গৰ্ভৱতী মহিলাসকলে কৰ্মৰত অৱস্থাত কেনেকৈ ল’ব নিজৰ স্বাস্থ্যৰ যতন ?
গৰ্ভাৱস্থাৰ ৯ মাহৰ ভিতৰত এগৰাকী মহিলাৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন ঘটে, বিভিন্ন অভিজ্ঞতা লাভ কৰে এনে পৰিস্থিতিত গৰ্ভাৱস্থাৰ সময়ত মহিলাসকলে কোনবোৰ দিশত গুৰুত্ব দিয়া উচিত

Published : March 19, 2025 at 12:34 PM IST
গৰ্ভাৱস্থাৰ সমগ্ৰ যাত্ৰাই প্ৰতিগৰাকী মহিলাৰ বাবে বিভিন্ন অভিজ্ঞতা কঢ়িয়াই আনে ৷ গৰ্ভাৱস্থাৰ এই ৯ মাহত মহিলাৰ দেহত বহু পৰিৱৰ্তন ঘটে, য’ত আৱেগিকভাৱে, শাৰীৰিক, মানসিক, হৰম’ন ইত্যাদি ৷ এনে পৰিস্থিতিত যিসকল কৰ্মৰত মহিলা আছে তেওঁলোকৰ গৰ্ভত বাঢ়ি অহা সন্তানটিক লৈ নিজৰ জীৱনশৈলী আৰু অফিচৰ কাম পৰিচালনা কৰাটো কঠিন ৷ এনে পৰিস্থিতিত মহিলাৰ দায়িত্ব দুগুণ হয় আৰু কেতিয়াবা সঠিক যত্নৰ অভাৱত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পৰে ৷ সেয়ে কৰ্মৰত গৰ্ভৱতী মহিলাসকলে কিছুমান টিপছ মানি চলি নিজৰ গৰ্ভাৱস্থাৰ যাত্ৰা সহজ তথা সুন্দৰ কৰি তুলিব পাৰে ৷
গৰ্ভাৱস্থাত কৰ্মৰত মহিলাসকলে মনত ৰাখক এইসমূহ কথা

পুষ্টিকৰ খাদ্য খাওক
গৰ্ভৱতী মহিলাই যি খাই নাথাকক কিয়, ই গৰ্ভত শিশুৰ বিকাশত সহায় কৰে, সেয়েহে কোৱা হয় যে এই সময়ছোৱাত মহিলাসকলে যিমান পাৰি সিমান পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে ৷ পুষ্টিকৰ খাদ্যৰ অৰ্থ হ’ল আপোনাৰ খাদ্যত সকলো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান সঠিক পৰিমাণে থকা ৷ ইয়াৰ বাবে সতেজ ফল-মূল, শাক-পাচলি, বাদাম, শুকান ফল, দালি, গাখীৰ, দৈ আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো জৰুৰী ৷ ইয়াত প্ৰ’টিন, আঁহ, খনিজ পদাৰ্থ আদি থাকে যিয়ে মাতৃৰ লগতে গৰ্ভত বাঢ়ি অহা শিশুৰ সম্পূৰ্ণ যত্ন লয় ৷ ই শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰে ৷ গৰ্ভাৱস্থাত মহিলাসকলে বিশুদ্ধ আৰু লঘু ঘৰতে তৈয়াৰ কৰা খাদ্য লগত লৈ অফিচলৈ যাব লাগে আৰু কেৱল সেইখিনিহে খাব লাগে ৷
শৰীৰ হাইড্ৰেট কৰি ৰাখক
মহিলাৰ শৰীৰত পানীৰ অভাৱ হ’লে শৰীৰটো লেহেমীয়া হৈ পৰে আৰু আপুনি ভাগৰুৱা অনুভৱ কৰে ৷ গৰ্ভাৱস্থাত মহিলাসকলে গোটেই দিনটো কমেও ৮ৰ পৰা ১০ গিলাচ পানী খোৱাটো জৰুৰী ৷ মহিলাসকলে কাম কৰাৰ সময়ত সতেজ ফলৰ ৰস, নাৰিকল পানী আদি সেৱন কৰিব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ হজম শক্তি ভালে থাকিব আৰু কোষ্ঠকাঠিন্যৰ সমস্যাও নাথাকিব লগতে গোটেই দিনটো হাইড্ৰেট হৈ থাকিব পাৰিব ৷
দৈনিক ষ্ট্ৰেচিং কৰক
যদি গৰ্ভৱতী মহিলাই গোটেই দিনটো বহি বহি কাম কৰে তেন্তে পিঠি আৰু কঁকালৰ বিষত ভুগিবলগীয়া হয় ৷ এনে পৰিস্থিতিত প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ৫ মিনিটৰ বিৰতি ল’ব লাগে য’ত আপুনি লাইট ষ্ট্ৰেচিং বা খোজ কাঢ়িব পাৰে ৷ ইয়াৰ লগতে নিয়মিতভাৱে লঘু ব্যায়ামো কৰিব লাগে ৷
অধিক মানসিক চাপ লোৱাটো পৰিহাৰ কৰক
গৰ্ভাৱস্থাত এগৰাকী মহিলাই যি মানসিক অৱস্থাৰ মাজেৰে পাৰ হৈ যায়, যিয়ে শিশুটিক প্ৰভাৱিত কৰে ৷ গতিকে গৰ্ভৱতী মহিলাই সুখী হৈ থকাৰ লগতে বেছি মানসিক চাপ লোৱাটো উচিত নহয় ৷ মানসিকভাৱে সুস্থ হৈ থাকিবলৈ আপুনি নিয়মিতভাৱে ধ্যান আৰু যোগাসন কৰিব পাৰে, অকলে সময় কটাব পাৰে, জাৰ্নেলিং কৰিব পাৰে ইত্যাদি ৷ ইয়াৰ ফলত আপোনাৰ মানসিক চাপ হ্ৰাস পাব আৰু আপোনাৰ সন্তানৰ সকলো দিশতে বিকাশ হ’ব ৷
মাজে মাজে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক: গৰ্ভাৱস্থাত এগৰাকী মহিলাই প্ৰতিমাহে শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন অনুভৱ কৰে, যিটো অতি স্বাভাৱিক কথা, কিন্তু এই সময়ছোৱাত আপুনি চিকিৎসকৰ তত্বাৱধানত পৰীক্ষা কৰি থকাটো জৰুৰী যাতে মাতৃ আৰু সন্তান উভয়ৰে স্বাস্থ্যৰ বিষয়ে জানিব পৰা যায় আৰু তেওঁলোকৰ যত্ন ল’ব পৰা যায় ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক

