ETV Bharat / health

হৃদযন্ত্ৰ সুস্থ ৰখাৰ ক্ষেত্ৰত মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ গুৰুত্ব কিমান ? - ORAL HYGIENE

বহুলোকে দৈনন্দিন কৰা এই সৰু ভুলটোৱে হৃদযন্ত্ৰৰ কেনেদৰে ক্ষতি কৰে, এই ভুল কামটো কি বাৰু, আজি জানো আহক-

Not brushing before bed? Harvard doctor warns of 3 terrifying heart risks
হৃদযন্ত্ৰ সুস্থ ৰখাৰ ক্ষেত্ৰত মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ গুৰুত্ব কি জানেনে ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : April 8, 2025 at 1:01 PM IST

5 Min Read

ৰাতি শুবলৈ যোৱাৰ পূৰ্বে আপুনিও দাঁত ব্ৰাছ কৰিবলৈ পাহৰে নেকি ? যদি পাহৰে, তেন্তে এয়া আপোনাৰ বাবে বিপদজনক হ’ব পাৰে ৷ আপুনি ৰাতি ব্ৰাছ নকৰাকৈ শুবলৈ যোৱাৰ ফলত আপোনাৰ হাৰ্ট এটেক হ’ব পাৰে ৷ হয়, শেহতীয়া এক গৱেষণাত প্ৰমাণ হৈছে যে, ৰাতি ব্ৰাছ নকৰাকৈ শুলে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি হয় ৷

গৱেষণাত পোহৰলৈ অহা মতে, ৰাতি দাঁত ভালকৈ পৰিস্কাৰ নকৰিলে মুখত বেক্টেৰিয়াৰ জন্ম হ’ব পাৰে, যি পোনপটীয়াকৈ তেজত দ্ৰৱীভূত হৈ হৃদযন্ত্ৰৰ স্বাস্থ্যত প্ৰভাৱ পেলায় ৷ এই অসাৱধানতাৰ বাবে হাৰ্ট এটেকৰ আশংকা বৃদ্ধি হয় ৷ এই সৰু ভুলটোৱে হৃদযন্ত্ৰৰ কেনেদৰে ক্ষতি কৰে, প্ৰতি নিশা দাঁত ব্ৰাছ কৰাটো কিয় গুৰুত্বপূৰ্ণ, আজি জানো আহক-

হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতা

মুখৰ স্বাস্থ্যৰ ওপৰতেই হৃদযন্ত্ৰৰ স্বাস্থ্য নিৰ্ভৰ কৰে ৷ দাঁতবোৰ সঠিকভাৱে পৰিস্কাৰ কৰি ৰাখিলে হৃদযন্ত্ৰও সুস্থ হৈ থাকে ৷ দাঁত-মুখ চাফা কৰি ৰাখিয়েই খুব সহজভাৱে আপুনি আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে ৷ শেহতীয়াকৈ এজন আমেৰিকান চিকিৎসকে প্ৰকাশ কৰিছে যে দাঁত-মুখ চাফা হৈ নাথাকিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হয় ৷

ৰাতি দাঁত ব্ৰাছ নকৰিলে কি হ’ব পাৰে ?

ৰাতি শুবলৈ যোৱাৰ আগতে যদি আপুনি দাঁত ব্ৰাছ নকৰে, তেন্তে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে ৷ গৱেষণাত দেখা গৈছে যে নিয়মিতভাৱে দাঁত ব্ৰাছ নকৰা লোকৰ হৃদৰোগৰ সম্ভাৱনা বেছি ৷

মুখত বেক্টেৰিয়াৰ বিপদ

স্বাস্থ্য বিশেষজ্ঞৰ মতে, মুখত থকা বেক্টেৰিয়া পোনে পোনে তেজলৈ যাব পাৰে ৷ যাৰ ফলত মুখ ফুলি উঠিব পাৰে ৷ এই প্ৰদাহে সময়ৰ লগে লগে হৃদযন্ত্ৰত প্ৰভাৱ পেলায় ৷ মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ ফলত হোৱা দাঁতৰ আলুৰ বিভিন্ন ৰোগেও হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

দৈনিক দাঁত পৰিস্কাৰ কৰিলে সুস্থ হৈ থাকে হৃদযন্ত্ৰ

আমেৰিকাৰ বিশেষজ্ঞই কৰা এই গৱেষণাত প্ৰমাণ হোৱা মতে, যিসকল লোকে দৈনিক পুৱা-ৰাতি দাঁত পৰিস্কাৰ কৰে, তেওঁলোকৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকে ৷

কিদৰে ল’ব মুখৰ যত্ন ?

দিনটোত দুবাৰ ব্ৰাছ কৰিব

প্ৰতিদিনে পুৱা আৰু ৰাতি কমেও দুমিনিটৰ বাবে দাঁত ভালদৰে ব্ৰাছ কৰিব ৷ ইয়াৰ দ্বাৰা দাঁতত জমা হোৱা বেক্টেৰীয়া আৰু প্লেক আঁতৰাব পাৰি ৷ ব্ৰাছ কৰাৰ সময়ত বৃত্তাকাৰ গতিৰে ব্ৰাছ কৰি দাঁতৰ প্ৰতিটো অংশ ভালদৰে পৰিস্কাৰ হয় ৷

ফ্লছ ব্যৱহাৰ কৰিব

কেৱল ব্ৰাছ কৰিলেই নহ’ব ৷ দাঁতৰ মাজত আবদ্ধ হৈ থকা মলি আঁতৰাবলৈ ফ্লছ ব্যৱহাৰ কৰিব লাগে ৷ দিনটোত এবাৰ হ’লেও এই কাম কৰক ৷

মাউথৱাছ ব্যৱহাৰ কৰিব

মাউথৱাছে কেৱল সতেজতা প্ৰদান কৰাই নহয়, ই বেক্টেৰিয়াও নিধন কৰে ৷ দিনটোত এবাৰ মাউথৱাছ ব্যৱহাৰ কৰিব লাগে ৷

স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব

চেনি আৰু এচিডিক খাদ্য পৰিহাৰ কৰিব ৷ কিয়নো ই দাঁতৰ ইনামেলৰ ক্ষতি কৰে ৷ দাঁতৰ শক্তি বৃদ্ধি কৰিবলৈ কেলচিয়াম সমৃদ্ধ খাদ্য যেনে সেউজীয়া শাক-পাচলি, ফল-মূল, গাখীৰ খাব ৷

দাঁতৰ বাবে উপযুক্ত টুথব্ৰাছ বাছনি কৰিব

কোমল ব্ৰিষ্টল থকা টুথব্ৰাছ বাছনি কৰিব, যিয়ে দাঁত আৰু আলুৰ কোনো ক্ষতি নকৰে ৷ প্ৰতি ৩ মাহৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিব লাগে ৷

দৈনিক পানী খাব

পানী খোৱাৰ ফলত মুখত থকা বেক্টেৰিয়া কমি যোৱাৰ লগতে দাঁত সুস্থ হৈ থাকে ৷

নিয়মীয়াকৈ দন্ত পৰীক্ষা কৰিব

বছৰত কমেও দুবাৰ দন্ত চিকিৎসকৰ ওচৰৈল গৈ দাঁত পৰীক্ষা কৰিব ৷ ইয়াৰ দ্বাৰা দাঁতৰ যিকোনো সমস্যা সময়মতে ধৰা পেলাব পৰা যায় ৷

ধূমপান পৰিহাৰ কৰিব

ধঁপাত, চিগাৰেট, পান মছলা আদিবোৰ দাঁতৰ বাবে ক্ষতিকাৰক ৷ ইয়াৰ ফলত দাঁতৰ ক্ষতি হ’ব পাৰে আৰু দাঁতৰ আঁঠু ফুলি উঠিব পাৰে ৷

এই সহজ ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে আপুনি আপোনাৰ দাঁত সুস্থ আৰু শক্তিশালী কৰি ৰাখিব পাৰে ৷ মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটো কেৱল দাঁতৰ বাবেই নহয়, আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ ৷

উৎস:-https://www.brownhealth.org/be-well/are-tooth-brushing-habits-tied-heart-health#:~:text=Poor%20dental%20hygiene%20has%20an,people%20with%20poorer%20oral%20hygiene.

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খায় নেকি ? জানি লওক লোকচান
  2. দাঁত ক্ষয়ৰ বাবে মুখ বন্ধ কৰি থাকিব লগা হৈছে নেকি ? তেন্তে এয়া লওক উপায় - Dental Care Tips
  3. এডাল টুথব্ৰাছ কিমান দিনলৈ ব্যৱহাৰ কৰিব লাগে ? আজিয়েই জানি লওক অন্যথা হ’ব ডাঙৰ লোকচান - Toothbrush Make You Sick

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.