ETV Bharat / health

কাহ চৰ্দি হোৱাৰ সময়ত শিশুৰ খাদ্যৰ খুওৱাৰ সৈতে জড়িত 4টা ভুল ধাৰণা

অসুস্থতাৰ সময়ত শিশুক খাদ্য খুৱাৰ কথা আহিলে পিতৃ-মাতৃয়ে বহুতো ভুল ধাৰণাক বিশ্বাস কৰে যিয়ে শিশুটিৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে-

Nutrition Myths and Facts for Sick Babies: Expert Advice from a Pediatrician
কাহ চৰ্দি হোৱাৰ সময়ত শিশুৰ খাদ্যৰ খুওৱাৰ সৈতে জড়িত 4টা ভুল ধাৰণা (ETV Bharat)
author img

By ETV Bharat Health Team

Published : February 17, 2025 at 5:08 PM IST

4 Min Read
Choose ETV Bharat

অভিভাৱক হিচাপে আমি সকলোৱে বিচাৰো যে আমাৰ সন্তানটি সদায় যাতে সুস্থ হৈ থাকে ৷ কিন্তু বতৰ সলনি হোৱাৰ লগে লগে আমাৰ দুৱাৰত বেমাৰে টোকৰ মাৰিবলৈ আৰম্ভ কৰে ৷ শৈশৱত বেমাৰ হোৱাটো তেনেই সাধাৰণ কথা, কিন্তু শিশুটি অসুস্থ হ’লে পিতৃ-মাতৃয়ে সেইবোৰৰ যত্ন লোৱাৰ সময়ত বহুতো ভুল ধাৰণাৰ সন্মুখীন হ’বলগীয়া হয় ৷ বিশেষকৈ অসুস্থতাৰ সময়ত শিশুক খাদ্য খুওৱাৰ কথা আহিলে পিতৃ-মাতৃয়ে বহুতো বিভ্ৰান্তিত পৰিবলৈ আৰম্ভ কৰে আৰু শেষত সন্তানটিৰ স্বাস্থ্যৰ সৈতে হেতালি খেলে কৰে ৷ সেয়ে আজিৰ এই প্ৰতিবেদনত আমি নয়দাৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ মোহিত ছেঠীৰ পৰা অসুস্থতাৰ সময়ত শিশুক কি খুৱাব লাগে তথা ইয়াৰ সৈতে জড়িত ভুল ধাৰণা আৰু সত্যৰ বিষয়ে জানো আহক-

ভুল ধাৰণা ১: শিশুক কাহ আৰু চৰ্দি হ’লে কল খুৱাব নালাগে

সত্য: ডাঃ মোহিতে কৈছে যে, আজিও বেছিভাগ ভাৰতীয় ঘৰতে শিশুক কাহ আৰু চৰ্দি হ’লে কল খুৱাব নালাগে বুলি বিশ্বাস কৰে ৷ বহুতে ভাবে যে কল খালে শিশুটি অধিক চৰ্দিত ভুগিব পাৰে ৷ কিন্তু তেনেকুৱা একো নহয় ৷ কাহ আৰু চৰ্দিত আক্ৰান্ত শিশুক কল খুৱাব পাৰে ৷ অসুস্থতাৰ সময়ত শিশুৰ জিভাৰ সোৱাদ নষ্ট হৈ যায় আৰু এনে পৰিস্থিতিত তেওঁলোকে যি খাবলৈ ইচ্ছা কৰে খাবলৈ দিব লাগে ৷ যাতে তেওঁলোকে পুষ্টিকৰ উপাদানসমূহ লাভ কৰিব পাৰে ৷

ভুল ধাৰণা ২: শীতকালত অসুস্থ হ’লে আমি দৈ খুৱাব পাৰোনে ?

সত্য: চৰ্দি আৰু কাহ হ’লে পিতৃ-মাতৃয়ে প্ৰায়ে সন্তানক দৈ নিদিয়ে ৷ অৱশ্যে তেনেকুৱা নহয় ৷ শিশুটিক কোঠাৰ উষ্ণতাৰ সৈতে খাপ খোৱা দৈ খুৱাব পাৰে ৷ দৈত প্ৰ’বায়’টিক থাকে ৷ ইয়াৰ ফলত পেটত ভাল বেক্টেৰিয়া বৃদ্ধি পায় যিটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ সেয়েহে পিতৃ-মাতৃয়ে সন্তান অসুস্থ হ’লে কোনো সংকোচ নকৰাকৈ দৈ খুৱাব পাৰে ৷ কিন্তু মনত ৰাখিব যে দৈ ফ্ৰীজত ৰাখিব নালাগে ৷

ভুল ধাৰণা ৩: জ্বৰ হোৱাৰ সময়ত শিশুটিক খাবলৈ বাধ্য কৰাব লাগে

সত্য: অসুস্থ শিশুৰ ভোক কম হোৱাটো স্বাভাৱিক ৷ শিশুক জোৰকৈ খাবলৈ দিলে তেওঁলোকৰ অৱস্থা আৰু বেয়া হ’ব পাৰে ৷ শিশুৰোগ বিশেষজ্ঞগৰাকীয়ে কয় যে, শিশুক অসুস্থতাৰ সময়ত কেতিয়াও বলপূৰ্বকভাৱে খাবলৈ দিয়াটো উচিত নহয় ৷ ইয়াৰ পৰিৱৰ্তে লঘু আৰু হজম হোৱা খাদ্য, যেনে খিচড়ি, চূপ বা দাইল দিব লাগে ৷ লগতে শিশুৰ হাইড্ৰেচনৰ কথা মনত ৰাখি পৰ্যাপ্ত পৰিমাণৰ পানী আৰু অ’ আৰ এছ দিব লাগে ৷

ভুল ধাৰণা ৪: শিশুৰ কাহ হ’লে ভাত খাবলৈ দিব নালাগে

সত্য: কোৱা হয় ধানৰ শীতল প্ৰভাৱ আৰু শ্লেষ্মা গঠনৰ গুণ আছে ৷ চৰ্দি আৰু কাহ হ’লে ভাত খুৱালে কফ বৃদ্ধি পায় ৷ ডাঃ মোহিত ছেঠীৰ মতে, শিশুৰ কাহ হ’লে ভাত খুৱাব পাৰে ৷ কিন্তু মনত ৰাখিব যে শিশুটিক সদায় গৰম ভাত খুওৱাটো উচিত ৷ কাহ বা আন কোনো ৰোগ হ’লে শিশুটিক ঠাণ্ডা ভাত খাবলৈ নিদিব ৷

অসুস্থতাৰ সময়ত শিশুক কি খুৱাব নালাগে ?

ডাঃ মোহিত ছেঠীয়ে কয় যে, অসুস্থতাৰ সময়ত শিশুক কেৱল পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ঘৰতে ৰন্ধা খাদ্যহে দিব লাগে ৷ ইয়াৰ বাহিৰেও তলত দিয়া বস্তুবোৰ শিশুক অসুস্থতাৰ সময়ত খাবলৈ দিব নালাগে...

  • চিপচ আৰু ঠাণ্ডা পানীয়
  • ফ্ৰীজত ৰখা বস্তু
  • আইচক্ৰীম
  • ভজা মছলাযুক্ত খাদ্য
  • টেঙা খাদ্য (নেমু, আচাৰ)

উপসংহাৰ

শিশু এটা অসুস্থ হ’লে পিতৃ-মাতৃয়ে বুজাটো উচিত যে প্ৰত্য়েকটি শিশুৱেই শৰীৰৰ ধৰণ বেলেগ বেলেগ ৷ যিকোনো ভুল ধাৰণা বিশ্বাস কৰাৰ আগতে নিশ্চয়কৈ বৈজ্ঞানিক তথ্য লৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. শিশুৰ ডায়েৰীয়া হ’লে ORS খুওৱাটো কিমান প্ৰয়োজনীয় ? - Child Health Care
  2. আপোনাৰ সন্তানটিৰ জীৱনলৈ বিপদ মাতিব পাৰে ম’বাইল ফোনে
  3. Child Health Care: শিশুৰো হ’ব পাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ; অভিভাৱকসকলে কেনেদৰে ল’ব যতন