ETV Bharat / health

PCOS: কৈশোৰ কালৰ পৰাই কিয় বাঢ়ি যায় এই ৰোগৰ আশংকা ?

ভুল খাদ্যাভ্যাস আৰু ব্যস্ততাৰে ভৰা জীৱনশৈলীৰ বাবে বহু মহিলা পলিচিষ্টিক অভাৰী চিনড্ৰম ৰোগত ভুগিবলগীয়া হৈছে বৰ্তমান সময়ত ভাৰততো যুৱতীসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে এই ৰোগ-

PCOS and Infertility in India: Why the Silent Threat Begins in Adolescence, Explained by Experts
PCOS: কৈশোৰ কালৰ পৰাই কিয় বাঢ়ি যায় এই ৰোগৰ আশংকা ? (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : September 18, 2025 at 4:12 PM IST

4 Min Read
Choose ETV Bharat

ভাৰতৰ যুৱতীসকলক প্ৰভাৱিত কৰা অন্যতম এক স্বাস্থ্যজনিত সমস্যা হিচাপে পলিচিষ্টিক অভাৰী চিণ্ড্ৰম যাক PCOS বুলিও কোৱা হয় যিয়ে নিৰৱে গা কৰি উঠে যদিও ইয়াৰ বহু সময়ৰ পিচত ধৰা পৰে ৷ অনিয়মিত ঋতুস্ৰাৱ, হৰম’নৰ অস্থিৰতা, ব্ৰণ, আৰু ওজনৰ পৰিৱৰ্তনৰ দ্বাৰা সংজ্ঞায়িত পিচিঅ’এছ প্ৰজনন ৰোগতকৈ বহু বেছি - ই দীৰ্ঘম্যাদী বিপাকীয় অৱস্থা যাৰ গুৰুতৰ প্ৰভাৱ পৰে ৷ বিশেষকৈ চিন্তনীয় কথাটো হ’ল বন্ধ্যাত্বৰ সৈতে ইয়াৰ ক্ৰমাৎ বৃদ্ধি পোৱা সম্পৰ্ক, যিটো সমস্যা বেছিভাগ মহিলাই পৰিয়াল গঢ়িবলৈ চেষ্টা আৰম্ভ নকৰালৈকে অনুভৱ নকৰে ৷ বিশেষজ্ঞসকলে সকীয়াই দিছে যে এই অৱস্থাটো লক্ষ্যণীয় হোৱাৰ সময়লৈকে পিচিঅ’এছে বছৰ বছৰ ধৰি হৰম’ন আৰু প্ৰজনন স্বাস্থ্যৰ নিৰৱে ক্ষতি কৰিব পাৰে ৷

মন কৰিবলগীয়া যে, এই নিৰৱ ভাবুকিটো প্ৰায়ে বেছিভাগ মানুহে উপলব্ধি কৰাতকৈ বহু আগতেই প্ৰকাশ পায়, কৈশোৰ কালত ৷ কিশোৰী ছোৱালীয়ে অনিয়মিত মাহেকীয়া, হিৰ্চুটিজম, বা ওজন বৃদ্ধিৰ দৰে লক্ষণ অনুভৱ কৰিব পাৰে, কিন্তু এইবোৰক প্ৰায়ে স্বাভাৱিক যৌৱনকালৰ পৰিৱৰ্তন বুলি উলাই কৰা হয় ৷ এই অজ্ঞানতা আৰু আগতীয়া হস্তক্ষেপৰ অভাৱে পিচিঅ’এছক নিৰ্ণয় নোহোৱাকৈয়ে থাকিবলৈ দিয়ে, যাৰ ফলত আৰু অধিক বন্ধ্যাত্বৰ সৃষ্টি হয় ৷ ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত ফাৰ্টিলিটি আৰু আইভিএফৰ বিশেষজ্ঞ ডাঃ নিধি ত্ৰিপাঠীয়ে বুজাইছে যে, জীৱনশৈলীৰ পৰিৱৰ্তন, চিকিৎসাৰ পৰামৰ্শ, আৰু সজাগতাৰ জৰিয়তে সময়োপযোগী চিকিৎসাই এই অৱস্থাই মহিলাৰ প্ৰজনন ভাগ্যত নীৰৱে প্ৰভাৱ পেলোৱাৰ পৰা ৰক্ষা কৰাৰ মূল চাবিকাঠি ৷

পিচিঅ’এছে প্ৰজনন ক্ষমতাত কেনেদৰে প্ৰভাৱ পেলায় ?

পিচিঅ’এছ হৈছে এনোভুলেটৰী বন্ধ্যাত্বৰ এটা প্ৰধান কাৰণ ৷ এই অৱস্থাই হৰম’নৰ ধাৰাবাহিক পৰিৱৰ্তনৰ জৰিয়তে ডিম্বাণু নিঃসৰণত ব্যাঘাত জন্মায়—অস্বাভাৱিক গ’নাড’ট্ৰপিন নিঃসৰণ, লুটিনাইজিং হৰম’নৰ মাত্ৰা বৃদ্ধি, অতিৰিক্ত এণ্ড্ৰজেন আৰু ইনচুলিন প্ৰতিৰোধ ক্ষমতা ৷

ডাঃ নিধি ত্ৰিপাঠীয়ে ব্যাখ্যা কৰে যে, "এই কাৰকসমূহে একেলগে চিকিৎসকে 'ফোলিকুলাৰ এৰেষ্ট' বুলি কোৱা কথাটোৰ সৃষ্টি কৰে, য'ত কণী পৰিপক্ক হ'বলৈ আৰম্ভ কৰে যদিও মুক্ত হ'ব নোৱাৰে ৷ ডিম্বাণু নিৰ্গত হ'লেও কম গ্ৰহণযোগ্য এণ্ডোমেট্ৰিয়ামৰ বাবে ইমপ্লাণ্টেচনত প্ৰভাৱ পৰিব পাৰে ৷"

ৰাষ্ট্ৰীয় পৰিসংখ্যাই এই প্ৰত্যাহ্বানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷ আইজেএমআৰৰ অধ্যয়ন (২০১৯)ত দেখা গৈছে যে নিদানৰ মাপকাঠী আৰু অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি লক্ষ্ণৌত ৩.৭ শতাংশৰ পৰা মুম্বাইত ২২.৫ শতাংশলৈকে এই প্ৰাদুৰ্ভাৱ ৷ অতি শেহতীয়াকৈ বিএমচি ২০২৫ চনৰ এক সমীক্ষাত দেখা গৈছে যে দিল্লীৰ কলেজলৈ যোৱা মহিলাসকলৰ ১৭.৪ শতাংশৰ পিচিঅ’এছ আছিল— ভাৰতৰ এই বয়সৰ গোটৰ বাবে সৰ্বাধিক ৰেকৰ্ড কৰা পৰিসংখ্যাৰ ভিতৰত অন্যতম ৷ এই পৰিসংখ্যাই ইমানবোৰ যুৱতীয়ে কিয় পিচিঅ’এছৰ সৈতে জড়িত বন্ধ্যাত্বৰ সন্মুখীন হ’বলগীয়া হয়, সেই বিষয়ে পোহৰ পেলায় ৷

বহল স্বাস্থ্য আৰু সামাজিক চিন্তা

ইয়াৰ পৰিণতি প্ৰজননৰ বহু ওপৰলৈকে বিস্তৃত হৈ পৰে ৷ মেদবহুলতা, টাইপ ২ ডায়েবেটিছ, হৃদৰোগ, মানসিক অশান্তিৰ সৈতে পিচিঅ’এছৰ প্ৰবল সম্পৰ্ক আছে ৷ আনকি ভাৰতৰ ক্ষীণ মহিলাসকলৰো বিপাকীয় ক্ৰিয়াৰ আশংকা অধিক হোৱা দেখা গৈছে ৷ বিশ্বব্যাপী প্ৰমাণো সমানেই আতংকজনক: ২০২৫ চনৰ ফ্ৰন্টিয়াৰ্ছ ইন এণ্ডক্ৰাইন’লজীত কৰা এক অধ্যয়নত ১৯৯০ চনৰ পৰা ১০-২৪ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত ৫৬ শতাংশ বৃদ্ধি পোৱাৰ নথিভুক্ত কৰা হৈছে, ভাৰতকে ধৰি এছিয়াত এই সংখ্যা আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ মানসিক চাপ, খাদ্যৰ পৰিৱৰ্তন, বহি থকা অভ্যাস এই সকলোবোৰেই ইয়াৰ অৰিহণা যোগোৱা কাৰক ৷

পিচিঅ’এছ সম্পৰ্কীয় বন্ধ্যাত্ব অকলে পৰিচালনা কৰিব নোৱাৰি ৷ জীৱনশৈলীৰ পৰিৱৰ্তন, সময়মতে ৰোগ নিৰ্ণয়, চিকিৎসা, আৰু মানসিক সহায়ৰ সংমিশ্ৰণেৰে এক সামগ্ৰিক পদ্ধতি অতি প্ৰয়োজনীয় ৷ পিচিঅ’এছক প্ৰজনন আৰু বিপাকীয় অৱস্থা হিচাপে স্বীকৃতি দিলে স্বাস্থ্যসেৱা ব্যৱস্থাই সময়মতে হস্তক্ষেপ কৰিব পাৰে, দীৰ্ঘম্যাদী জটিলতা হ্ৰাস কৰিব পাৰে, আৰু যুৱতীসকলৰ প্ৰজনন ফলাফল উন্নত কৰিব পাৰে ৷

লগতে পঢ়ক

  1. Irregular Periods: মাহত দুবাৰকৈ ঋতুস্ৰাৱ হোৱাৰ মূল কাৰণ কি ?
  2. PCOS Diet: যদি আপুনি PCOSৰ সৈতে যুঁজি আছে তেন্তে ভুলতো গ্ৰহণ নকৰিব এই খাদ্য
  3. PCOD and mental Health: PCODয়ে মহিলাৰ মানসিক স্বাস্থ্যও নষ্ট কৰে নেকি ? বিশেষজ্ঞৰ মতামত জানি লওক