ETV Bharat / health

ক’ৰ’নাই পুনৰ চিন্তাত পেলাইছে সকলোকে, জানক কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ?

COVID-19ৰ নতুন ঢৌয়ে এতিয়া শংকিত কৰি তুলিছে সকলোকে, ইয়াৰ লক্ষণসমূহ কি কি, কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব এই বিষয়ে জনালে ডাঃ জয়ন্ত প্ৰসাদ শৰ্মা-

COVID UPDATE
ক’ৰ’নাই পুনৰ চিন্তাত পেলাইছে সকলোকে, জানক কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ? (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : May 29, 2025 at 1:29 PM IST

3 Min Read
Choose ETV Bharat

২০১৯ চনৰ ডিচেম্বৰৰ শেষ সপ্তাহৰ ফালে আৰম্ভ হোৱা ক’ৰ’না মহামাৰীৰ যেন এতিয়াও অন্ত পৰা নাই ৷ সেইসময়ত প্ৰায় ৫ লাখৰো অধিকলোকৰ মৃত্যু হৈছিল ৷ যোৱা কেইমাহমানৰ পৰা সংক্ৰমণৰ গতি নিয়ন্ত্ৰণত আছিল যদিও এতিয়া এই ভাইৰাছ পুনৰ এবাৰ সক্ৰিয় হৈ উঠিছে ৷ আৰ এন এ ভাইৰাছৰ প্ৰকৃতি অনুসৰি অবিৰতভাৱে মিউটেচন হৈ থাকে, এই ক্ৰমত ক’ৰ’না ভাইৰাছতো মিউটেচন দেখা গৈছে আৰু নতুন ভিন্নতাও উত্থান ঘটিছে ৷

COVID-19ৰ প্ৰভাৱ কিন্তু আজিলৈকে দেশৰ লগতে বিশ্বত দেখা পোৱা গৈছে ৷ বিশ্বৰ লগতে দেশত পুনৰ বহুলোক আক্রান্ত হৈছে ক’ভিড-১৯ত ৷ COVID-19 ৰ নতুন ঢৌয়ে এতিয়া শংকিত কৰি তুলিছে সকলোকে ৷ COVID-19ৰ নতুনকৈ চিনাক্ত হোৱা এই NB.1.8.1 ভেৰিয়েণ্টত আক্রান্ত হৈছে বিশ্বৰ লগতে দেশৰ বহুলোক ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ক’ভিড ডেচব’ৰ্ডৰ তথ্য অনুসৰি যোৱা ২৭ মে’ (মঙলবাৰ) দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ১০১০ জন ৷ তথ্য অনুসৰি ১৯ মে’ৰ পৰা নতুনকৈ ৭৫৩ জন লোক আক্ৰান্ত হৈছে ৷ এতিয়ালৈকে দেশত ক’ৰোনাত আক্ৰান্ত হৈ ৬ জন লোকৰ মৃত্যু হৈছে ৷ বিশেষকৈ মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, তামিলনাডু আৰু ৰাজস্থানত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷

ডাঃ জয়ন্ত প্ৰসাদ শৰ্মা (ETV Bharat Assam)

COVID-19ৰ এই নতুন ভেৰিয়েণ্টৰ সন্দৰ্ভত চিকিৎসাক ডাঃ জয়ন্ত প্ৰসাদ শৰ্মাই কয়,' COVID-19ৰ এই নতুন ভেৰিয়েণ্টতোয়ে খুৱ সহজে বিয়পে ৷ অতি সহজে এই ভাইৰাছটো ইজনৰ পৰা আনজনৰ দেহত বিয়পাৰ সম্ভাৱনাটো বেছি ৷ কিন্তু যদিও এই ভেৰিয়েণ্টৰ সংক্ৰমণৰ ক্ষমতা বৃদ্ধি পাইছে, তথাপিও কিন্তু এই ভাইৰাছৰ গম্ভীৰতা(Seriousness) হোৱা নাই ৷

ইয়াৰ লক্ষণসমূহ কি কি ?

১) জ্বৰ, কাঁহ, চৰ্দি হ'ব পাৰে ৷

২) মূৰৰ বিষ হ'ব পাৰে ৷

৩) ডিঙি শুৰ শুৰুৱাব পাৰে ৷

৪) ভাগৰ ভাগৰ হ'ব পাৰে ৷

৫) ঘ্ৰাণ শক্তি হ্ৰাস পাব পাৰে ৷

৬) পেটৰ অসুখ হ'ব পাৰে ৷

৭) গা বা মাংসপেশীৰ বিষ হ'ব পাৰে ৷

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ?

  • কোনো বিশেষ কাম নাথাকিলে বাহিৰলৈ ওলাই যাব নালাগে ৷
  • বাহিৰলৈ ওলাই গ'লেও মাস্ক পৰিধান কৰিব লাগিব ৷
  • বাহিৰৰ পৰা আহি ভালদৰে হাত-ভৰি চাবোনেৰে ধুব ৷
  • নিজৰ সামগ্ৰী কেৱল নিজেই ব্যৱহাৰ কৰিব ৷ আনক ব্যৱহাৰ কৰিব নিদিব ৷
  • দৈনিক শৰীৰ চৰ্চা কৰাটো অতি প্ৰয়োজন ৷
  • সামাজিক দূৰত্ব বজাই চলিব ৷

কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত

খাদ্যৰ ক্ষেত্ৰত জাংক ফুড গ্ৰহণ নকৰিব ৷ সতেজ শাক-পাচলি, ফল-মূল আদি গ্ৰহণ কৰিব ৷ প্ৰটিনযুক্ত খাদ্য যেনে -মাছ,মাংস,কণী নিয়মীয়া ভাৱে গ্ৰহণ কৰি থাকিব পাৰিলে ভাল ৷ খোৱাৰ আগতে সদায় ভালদৰে হাত চাবোনেৰে ধুব ৷ পাৰিলে বাহিৰৰ খাদ্য গ্ৰহণ নকৰিব ৷

ঘৰুৱাভাৱে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব ?

যদিহে উপৰোক্ত লক্ষণ সমূহে দেখা দিয়ে তেন্তে ব্যক্তিগৰাকী ব্যক্তিগৰাকীক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব ৷ যদিহে এই সমূহ লক্ষণ দেখা দিয়াৰ দুই-তিনিদিনৰ ভিতৰত যদি ভাল নহয় তেন্তে তাৎক্ষণিক ভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷

উল্লেখ্য যে, যদিহে আমি সাৱধানতা অৱলম্বন কৰো তেন্তে ই বহু বেছি ভয়াবহ নহয় ৷ সাৱধানতা অৱলম্বন কৰিলে এই ভাইৰাছত আক্ৰান্ত হ'লে ইয়াৰ পৰা সোনকালে আৰোগ্য হ'ব পাৰিব ৷

লগতে পঢ়ক

  1. ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি, এইবাৰ কোনবোৰ লক্ষণ দেখা দিলে হ’ব লাগিব সাৱধান!
  2. দীপিকা কক্কৰৰ দেহত ধৰা পৰা এই ৰোগে বৃদ্ধি কৰিছে মহিলাসকলৰ চিন্তা! আপুনিও আওকাণ কৰাৰ ভুল নকৰিব
  3. সমগ্ৰ দেশ তথা বিশ্বতে পুনৰ বিয়পিব ধৰিছে COVID-19, ভাৰতত ২৫৭ জন সক্ৰিয় ৰোগী, সময় থাকোঁতে নিজক এনেদৰে কৰক ৰক্ষা