ETV Bharat / health

নৱবৰ্ষত নিজকে সুস্থ ৰাখিবলৈ কৰক এই ৩টা পৰিৱৰ্তন

যদি আপুনি নতুন বৰ্ষত এটি সুস্থ জীৱনশৈলী মানি চলিব বিচাৰিছে তেন্তে আপোনাৰ খাদ্যাভ্যাসত কৰক এই ৩টা পৰিৱৰ্তন-

Unhealthy Habits To Avoid
নৱবৰ্ষত নিজকে সুস্থ ৰাখিবলৈ কৰক এই ৩টা পৰিৱৰ্তন (ETV Bharat)
author img

By ETV Bharat Health Team

Published : January 1, 2025 at 1:33 PM IST

3 Min Read
Choose ETV Bharat

Healthy lifestyle: নতুন বছৰে কঢ়িয়াই আনে নতুন আৰম্ভণিৰ বাৰ্তা, আৰু এইটোৱেই হৈছে নিজকে উন্নত কৰাৰ উপযুক্ত সময় । আমাৰ বেছিভাগেই উন্নত স্বাস্থ্যৰ বাবে নতুন পৰিকল্পনা কৰে, কিন্তু প্ৰায়ে সঠিক খাদ্যাভ্যাসক আওকাণ কৰোঁ । যদি আপুনিও ২০২৫ চনত নিজকে সুস্থ তথা শক্তিশালী হিচাপে গঢ়ি তুলিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাসত কৰক এই ৩টা পৰিৱৰ্তন-

এই অভ্যাসবোৰ কৰক গ্ৰহণ

১) জাংক ফুডক দিয়ক বিদায়

জাংক ফুড সেৱন আজি এক সাধাৰণ কথা হৈ পৰিছে । খাবলৈ সোৱাদযুক্ত হ’লেও ইহঁতত পুষ্টিকৰ উপাদানৰ যথেষ্ট কমকৈ আছে । এইবোৰত থকা অতিৰিক্ত চেনি, ট্ৰান্স ফেট আৰু ছডিয়ামে আমাৰ শৰীৰত মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগৰ সৃষ্টি কৰে । নতুন বছৰত বাহিৰৰ পৰা ভজা আৰু প্ৰচেছড খাদ্য খোৱা কম কৰিবলৈ চেষ্টা কৰক । তাৰ পৰিৱৰ্তে সুষম ঘৰতে বনোৱা খাদ্য খোৱাৰ অভ্যাস কৰক ।

Unhealthy Habits To Avoid
জাংক ফুডক দিয়ক বিদায় (ETV Bharat)

২) উপযুক্ত পৰিমাণে পানী খাওক

আমাৰ বহুতেই পৰ্যাপ্ত পৰিমাণে পানী নাখায়, যাৰ ফলত শৰীৰটো ডিহাইড্ৰেচনত ভুগে । পানীয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰে । নতুন বছৰত দিনটোত কমেও ৮-১০ গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক । যদি আপুনি পানী খাবলৈ পাহৰি যায় তেন্তে আপোনাৰ ফোনত এটা ৰিমাইণ্ডাৰ ছেট কৰক ।

Unhealthy Habits To Avoid
উপযুক্ত পৰিমাণৰ পানী খাওক (ETV Bharat)

৩) ৰাতিৰ আহাৰ লঘু আৰু সময় মতে খালে

গধুৰ আৰু পলমকৈ খালে পাচনতন্ত্ৰত অতি বেয়া প্ৰভাৱ পৰে । ইয়াৰ ফলত এচিডিটি, মেদবহুলতা আৰু টোপনিৰ সমস্যা হ’ব পাৰে । ২০২৫ চনত এটা নিয়ম বনাওক যে ৰাতিৰ আহাৰ লঘু, পুষ্টিকৰ হ’ব লাগে আৰু শুবলৈ যোৱাৰ পূৰ্বে ২-৩ ঘণ্টা আগতে খাব লাগে । ইয়াৰ বাবে আপুনি দালি, শাক-পাচলি, চালাড আৰু চূপৰ দৰে বিকল্প বাছি ল’ব পাৰে ।

Unhealthy Habits To Avoid
ৰাতিৰ আহাৰ লঘু আৰু সময় মতে খালে (ETV Bharat)

দূৰ হ’ব ৰোগ

নতুন বছৰত আপোনাৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ এক ভাল সুযোগ আছে । এই ৩টা সহজ কিন্তু ফলপ্ৰসূ অভ্যাস গ্ৰহণ কৰিলে আপুনি কেৱল ৰোগৰ পৰা আঁতৰি থকাই নহয়, উন্নত আৰু সুস্থ জীৱনশৈলীও মানি চলিব পাৰে । গতিকে এই বছৰ আপোনাৰ প্লেটত পৰিৱৰ্তন আনি সুস্থ জীৱনৰ দিশে আগবাঢ়ি যাওক ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. নৱবৰ্ষৰ আনন্দ দুগুণ বৃদ্ধি কৰিবলৈ মেন্যুত অন্তৰ্ভুক্ত কৰিব পাৰে এইসমূহ খাদ্য
  2. ২০২৫ বর্ষত কি ৰং ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব ?