Cutlet কেনেকৈ বনাব পাৰি ?

  1. প্ৰথমে বাকী থকা ৰুটিবোৰ মিক্সাৰত মোটাকৈ পিহি লওক ৷
  2. কেৰাহীত তেল গৰম কৰক ৷ তাত পিঁয়াজখিনি সোণালী হোৱালৈকে ভাজিব ৷
  3. ইয়াৰ পিচত তাত মিহিকৈ কটা সেউজীয়া জলকীয়াখিনি দিব ৷
    Prepare delicious and nutritious cutlets using leftover roti and vegetables
    ৰৈ যোৱা ৰুটি-ভাজিৰে প্ৰস্তুত কৰক সোৱাদযুক্ত-স্বাস্থ্যসন্মত কাটলেট (FREEPIK)
  4. তাৰ পিচত বীন আৰু বিলাহী দি কম জুইত ভাজি লাহে লাহে সিজিবলৈ দিব ৷
  5. অলপ কোমল হোৱাৰ পিচত তাত মিঠা মিঠা কৰ্ণ ফ্ল’ৰ আৰু অন্যান্য ৰৈ যোৱা ভাজিখিনি দি দিব ৷
  6. ভাজিখিনিৰ পৰা পানীখিনি ভালদৰে শুকাই যাবলৈ দিয়ক ৷ তাৰ পিচত জালুকৰ গুড়ি, শুকান আমৰ গুড়ি, ৰঙা জলকীয়াৰ গুড়ি দি ভালদৰে মিহলাই ভাজি লওক ৷
    Prepare delicious and nutritious cutlets using leftover roti and vegetables
    ৰৈ যোৱা ৰুটি-ভাজিৰে প্ৰস্তুত কৰক সোৱাদযুক্ত-স্বাস্থ্যসন্মত কাটলেট (FREEPIK)
  7. এতিয়া এইখিনি মিশ্ৰণক উলিয়াই ডাঙৰ প্লেট এখনত মেলি দিব ৷
  8. এতিয়া ইয়াৰ সৈতে ৰুটিৰ গুড়িখিনি দি ভালদৰে মঠি লওক
  9. মিশ্ৰণটোৰ পৰা সৰু সৰু কাটলেট বনাওক ৷
  10. এতিয়া পোহা অৰ্থাৎ চিৰাৰ গুড়ি কৰি লওক ৷
  11. এতিয়া এটা বাটি বা ডাঙৰ পাত্ৰত পানী আৰু মাকৈৰ আটা মিহলাই ডাঠ পেষ্ট এটা প্ৰস্তুত কৰক ৷
  12. তাত প্ৰস্তুত কৰা কাটলেটখিনি ডুবাই তাৰ পিচত পোহা পাউদাৰত দিব ৷
  13. কেৰাহীত ভালদৰে ভাজিব পাৰে বা ডিপ ফ্ৰাই কৰিব পাৰে ৷ দুয়ো ধৰণে ই খাবলৈ অতি সোৱাদযুক্ত হ’ব ৷
  14. সোৱাদযুক্ত কাটলেট পৰিবেশন কৰিবলৈ সাজু হওক ৷
  15. সেউজীয়া চাটনি বা টমেটো চচৰ সৈতে পৰিবেশন কৰক ৷

লগতে পঢ়ক: ৰুটি ফুলিবই ফুলিব ! অনুসৰণ কৰক এই টিপছ - ROTI MAKING TIPS