ETV Bharat / health

কেন্সাৰ ৰোগীৰ বাবে সুখবৰ! পোৱা গ’ল এইবিধ কেন্সাৰৰ ঔষধ, জানক কোন ষ্টেজত ই উপকাৰী

শেহতীয়াকৈ ইংলেণ্ডৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাই (NHS) এটি নতুন ঔষধৰ অনুমোদন জনাইছে যিয়ে জৰায়ুৰ কৰ্কট ৰোগৰ চিকিৎসাত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে, সবিশেষ পঢ়ক-

NEW CANCER MEDICINE
কেন্সাৰ ৰোগীৰ বাবে সুখবৰ! পোৱা গ’ল এইবিধ কেন্সাৰৰ ঔষধ, জানক কোন ষ্টেজত ই উপকাৰী (ETV Bharat Assam)
author img

By ETV Bharat Health Team

Published : August 6, 2025 at 11:44 AM IST

4 Min Read
Choose ETV Bharat

কেন্সাৰ ৰোগীৰ বাবে আহিছে এটি ভাল আৰু সকাহদায়ক খবৰ ৷ জনাই দিও যে, কেন্সাৰ ৰোগে প্ৰতি বছৰে বহু লোকৰ প্ৰাণ কাঢ়ে ৷ ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ কিন্তু তাৰ মাজতে কেন্সাৰ ৰোগীৰ বাবে আহিছে এটি ভাল খবৰ ৷ যদি এগৰাকী মহিলাই এণ্ডোমেট্ৰিয়েল বা জৰায়ুৰ কৰ্কট ৰোগৰ উন্নত পৰ্যায়ৰ সৈতে যুঁজি আছে, তেন্তে এতিয়া তেওঁৰ বাবে আশাৰ কিৰণ দেখা হৈছে ৷ শেহতীয়াকৈ এটা নতুন ঔষধ চিকিৎসাৰ বাবে অনুমোদন দিয়া হৈছে, যিয়ে কেৱল কেন্সাৰ বিয়পাত বাধা দিয়াই নহয়, মৃত্যুৰ সম্ভাৱনাও হ্ৰাস কৰে ৷ বিশেষজ্ঞসকলৰ মতে, যিসকল ৰোগীয়ে উন্নত পৰ্যায়ত উপনীত হৈছে, তেওঁলোকৰ বাবে এই ঔষধ বিশেষভাৱে ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ৷

এই ঔষধৰ ব্যৱহাৰে উন্নত পৰ্যায়ৰ জৰায়ুৰ কৰ্কট ৰোগীৰ মৃত্যুৰ সম্ভাৱনা ২৬% হ্ৰাস কৰিব পাৰে ৷ আপোনালোকক জনাই দিও যে, ইংলেণ্ডৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাই (NHS) পেমব্ৰ’লিজুমেব নামৰ এটি নতুন ঔষধৰ অনুমোদন জনাইছে, যিয়ে জৰায়ুৰ কৰ্কট ৰোগৰ চিকিৎসাত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ৷

কেৱল ব্ৰিটেইনতে প্ৰতি বছৰে প্ৰায় ৯৭০০ মহিলা এণ্ডোমেট্ৰিয়েল কেন্সাৰত আক্ৰান্ত হয়, যিয়ে জৰায়ুৰ ভিতৰৰ আৱৰণৰ পৰা আৰম্ভ হয় ৷ এইটোৱেই হৈছে আটাইতকৈ সাধাৰণ স্ত্ৰীৰোগ কৰ্কট ৰোগ ৷ জৰায়ুৰ কৰ্কট ৰোগৰ উন্নত পৰ্যায় আৰু পুনৰাবৃত্তিমূলক কৰ্কট ৰোগৰ চিকিৎসা অতি কঠিন বুলি বিবেচিত হৈছে ৷

নতুন ঔষধে এই মাৰাত্মক ৰোগবিধক কেনেকৈ নিৰাময় কৰিব ?

এতিয়া নেচনেল ইনষ্টিটিউট ফৰ হেল্থ এণ্ড কেয়াৰ এক্সেলেন্সে উন্নত বা পুনৰাবৃত্তিমূলক জৰায়ুৰ কৰ্কট ৰোগ অৰ্থাৎ এণ্ডোমেট্ৰিয়েল কেন্সাৰৰ ক্ষেত্ৰত পেমব্ৰ’লিজুমেব ব্যৱহাৰৰ অনুমোদন জনাইছে ৷ এই কেন্সাৰ প্ৰতিৰোধী ঔষধক Keytruda বুলিও কোৱা হয় ৷ ই এক ইমিউন’থেৰাপি ঔষধ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে ৷

এই ঔষধ কেনেকৈ প্ৰদান কৰা হয় ?

স্বাস্থ্য বিশেষজ্ঞৰ মতে, পেম্ব্ৰ’লিজুমেব কৰ্কট ৰোগীক ড্ৰিপৰ জৰিয়তে কাৰ্ব’প্লেটিন আৰু পেক্লিটেক্সেল নামৰ কেমোথেৰাপি ঔষধৰ সৈতে দিয়া হয় ৷ এই চিকিৎসা ৰোগীক সৰ্বাধিক ২ বছৰলৈ দিব পাৰি ৷ ক্লিনিকেল ট্ৰায়েলতো দেখা গৈছে যে এই চিকিৎসাৰ সংমিশ্ৰণে কেন্সাৰৰ বিস্তাৰ লেহেমীয়া কৰে আৰু মৃত্যুৰ সম্ভাৱনা ২৬% হ্ৰাস কৰে ৷

জৰায়ুৰ কৰ্কট ৰোগৰ লক্ষণ

  • ৰজোনিবৃত্তিৰ পিছত যোনিৰ পৰা ৰক্তক্ষৰণ
  • অস্বাভাৱিক স্ৰাৱ (পানী বা ৰক্তাক্ত)
  • পেট বা শ্ৰোণী অংশত বিষ বা চাপ
  • পেট ফুলা বা ফুলা
  • সঘনাই প্ৰস্ৰাৱ কৰা বা প্ৰস্ৰাৱ কৰাত অসুবিধা হোৱা
  • হঠাৎ ওজন কমি যোৱা, ভাগৰুৱা বা ভোক নলগা

এতিয়ালৈকে চিকিৎসা কেনেদৰে কৰি অহা হৈছে ?

জৰায়ুৰ কৰ্কট ৰোগৰ চিকিৎসা বহু কথাৰ ওপৰত নিৰ্ভৰশীল ৷ যেনে কেন্সাৰ কি পৰ্যায়ত আছে বা ৰোগীৰ আন কোনো স্বাস্থ্যজনিত সমস্যা আছে নেকি ৷ এইবোৰৰ ভিত্তিত অস্ত্ৰোপচাৰ, ৰেডিয়চন বা কেমোথেৰাপি আদি চিকিৎসা কৌশল ব্যৱহাৰ কৰা হয় ৷

এই খবৰে এণ্ডোমেট্ৰিয়েল বা জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত মহিলাসকলৰ বাবে কঢ়িয়াই আনিছে এক নতুন আশাৰ ৰেঙনি ৷ কেইট্ৰুডা (Keytruda) নামেৰেও পৰিচিত পেমব্ৰ’লিজুমেব (Pembrolizumab) নামৰ ঔষধটো এতিয়া উন্নত পৰ্যায়ৰ বা পুনৰাবৃত্তিমূলক জৰায়ুৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰিছে ৷ এই ইমিউন’থেৰাপি ঔষধে কেৱল কেন্সাৰ বিস্তাৰ ৰোধ কৰাত সহায় কৰাই নহয়, মৃত্যুৰ সম্ভাৱনাও ২৬% হ্ৰাস কৰিব পাৰে ৷ এই ঔষধ কেমোথেৰাপি ঔষধৰ সৈতে মিহলাই দিয়া হয়, যাৰ ফলত চিকিৎসা আৰু অধিক ফলপ্ৰসূ হয় ৷

এই নতুন পদক্ষেপে হাজাৰ হাজাৰ মহিলাক সকাহ দিব পৰাই নহয়, কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তনৰ আৰম্ভণি বুলিও গণ্য কৰিব পাৰি ৷ বিশেষকৈ যিসকল ৰোগীয়ে উন্নত পৰ্যায়ত উপনীত হৈছে আৰু যাৰ বাবে এতিয়ালৈকে চিকিৎসা সীমিত বা কম ফলপ্ৰসূ হৈছে, তেওঁলোকৰ বাবে এই ঔষধ উপকাৰী ৷ আগন্তুক সময়ত এই ঔষধে জৰায়ুৰ কৰ্কট ৰোগৰ চিকিৎসাত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব পাৰে ৷

উৎস:-https://www.cancerresearchuk.org/about-cancer/treatment/drugs/pembrolizumab

লগতে পঢ়ক

  1. আগতীয়াকৈ কৰ্কট ৰোগ ধৰা পেলোৱাটো সম্ভৱনে ? ইয়াৰ বাবে কি কৰিব লাগিব আপুনি
  2. জৰায়ুৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ আজিয়েই জানি লওক
  3. জনপ্ৰিয় টিভি অভিনেতাৰ ক’লন কেন্সাৰত মৃত্যু, পুৰুষসকলে কেতিয়াও আওকাণ নকৰিব এই লক্ষণবোৰক