শাক-পাচলি, ফল-মূলত থকা ৰাসায়নিক পদাৰ্থসমূহ কেনেকৈ দূৰ কৰিব পাৰি ?
বজাৰৰ পৰা ক্ৰয় কৰা শাক-পাচলি, ফল-মূলত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ যি আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই অপকাৰী কিন্তু বজাৰৰ শাক-পাচলিত থকা ৰাসায়নিক পদাৰ্থসমূহ কেনেকৈ দূৰ কৰিব-

Published : March 15, 2025 at 1:25 PM IST
বজাৰৰ পৰা ক্ৰয় কৰি অনা শাক-পাচলি বা ফল-মূলত অতি মাত্ৰা ৰাসায়নিক পদাৰ্থ থাকে বুলি সততে অভিযোগ শুনা যায় ৷ কেতিয়াবা এনে শাক-পাচলি বা ফল-মূল কিছুদিন ঘৰত থোৱাৰ পিছতে আচৰিত ধৰণে গেলি যোৱাও দেখিবলৈ পোৱা যায় ৷ এনে দৃশ্যই এই খাদ্যবস্তুসমূহত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ স্পষ্ট ইংগিত দিয়ে ৷ শাক-পাচলি, ফল-মূলৰ উপৰিও আন বহু বস্তুতে সাম্প্ৰতিক সময়ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় ৷ উৎপাদন বৃদ্ধিৰ লগতে পোক-পৰুৱাৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ খাদ্যবস্তুত বিভিন্ন ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় ৷
স্বাস্থ্যৰ বাবে হানিকাৰক শাক-পাচলিত থকা ৰাসায়নিক পদাৰ্থ
আমি সকলোৱে জানো যে খেতিয়কে কীট-পতংগ নাশ কৰিবলৈ শাক-পাচলিত বিভিন্ন ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰে আৰু এই পাচলিসমূহেই চিধাই বজাৰত বিক্ৰী হয় যি আমাৰ শৰীৰত প্ৰৱেশ কৰিলে আমাৰ শৰীৰৰ যথেষ্ট ক্ষতিসাধন কৰিব পাৰে ৷ একাংশ শাক-পাচলি ব্যৱসায়ীয়ে শাক-পাচলিক সতেজ আৰু আকৰ্ষণীয় দেখাবলৈ কিছুমান ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়, যেনে মালাচাইট গ্ৰীণ আৰু ৰোডামাইন বি । ইফালে শাক-পাচলি নষ্ট নহ’বলৈ কিছুমান ৰাসায়নিক পদাৰ্থ যেনে ছালফাৰ ডাই অক্সাইড আৰু ছালফাইট যিয়ে আমাৰ শৰীৰৰ ব্যাপক ক্ষতিসাধন কৰিব পাৰে ।
বজাৰৰ শাক-পাচলিত থকা ৰাসায়নিক পদাৰ্থসমূহ কেনেকৈ দূৰ কৰিব ?
এই ৰাসায়নিক পদাৰ্থসমূহ আমাৰ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক ৷ দীঘলীয়া সময় ধৰি এনে ৰাসায়নিক পদাৰ্থসমূহ খাদ্যৰ জৰিয়তে আমাৰ দেহত প্ৰৱেশ কৰিলে শৰীৰৰ বহু ক্ষতি হোৱাৰ আশংকা থাকে ৷ গতিকে খাদ্যবস্তুৰ পৰা এনে পদাৰ্থসমূহ আঁতৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷ পিছে শাক-পাচলি, ফল-মূল তথা আন খাদ্যবস্তুৰ পৰা ৰাসায়নিক পদাৰ্থ কিদৰে আঁতৰ কৰিব পাৰি, সেই বিষয়ে জানিব লাগিব ৷ এনে কিছু সহজ টিপছ চাওঁ আহক-
শাক-পাচলি ৰন্ধাৰ পূৰ্বে কুহুমীয়া পানীত ভালদৰে ধুলে বিষাক্ত পদাৰ্থ আঁতৰি যাব ৷ ঠাণ্ডা পানীৰে ধুলে কীটনাশক সঠিকভাৱে আঁতৰি নাযায় আৰু অতি গৰম পানীৰে ধুলে খাদ্যবস্তুবিধৰ নষ্ট হ’ব পাৰে ৷ সেয়ে কুহুমীয়া পানী ব্যৱহাৰ কৰা উচিত ৷ একেদৰে ফল খোৱাৰ পূৰ্বেও কুহুমীয়া পানীৰে ধুই খাব লাগে ৷ এটা পাত্ৰত পানী লৈ আধা চামুচ নিমখ দিব ৷ এতিয়া সেই পানী উতলাই মিহলাই লওক, যাতে সকলো নিমখ ভালদৰে মিহলি হয় ৷
এতিয়া এই নিমখীয়া পানীত ফলমূল আৰু শাক-পাচলি ভালদৰে ধুই লওক আৰু তাৰ পিছত টেপৰ পানীৰে ধুই লওক ৷ আপোনাৰ খাদ্য ৰাসায়নিক পদাৰ্থমুক্ত হ’ব ৷ ফলমূল আৰু শাক-পাচলি পাতল ভিনেগাৰত এটা ডাঙৰ বাটিত কিছু সময় তিয়াই থব পাৰে ৷ তাৰ পিছত ঠাণ্ডা পানীৰে ধুই খাব পাৰে ৷
বিভিন্ন ধৰণৰ ফল-মূল আৰু শাক-পাচলিৰ বাকলি গুচাই খাব পাৰি ৷ এনে খাদ্য ভালকৈ ধুই বাকলি গুচাই পুনৰ পানীত ধুই ল’ব লাগে ৷ এচামুচ নেমুৰ ৰস আৰু দুচামুচ বেকিং ছ’ডা ভালদৰে মিহলাই লওক ৷ এই মিশ্ৰণটো প্ৰায় একাপ পানীৰ লগত মিহলাই পাতল কৰি লওক ৷ বটলত ভৰাই ঠাণ্ডা ঠাইত ৰাখিব ৷ এই মিশ্ৰণটো ফল-মূল আৰু শাক-পাচলিৰ ওপৰত ব্যৱহাৰৰ পূৰ্বে স্প্ৰে’ কৰি ল’ব পাৰে ৷
পানীৰে ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ এখন গৰম পানীত তিয়াই ফল-মূলৰ পৃষ্ঠভাগ ভালদৰে মচিব লাগে ৷ পানীৰে ধোৱাৰ পিছতো যদি খাদ্যবস্তুবিধত কোনো অপকাৰী পদাৰ্থ লাগি থাকে, তেতিয়া সেয়া দূৰ হ’ব ৷ এইদৰে কিছুমান সহজ পদ্ধতি ব্যৱহাৰ কৰি খাদ্যৰ পৰা ৰাসায়নিক পদাৰ্থ দূৰ কৰিব পাৰে আৰু আপোনাৰ দেহক সম্ভাৱ্য কিছুমান অপকাৰিতাৰ পৰা ৰক্ষা কৰিব পাৰে ৷
উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC9050770/
লগতে পঢ়ক

