ETV Bharat / health

আলু খাই ভাল পাই নেকি? তেন্তে নিশ্চয় পঢ়ক এই প্ৰতিবেদন - Potato Health Benefits

Potato Health Benefits: বিশ্বৰ প্ৰায় দুই তৃতীয়াংশ জনসংখ্যাই আলুক প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে । প্ৰায় ৫০ শতাংশ আলুৰ প্ৰয়োগ ঘৰুৱা খাদ্য প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয় । সেয়ে আজি এই প্ৰতিবেদনৰ প্ৰতিবেদন পঢ়ক...

Potato health benefits and why you should eat more spuds
আলু খাই ভাল পাই নেকি? তেন্তে নিশ্চয় পঢ়ক এই প্ৰতিবেদন (CANVA)
author img

By ETV Bharat Health Team

Published : August 31, 2024 at 12:05 PM IST

3 Min Read
Choose ETV Bharat

সমগ্ৰ বিশ্বতে আলু আটাইতকৈ বেছি ব্যৱহৃত খাদ্য সামগ্ৰীৰ ভিতৰত অন্যতম ৷ আলু সেৱনৰ দ্বাৰা বহুতো পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ হয় ৷ আলুত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায় ৷ জনাই দিও যে, আলুত পটাছিয়াম, কেলচিয়াম, ভিটামিন চি, আইৰণ, ভিটামিন বি ৬ আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান পোৱা যায় ৷

আলু পিটিকা, স্কেলপড চীজ আলু, আৰু ফাষ্ট ফুড ভাজি জাতৰ পৰা আৰম্ভ কৰি আলু সকলোতে ব্যৱহৃত হয় ৷ আলুক আমেৰিকাৰ অন্যতম জনপ্ৰিয় এবিধ পাচলি বুলি গণ্য কৰা হয় ৷ কিন্তু আলু আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হয়নে ? আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক আহক...

আলুৰ বিষয়ে মানুহৰ মাজত বহুতো ভুল ধাৰণা আছে ৷ UC Davis Health dietetic intern Adrienne Posnerএ আলু পুষ্টিৰ তথ্য সম্পৰ্কে ব্যাখ্যা কৰে লগতে কয় যে আপুনি আপোনাৰ খাদ্য তালিকাত কিয় আলুক অন্তৰ্ভুক্ত কৰা উচিত ৷

স্বাস্থ্য আৰু পুষ্টিৰ বাবে আলু

ষ্টাৰচৰ উপৰিও আলুত ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ আদি থাকে । আলুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে কাৰণ আলু প্ৰাৰম্ভিক সময়ত জীৱন ৰক্ষাকাৰী খাদ্যৰ উৎস আছিল কাৰণ ভিটামিন চিয়ে স্কাৰভি প্ৰতিৰোধ কৰিছিল । আলুৰ আন এটা মূল পুষ্টিকৰ উপাদান হ’ল পটাছিয়াম, যিটো হৈছে আমাৰ হৃদযন্ত্ৰ, পেশী আৰু স্নায়ুতন্ত্ৰৰ কাৰ্যকলাপত সহায় কৰা ইলেক্ট্ৰ’লাইট । আলুৰ বাকলিত আঁহ থাকে, যিটো পাচনতন্ত্ৰৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ ।

বিভিন্ন প্ৰকাৰৰ আলুত বিশেষকৈ আন ৰঙৰ আলুত স্বাস্থ্যৰ বাবে উপকাৰী পুষ্টিকৰ উপাদান অধিক থাকে । সাধাৰণতে আলুৰ ৰং যিমানেই গাঢ় হ’ব সিমানেই ইয়াত এন্টিঅক্সিডেন্ট বেছি থাকে । মিঠা আলুত ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু চকুৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ পুষ্টিকৰ পদাৰ্থ ভিটামিন এৰ উত্তম উৎস । বেঙুনীয়া আলুত এন্থ’চাইনিনকে ধৰি প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে হৃদৰোগ আৰু কেন্সাৰ প্ৰতিৰোধ কৰি মগজুৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে ।

আলুৰ প্ৰকাৰ

আলু বহু ৰং আৰু আকাৰৰ পোৱা যায় ৷ আলুৰ বিভিন্ন জাত আছে ৷ বেছিভাগ গেলামালৰ দোকানত পোৱা কিছুমান সাধাৰণ প্ৰকাৰ হ’ল:

ফিংগাৰলিংগ আলু: সৰু, ডাঠ, আঙুলিৰ আকৃতিৰ আলু

মিঠা আলু: মিঠা সোৱাদযুক্ত উজ্জ্বল কমলা ৰঙৰ মাংস থকা ডাঙৰ আলু ৷

বগা আৰু ৰঙা আলু: বহু আকাৰ আৰু আকৃতিৰ, বগা বা ৰঙা ছালৰ

বেঙুনীয়া আলু: বেঙুনীয়া-ক’লা ছাল আৰু বেঙুনীয়া মাংস থকা অণ্ডাকাৰ আকৃতিৰ আলু ৷

সৰু বা গুটি আলু: সাধাৰণতে এই আলুৰ আকৃতি অতি সৰু হয় আৰু বিশেষকৈ অসমত ই শীতকালত প্ৰচুৰ পৰিমাণে উপলব্ধ হয় ৷

আলুক কিয় অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ?

সাধাৰণতে আলু কম স্বাস্থ্যকৰ বা অস্বাস্থ্যকৰ শ্ৰেণীত পৰে যেতিয়া ইয়াৰ সৈতে পনিৰ, টেঙা ক্ৰীম, বেকনৰ দৰে বা মছলা যোগ কৰি খোৱা হয়৷

তেনেহ’লে আলু খাব কিয় ?

কম মূল্যৰ হোৱাৰ উপৰিও স্বাস্থ্যৰ পক্ষে আলুৰ বহু উপকাৰিতাও আছে ৷ আলুত প্ৰচুৰ শক্তি, আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে ৷ সেয়ে খাদ্য তালিকাত বিভিন্ন জাতৰ আলু অন্তৰ্ভুক্ত কৰি পুষ্টিকৰ উপকাৰিতা সৰ্বাধিক কৰিবলৈ চেষ্টা কৰক ৷

Ref:-https://health.ucdavis.edu/blog/good-food/potato-health-benefits-and-why-you-should-eat-more-spuds/2022/05

লগতে পঢ়ক: গজালি ওলোৱা আলু খোৱাটো উপকাৰী নে অপকাৰী ? - side effects of sprouted potato