কেৱল ডালিমেই নহয় ইয়াৰ বাকলিৰো আছে বহু গুণাগুণ - Pomegranate Peel
Pomegranate Peel Benefits: সাধাৰণতে ডালিমৰ পৰা গুটিবোৰ উলিয়াই লোৱাৰ পিচত ইয়াৰ বাকলিবোৰ জাবৰত পেলাই দিয়া হয় ৷ কিন্তু আপুনি জানেনে যে কেৱল ডালিমৰ গুটিয়েই নহয় ইয়াৰ বাকলি পুষ্টি আৰু স্বাস্থ্য উপকাৰী গুণেৰে ভৰপূৰ ৷ আজি এই বিষয়ে জানো আহক-

Published : July 3, 2024 at 5:05 PM IST
সাধাৰণতে মানুহে ভাবে যে কেৱল ৰসাল ডালিমৰ গুটিহে স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু ডালিমৰ উপকাৰিতা কেৱল ইয়াৰ গুটিতে সীমাৱদ্ধ নহয় । সুস্বাস্থ্যৰ পৰা সৌন্দৰ্য বৃদ্ধিলৈকে ডালিমৰ বাকলি অতি উপকাৰী । আনকি আয়ুৰ্বেদতো ইয়াৰ বাকলি উপযোগী বুলি গণ্য কৰা হয় ।
ডালিমৰ বাকলিত পোৱা পুষ্টিকৰ গুণাগুণ
ডালিমৰ বাকলিত প্ৰ’টিন, ভিটামিন, কেলচিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ, ফ্লেভন’ইড, টেনিন, পটাছিয়াম, পলিফিনল আৰু অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায় । ইয়াৰ উপৰিও ডালিমৰ বাকলিত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায়, যিয়ে শৰীৰৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেল ধ্বংস কৰি অক্সিডেটিভ চাপ আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে ।
ডালিমৰ বাকলিৰ স্বাস্থ্য উপকাৰিতা
মুম্বাইৰ আয়ুৰ্বেদিক চিকিৎসক ডাঃ মনীষা কালে কয় যে, কেৱল ডালিমৰ গুটিতে নহয় ইয়াৰ বাকলিতো বহুতো ঔষধি গুণ আছে যিয়ে স্বাস্থ্য আৰু সৌন্দৰ্য সম্বন্ধীয় বহু সমস্যাৰ পৰা সকাহ দিয়াত সহায় কৰে । ডালিমৰ বাকলিৰ পৰা গুড়ি তৈয়াৰ কৰি বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে, হৃদযন্ত্ৰ আৰু পাচনতন্ত্ৰকো ই সুস্থ কৰি ৰখা আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাকে ধৰি বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে ।
আয়ুৰ্বেদৰ মতে ডালিমৰ বাকলিৰ কিছু উপকাৰিতা এনেধৰণৰ
- পাচনতন্ত্ৰৰ সমস্যাত ডালিমৰ বাকলি ব্যৱহাৰ কৰাটো অতি উপকাৰী হ’ব পাৰে । ডালিমৰ বাকলিৰ গুড়ি তৈয়াৰ কৰি গৰম পানীৰ লগত সেৱন কৰিলে পাচনতন্ত্ৰ শক্তিশালী হয় আৰু ডায়েৰিয়া, গেছ আৰু বদহজমৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায় । ইয়াৰ উপৰিও ই অন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে ।
- ডালিমৰ বাকলিত পোৱা পলিফিনল আৰু ফ্লেভন’ইডে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে । ইয়াৰ উপৰিও ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় । ডালিমৰ বাকলি ৰ গুড়ি কুহুমীয়া পানীৰ সৈতে সেৱন কৰিলে হৃদযন্ত্ৰ শক্তিশালী হয় ।
- ডালিমৰ বাকলিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে, যিয়ে ছালৰ ৰোগৰ পৰা সকাহ দিয়ে । ডালিমৰ বাকলিৰ গুড়ি তৈয়াৰ কৰি তাত গোলাপৰ পানী দি মুখত লগালে ছালৰ সুস্থ হয়, দাগ, ব্ৰণৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায় আৰু লগতে বলিৰেখাও কমি যায় । ইয়াৰ উপৰিও সূৰ্যৰ পোহৰৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰাও ছালখনক ৰক্ষা কৰে ৷
- ডালিমৰ বাকলিত ভিটামিন চি আৰু অন্যান্য গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে । আয়ুৰ্বেদত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ ইহঁতৰ ব্যৱহাৰ বাঞ্ছনীয় । যাৰ বাবে ব্যক্তিজন বিভিন্ন ৰোগৰ পৰা নিজকে সুৰক্ষিত হৈ থাকিব পাৰে ।
- চুলিৰ সমস্যাৰ চিকিৎসাতো ডালিমৰ বাকলি ব্যৱহাৰ কৰা হয় । ইয়াৰ গুড়ি নাৰিকল তেলৰ লগত মিহলাই চুলিৰ গুৰিত লগালে চুলি মজবুত হয় আৰু চুলি সৰাৰ সমস্যা দূৰ হয় । ইয়াৰ উপৰিও ই উফি কমায় আৰু চুলিক প্ৰাকৃতিক উজ্বলতা প্ৰদান কৰে ।
- ডালিমৰ বাকলি ব্যৱহাৰ কৰাটোও ওজন কমোৱাত উপকাৰী । দৰাচলতে ইয়াত থকা আঁহ আৰু এন্টিঅক্সিডেন্টে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে । কুহুমীয়া পানীৰ লগত খালে ওজন কমোৱাত সহায় হয় ।
- ডালিমৰ বাকলিৰ গুড়ি দাঁত আৰু দাঁতৰ আলুৰ সমস্যাতো উপকাৰী । ইয়াৰ এন্টি-বেক্টেৰিয়েল গুণ আছে, যাৰ ফলত দাঁতৰ ক্ষয় আৰু দাঁতৰ আঁঠুৰ ফুলা কমায় । নিয়মিতভাৱে ইয়াৰ গুড়িৰে দাঁত আৰু গুৰিত ব্ৰাছ কৰিলে দাঁতৰ বগা ৰং বজাই ৰাখে আৰু দাঁতৰ গুৰি মজবুত কৰে ।
কেনেকৈ কৰিব ব্যৱহাৰ
ডালিমৰ বাকলি শুকুৱাই পিহি তাৰ গুড়ি বনাওক । এই গুড়ি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি । গৰম পানীৰ সৈতে ডালিমৰ বাকলিৰ গুড়ি সেৱন কৰিলে বহু দিশত আমাৰ স্বাস্থ্য উপকৃত হয় যদিও এই গুড়ি মুখৰ লগাবৰ বাবে পেক, চুলিৰ বাবে পেক আৰু দাঁতৰ বাবে পেষ্ট বা টুথপেষ্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ বাহিৰেও সতেজ ডালিমৰ বাকলি ভালদৰে ধুই পানীত উতলাই চাহ বনাই সেৱন কৰিলে বহু ধৰণৰ স্বাস্থ্যক বহু ধৰণে উপকাৰিতা প্ৰদান কৰে ।
লগতে পঢ়ক: জানি লওক ডালিম খোৱাৰ সঠিক পদ্ধতি; দূৰ হ’ব কেন্সাৰৰ সম্ভাৱনা

