পুৱা নহয় সন্ধিয়া ব্যায়াম কৰিলেহে হ্ৰাস হয় ওজন...জানি লওক প্ৰকৃত সত্যতা - Weight Loss Myth And Facts
Weight Loss Myth And Facts: ব্যস্ততাৰে ভৰা এই জীৱনত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি ভালদৰে গুৰুত্ব দিবলৈ সক্ষম হোৱা নাই যাৰ ফলত মানুহৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে এনে ক্ষেত্ৰত আমি কোন সময়ত শাৰীৰিক ব্যায়াম কৰিলে আমাৰ ওজন আমি সোনকালে কমাব পাৰো আজি এই বিষয়ে জানো আহক-

Published : September 4, 2024 at 4:09 PM IST
চাৰি বছৰ পূৰ্বে এটি চাঞ্চল্যকৰ গৱেষণা ওলাইছিল য’ত কোৱা হৈছিল যে ২০৫০ চনৰ ভিতৰত বিশ্বৰ আধা জনসংখ্যাৰ ওজন অতিৰিক্ত হ’ব ৷ জাৰ্মান বিজ্ঞানীসকলৰ এই অনুমান খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ৷
পটছডাম ইনষ্টিটিউট ফৰ ক্লাইমেট ইমপেক্ট ৰিচাৰ্চে কয় যে, যিদৰে মানুহৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন ঘটিছে, আগন্তুক ৩০ বছৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব আৰু বহু লোকৰ ওজন বহু পৰিমাণে বৃদ্ধি পাব, যিটো বহু বিপজ্জনক ৰোগৰ কাৰণ ৷ সেয়েহে এতিয়া সজাগ হোৱাৰ প্ৰয়োজন ৷ ইয়াৰ লগতে মানুহৰ মাজত ওজন হ্ৰাসক লৈ প্ৰচলিত কিছুমান ভ্ৰান্ত ধাৰণাৰ পৰাও আঁতৰি থকাটো উচিত ৷ ইয়াৰে এটা হ’ল ব্যায়ামৰ বাবে সঠিক সময়ৰ সন্দৰ্ভত ৷ আমি কোন সময়ত ব্যায়াম কৰিলে আমাৰ ওজন হ্ৰাস হ’ব ইয়াক লৈ বহুজনৰ মুখত বহু কথাই শুনিবলৈ পোৱা যায় ৷
১) ভ্ৰান্ত ধাৰণা: সন্ধিয়া নহয় পুৱা ব্যায়াম কৰিলে সোনকালে হ্ৰাস হয় ওজন
সত্যতা: বিশেষজ্ঞসকলে কয় যে, নিয়মিতভাৱে ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী ৷ ই কেৱল ওজন নিয়ন্ত্ৰণ কৰাই নহয় পেশীৰ ভৰ গঠনতো সহায় কৰে ৷ ইয়াৰ দ্বাৰা সামগ্ৰিক স্বাস্থ্যৰো বহু উপকাৰিতা সাধন হয় ৷ ব্যায়াম কৰাৰ কোনো নিৰ্দিষ্ট সময় নাই সেয়েহে পুৱা বা গধূলি যিকোনো সময়তে আপুনি ব্যায়াম কৰিব পাৰে ৷
সন্ধিয়া শৰীৰৰ উষ্ণতা বৃদ্ধি হৈয়েই থাকে ৷ এই সময়ত শৰীৰ ব্যায়াম কৰিবলৈ সাজু হয় ৷ ট্ৰেডমিলত স্পীড ৱাক বা উচ্চ তীব্ৰতা প্ৰশিক্ষণৰ বাবে এইটোৱেই উত্তম সময় ৷ শৰীৰৰ অতিৰিক্ত চৰ্বি পুৱা আৰু গধূলি দুয়োটা সময়তে হ্ৰাস পায় ৷ যিকোনো সময়তে ব্যায়াম কৰিব পাৰে, কিন্তু সন্ধিয়া ব্যায়াম কৰিলে ওজন বেছি খৰকৈ হ্ৰাস হয় বুলি কোৱা কথা সম্পূৰ্ণ সত্য নহয় ৷
২) ভ্ৰান্ত ধাৰণা: পুৱাৰভাগৰ ব্যায়াম ওজন হ্ৰাস কৰিবলৈ সিমানো ফলপ্ৰসূ নহয়
সত্যতা: বিশেষজ্ঞসকলৰ মতে, পুৱা ৯ বজাৰ আগতে ব্যায়াম কৰাটো শৰীৰৰ বাবে অতি উপকাৰী ৷ ইয়াৰ ফলত গোটেই দিনটো শৰীৰ সক্ৰিয় হৈ থাকিব পৰা যায় ৷ এই সময়ছোৱাত ব্যায়াম কৰিলে হৃদস্পন্দন বৃদ্ধি হোৱাই নহয় শৰীৰৰ উষ্ণতাও বৃদ্ধি পায় ৷ পুৱা ব্যায়াম কৰিলে ৰাতি ভালদৰে টোপনি অহাত সহায় কৰে ৷ যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে পুৱাৰ সময় আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়, কাৰণ খালী পেটত পুৱা শৰীৰৰ অধিক চৰ্বি হ্ৰাস হয় ৷ এই সময়ত ব্যায়াম কৰিলে বিপাকীয় ক্ৰিয়াৰ বাবে ভাল বুলি গণ্য কৰা হয় ৷
ওজন কমাবলৈ কি কৰা উচিত
১) সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক
২) নিয়মীয়াকৈ ব্যায়াম কৰক
৩) কেলৰি সেৱন কম কৰক
৪) শৰীৰক হাইড্ৰেটেড কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ কৰক
৫) পৰ্যাপ্ত পৰিমাণৰ টোপনি
৬) মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ যোগাসন আৰু ধ্যান কৰক
লগতে পঢ়ক: সুস্থ শৰীৰৰ গৰাকী হ’বলৈ নিতৌ অনুসৰণ কৰক এই টিপছ - Health Tips

