শিশুৰ ভোক বঢ়াবলৈ অভিভাৱকে অৱলম্বন কৰক এইসমূহ উপায়... - No Snacks To Children
No Snacks To Children : আপোনাৰ শিশুৰ ভোক নালাগে নেকি ? আপোনাৰ শিশুৱেও খাদ্য খাবলৈ মন নকৰে নেকি ? তেনেহ’লে অভিভাৱকসকলে অৱলম্বন কৰক এইসমূহ উপায় ৷

Published : April 23, 2024 at 12:53 PM IST
শিশুসকলক খাদ্য খুওৱাটো প্ৰায়েই প্ৰতিগৰাকী অভিভাৱকৰ বাবে এক কঠিন কাম ৷ সাধাৰণতে শিশুসকলক বিদ্যালয়লৈ যোৱাৰ সময়ছোৱাত বেছিভাগ অভিভাৱকে এক সন্তুলিত বা পুষ্টিকৰ আহাৰ খুওৱাব বিচাৰে ৷ সোমবাৰে এই সন্দৰ্ভত কৰা এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে প্ৰায় আঠজন অভিভাৱকৰ ভিতৰত সকলো বিচাৰে যে তেওঁলোকৰ সন্তানে প্লেটত থকা সকলোখিনি খাদ্য শেষ কৰিব ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিংগান বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা এক অধ্যয়ন অনুসৰি, প্ৰতি তিনিজনৰ ভিতৰত মাত্ৰ এজন অভিভাৱকে বিশ্বাস কৰে যে আমেৰিকান আহাৰ স্বাস্থ্যকৰ ৷ আনহাতে, আধা অভিভাৱকে ভূমধ্যসাগৰীয় আহাৰ অধিক পুষ্টিগত বুলি বিবেচনা কৰে ।
মিচিগান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক চুজান ৱুলফৰ্ডৰ মতে, কিছু অভিভাৱকে শিশুসকলক তেওঁলোকৰ প্লেটত সজাই দিয়া গোটেইখিনি খাদ্য শেষ কৰিবলৈ বাধ্য কৰে অথবা চেষ্টা কৰে ৷
ফেব্ৰুৱাৰীত 3-10 বছৰ বয়সৰ শিশু আৰু অভিভাৱকৰ 1083 টা সঁহাৰিৰ ওপৰত আধাৰিত কৰি কৰা এক জৰীপ অনুসৰি, যদি তেওঁলোকৰ সন্তানক পৰিৱেশন কৰা খাদ্য সন্তানে অপছন্দ কৰে, তেনেহ’লে 60 শতাংশ অভিভাৱকে শিশুসকলৰ মনপছন্দ বেলেগ আহাৰ প্ৰস্তুত কৰে ৷ কিন্তু এইসমূহ খাদ্যৰ প্ৰায়েই অস্বাস্থ্যকৰ ।
চুজান ৱুলফৰ্ডে কয় যে আপোনাৰ শিশুটোক এক বৈকল্পিক মেনু বাছনি কৰিবলৈ অনুমতি দিয়াৰ পৰিৱৰ্তে, অভিভাৱকসকলে এনেধৰণৰ পুষ্টিকৰ তথা সন্তুলিত আহাৰ প্ৰদান কৰিব লাগে যিটো তেওঁলোকৰ সন্তানে খোৱাৰ সময়ত কোনোধৰণৰ আমনি নকৰে ৷
শিশুৰ ভোক বঢ়াবলৈ অভিভাৱকক পৰামৰ্শ
চুজান ৱুলফৰ্ডে লগতে পৰামৰ্শ দি কয় যে যদি শিশুৱে কোনো খাদ্য খাবলৈ পচন্দ নকৰে, তেন্তে পিতৃ-মাতৃয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই ৷ কিয়নো ই স্বাস্থ্যৱান শিশুৰ কোনো ক্ষতি নকৰে ৷ অভিভাৱকসকলে শিশুসকলৰ পৰৱৰ্তী আহাৰত ইয়াৰ বিকল্প আহাৰসমূহ যোগান ধিৰ লাগে ৷ লগতে অপুষ্টিকৰ খাদ্য খুৱাব নালাগে ৷
লগতে পঢ়ক : আপুনিও লিভাৰৰ এইসমূহ সমস্যাত ভুগিছে নেকি ? তেনেহ’লে এতিয়াই চিকিৎসকৰ ওচৰলৈ যাওক - World Liver Day

