ফাগুন! কবি-গীতিকাৰে কোৱাৰ দৰে সকলোৰে বাবে ৰঙীন নহয় এই ফাগুন ৷ বসন্তৰ আগজাননী দি ফাগুণৰ মতলীয়া বতাহে ধূলিময় কৰে আকাশ-বতাহ ৷ কঢ়িয়াই আনে বহু সংক্ৰামক ৰোগ ৷ যাৰ ফলত অধিকাংশ লোকেই কাহ-চৰ্দি, চকু ৰঙা পৰা, চকুৰ খজুৱতি, চুলি পকা, চুলি সৰা, আগ ফটা, যক্ষ্মা, ছাল ৰঙা পৰা, হাঁপানি আদিৰ দৰে স্বাস্থ্য সমস্যাত ভোগে ৷ এই কেইটাদিনত আই বা বসন্ত ৰোগত আক্ৰান্তৰ সংখ্যাও অভাৱনীয় হাৰত বৃদ্ধি হয় ৷
হয়, এই সময়ছোৱাত বিশেষকৈ শিশুসকলৰ দেহত সৰু আই ওলায় ৷ সৰু আইক ‘ৰেড মিজলছ’ (red measles) বুলিও জনা যায় ৷ ই হৈছে মিজলছ ভাইৰাছৰ দ্বাৰা হোৱা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ ৷
এই ৰোগৰ প্ৰাথমিক লক্ষণ
জ্বৰ, কাহ, নাকৰ পৰা পানী ওলোৱা, চকু ৰঙা পৰা আদি হৈছে এই ৰোগৰ প্ৰাথমিক লক্ষণ ৷ এই লক্ষণে দেখা দিয়াৰ দুই-তিনিদিনৰ পাছত শৰীৰত সৰু সৰু বগা গুটি ওলায়, যাক কপলিকছ স্পটছ Koplik’s spots বুলি কোৱা হয় ৷ তিনিৰ পৰা পাঁচ দিনৰ পাছত মুখত ৰঙা ফোহা ওলায় আৰু লাহে লাহে সমগ্ৰ দেহলৈ বিয়পি পৰে ৷ সৰু আই সংক্ৰমণ দেহত ১০–২০ দিন পৰ্যন্ত থাকে ৷ এই সংক্ৰমণৰ সময়ত ৩০% ৰোগীৰ ডায়েৰিয়া, দৃষ্টি শক্তি, স্মৃতি শক্তি হ্ৰাস আৰু নিউমনিয়া আদিৰ সমস্যাও হয় ৷
কিদৰে বিয়পে সৰু আই ?
সৰু আই এবিধ বায়ু সংক্ৰমিত ৰোগ ৷ ই হাঁচি, কাহ, লেলাৱতি আৰু নাকৰ পানীৰ পৰা সহজতে বিয়পে ৷ দেহত ফোহা ওলোৱা চাৰিদিন আগৰ পৰা চাৰি দিন পিছলৈকে ৰোগীজনৰ পৰা ৰোগ বিয়পাৰ সম্ভাৱনা থাকে ৷
প্ৰতিৰোধৰ উপায়
এই ৰোগ টিকাকৰণৰ জৰিয়তে প্ৰতিৰোধৰ এক ব্যৱস্থা আছে যদিও বাস্তৱ ক্ষেত্ৰত বহু সময়ত এয়া বিফল হোৱা দেখা যায় ৷ সেয়েহে টিকাকৰণ বা প্ৰতিষেধকৰ জৰিয়তে সৰু আইক প্ৰতিৰোধ কৰিব পাৰি বুলি ভাবি লৈ নিশ্চিত মনে থকাতকৈ এই দুটা মাহত কম বয়সৰ লৰা-ছোৱালীক প্ৰদূষিত ধূলিময় পচোৱাৰ পৰা ৰক্ষা কৰি চলাৰ ক্ষেত্ৰত অভিভাৱকে বিশেষ ভাৱে সচেতন হোৱাটো দৰকাৰী ৷ তদুপৰি, সৰু আইত আক্ৰান্ত ৰোগীক যথেষ্ট পৰিচৰ্যাৰ প্ৰয়োজন ৷ অ আৰ এছ (অলপ মিঠা-নিমখীয়া তৰল), স্বাস্থ্যকৰ আহাৰ আৰু জ্বৰ নিয়ন্ত্ৰণৰ বাবে দৰৱ খোৱাটো প্ৰযোজনীয় ৷ নিউমনিয়াত এণ্টিবায়টিক ব্যৱহাৰ কৰা হয় ৷ অতিৰিক্ত পুষ্টিকাৰক হিচাপে এনে ৰোগীক ভিটামিন এ খাবলৈ দিব পাৰি ৷
কিদৰে ল’ব শিশুৰ যত্ন
স্বাস্থ্য বিশেষজ্ঞৰ মতে, বসন্ত ৰোগৰ কোনো নিদিষ্ট ঔষধ নাই ৷ শিশুক প্ৰতিষেধক দিয়া হয় ঠিকেই, কিন্তু এই প্ৰতিষেধকে বসন্ত ৰোগ নিৰ্মূল কৰিব নোৱাৰে ৷ বসন্তৰ প্ৰতিষেধকে এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকাহে কিছু পৰিমাণে কমাই ৰাখে ৷ সেয়েহে, সাৱধানতা অৱলম্বনেই হৈছে এই এই ৰোগৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় ৷ এই দিনকেইটাত নিজে যিমান পাৰি সিমানেই সাৱধান হোৱাটো দৰকাৰ ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ, বিশেষকৈ খোৱা-বোৱাত অধিক সচেতনতা অৱলম্বন কৰিব লাগে ৷ খাদ্য তালিকাত আন স্বাস্থ্যসন্মত খাদ্যৰ লগতে বতৰৰ ফল আৰু নেমুজাতীয় ফল অন্তৰ্ভূক্ত কৰিব লাগে ৷ বাহিৰলৈ ওলাই গ’লে N95 মাস্ক পিন্ধাৰ লগতে ক’ভিডৰ সময়ত লোৱা সাৱধানতা যেনে, ছেনিটাইজাৰ ব্যৱহাৰ, আন ব্যক্তিৰ পৰা কিছু দুৰত্ব বজাই ৰখা, কাহ-হাঁচি মৰাৰ সময়ত মুখখন ঢাকি লোৱাকে ধৰি আন সাৱধানতাসমূহ এতিয়াও ল’ব লাগে ৷
আনহাতে, শিশুসকলক মাস্ক পৰিধান কৰোৱাটো মুখৰ কথা নহয় ৷ অধিকাংশ শিশুৱেই মাস্ক পৰিধান কৰিবলৈ নিবিচাৰে ৷ সেয়েহে, এইকেইদিনত অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ যত্নত আৰু অধিক সচেতন হ’ব লাগে ৷ পৰাপক্ষত তেওঁলোকক ঘৰৰ ভিতৰতে থাকিবলৈ দিব লাগে ৷ খুব বেছি প্ৰয়োজন হ’লে ঘৰৰ পৰা ওলাওঁতে কপাহী কাপোৰৰে তেওঁলোকৰ নাক-মুখ ঢাকি দিব লাগে ৷
আই সকাম আৰু বৈজ্ঞানিক দৃষ্টিভংগী
বসন্ত ৰোগে দেখা দিলে চিকিৎসকৰ ওচৰলৈ নগৈ আই সকাম পতাতো আমাৰ সমাজৰ এক নিয়ম বুলিয়েই ক’ব পাৰি ৷ দেহত বসন্ত ৰোগে দেখা দিলে সেই বিশেষ ব্যক্তিজনক খুব চাফাকৈ থাকিবলৈ দিয়া হয় ৷ ঘৰখনত ধুপ-ধূনা, চাকি জ্বলোৱা হয় ৷ সম্পূৰ্ণ ৰূপে ভাল নোহোৱালৈকে ৰোগীক নিৰামিষ তথা খুব লঘু আহাৰ খাবলৈ দিয়া হয় ৷ আজিৰ দিনত এনে নিয়ম-নীতিক অধিক গুৰুত্ব দিয়া নহয় যদিও ইয়াৰ বৈজ্ঞানিক ভিত্তিও আছে ৷ হয়, চাফ-চিকুণ পৰিৱেশে সংক্ৰমণৰ পৰা আমাক সুৰক্ষিত কৰি ৰাখে ৷ ধুপ-ধূণা, চাকি জ্বলাই ইশ্বৰৰ নাম লোৱাটোয়ে ঘৰখনত এক ধনাত্মক পৰিৱেশৰ সৃষ্টি কৰে ৷
এই ভুল নকৰিব
শৰীৰত দেখা দিয়াৰ ১০-২০ দিনৰ পাছত সাধাৰণতে আই শুকাই যায় ৷ ইয়াৰ পাছত সকলোয়ে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা বুলি ভাবি লয় আৰু সাধাৰণ জীৱন-যাপন কৰা আৰম্ভ কৰে ৷ কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে,শুকাই যোৱাৰ পাছতহে এই ৰোগৰ অধিক সংক্ৰমণ হয় ৷ সেয়েহে, আই সম্পূৰ্ণকৈ ঠিক নোহোৱালৈকে প্ৰায় এমাহ মান সময় অধিক সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ ৷ আনহাতে, এই ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ কেতিয়াও আনে ব্যৱহাৰ কৰিব নালাগে ৷ এই কাপোৰৰ পৰাও খুব সোনকালে সংক্ৰমণ হয় ৷
উল্লেখ্য যে, ডব্লিউ এইচ অ’ আৰু ইউনিচেফৰ এক অধ্যয়ন অনুসৰি ২০২৪ চনত ইউৰোপীয় অঞ্চলত ১২৭,৩৫০ জন মিজিলছৰ ৰোগী ধৰা পৰিছে, যিটো ২০২৩ চনৰ তুলনাত দুগুণ আৰু ১৯৯৭ চনৰ পিছত সৰ্বাধিক সংখ্যা ৷
https://www.cdc.gov/measles/data-research/index.html
https://www.dshs.texas.gov/news-alerts/measles-outbreak-2025
লগতে পঢ়ক