ETV Bharat / health

কি হয় পিতৃপক্ষ ? এই সময়ছোৱাত কি কৰিলে সন্তুষ্ট হ’ব পূৰ্বপুৰুষ - Pitru Paksha 2024

Pitru Paksha 2024: পিতৃপক্ষৰ সময়ছোৱাত আমি কিছুমান নিয়ম মানি চলিলে পূৰ্ব পুৰুষসকল সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় ৷ তথা এই কাম কৰিলে পূৰ্ব পুৰুষসকল ৰুষ্ট হয় বুলি কোৱা হয় ৷ আজি এই বিষয়ে ৰেইকী গ্ৰেণ্ড মাষ্টাৰ নৱনীতা ৰয় চৌধুৰীয়ে কি কয় জানো আহক-

Pitru Paksha 2024
কি হয় পিতৃপক্ষ ? এই সময়ছোৱাত কি কৰিলে সন্তুষ্ট হ’ব পূৰ্বপুৰুষ (ETV Bharat)
author img

By ETV Bharat Features Team

Published : September 18, 2024 at 5:21 PM IST

|

Updated : September 18, 2024 at 5:30 PM IST

2 Min Read
Choose ETV Bharat

পিতৃপক্ষ ১৭ ছেপ্টেম্বৰ পৰা আৰম্ভ হৈছে আৰু ২ অক্টোবৰ বুধবাৰে ইয়াৰ অন্ত পৰিব ৷ এই সময়ছোৱাক হিন্দু ধৰ্মত অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয় ৷ পূৰ্বপুৰুষসকলৰ আত্মাৰ সদগতিৰ কামনাৰে এই সময়ছোৱাত দানধৰ্ম পূজা আৰু শ্ৰাদ্ধ কৰাটো এই সময়ত বিশেষ গুৰুত্বপূর্ণ ৷ শেষৰ দিনটোত সৰ্ব পিতৃ অমাৱস্যা(মহালয়া) ৰূপে উদযাপিত হয়, যিটো পূৰ্বপুৰুষসকলৰ উদ্দেশ্যে কৰা শ্ৰাদ্ধৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ দিন বুলি ধৰা হয় ৷ এই বিষয়ে ৰেইকী গ্ৰেণ্ড মাষ্টাৰ নৱনীতা ৰয় চৌধুৰীয়ে কি কয় জানো আহক-

এই সময়খিনিত পূৰ্ব পুৰুষসকল মত্যলৈ নামি আহে আৰু মহালয়াৰ দিনাখন উভতি যায় ৷ এইখিনি সময়ত শ্ৰাদ্ধ কৰিলে তেওঁলোক সন্তুষ্টি হয় বুলি বিশ্বাস কৰা হয় ৷ যিসকল আত্মাই মুক্তি নাপায় এইখিনি সময়ত শ্ৰাদ্ধ কৰিলে মুক্তি পায় ৷

Pitru Paksha Shradh 2024: Here are the dos and don'ts you should strictly follow during these days
ৰেইকী গ্ৰেণ্ড মাষ্টাৰ নৱনীতা ৰয় চৌধুৰী (ETV Bharat)

এইখিনি সময়ত কি কৰিলে ভাল

এই সময়খিনিত পুৰোহিতক দান কৰিব পাৰে ৷ গৰুক খাদ্য বা পৰুৱাক খাদ্য খুৱাব পাৰিলে ভাল ৷ যদি শুদ্ধ মনেৰে এই সময়খিনিত ধ্যান কৰা হয় তেতিয়া পূৰ্বপুৰুষৰ লগত সংযোগ হ'ব পৰা যায় বুলি বিশ্বাস কৰা হয় ৷ সপোনৰ জৰিয়তে বা স্পষ্টভাৱেও দেখিব পাৰে ৷ তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব পাৰে ৷

এই সময়খিনিত কি কি কৰিব নালাগে ?

এই সময়খিনিত কোনো মাংগলিক কাম কৰিব নালাগে ৷ বিবাহ, গৃহ প্ৰৱেশ, চূড়াকৰণ আদি কৰিব নালাগে ৷ এই সময়খিনিত শুভ কাম কৰিলে পূৰ্বপুৰুষ অসন্তুষ্ট হয় ৷ তদুপৰি নিৰামাষ আহাৰ ভোজন কৰিলে ভাল ৷ মাছ-মাংস, পিয়াঁজ, নহৰু, হাৰ্ড ড্ৰিংকছ গ্ৰহণ কৰিব নালাগে ৷ এইখিনি সময়ছোৱাত এইসমূহ ত্যাগ কৰাটো স্বাস্থ্যৰ কাৰণেও ভাল ৷

এইখিনি সময়ত মাটিৰ পাত্ৰত তিল দি পানী থব লাগে ৷ পিতৃ পক্ষৰ সময়খিনিত সদায় কৰিব লাগে ৷ চাদৰ ওপৰত বা মন্দিৰক বাদ দি সকলো ঠাইত থব পাৰে ৷ এইদৰে পানী থ'লে পূৰ্বপুৰুষ সকলে চৰাই বা পৰুৱা হৈ আহি পানীখিনি গ্ৰহণ কৰে বুলি বিশ্বাস কৰা হয় ৷

লগতে পঢ়ক: Ritual of Mahalaya: পিতৃদোষ কি ? মহালয়াৰ দিনা কিয় পিতৃপুৰুষক স্মৰণ কৰা হয় ?
Last Updated : September 18, 2024 at 5:30 PM IST