ETV Bharat / health

কেতিয়াবা ভাবিছেনে কিছুমান পুৰুষৰ বুকুখন স্তনৰ দৰে কিয় ফুলি উঠে ? এয়া হ’ব পাৰে কাৰণ

আজিৰ এই প্ৰতিবেদনত আমি গাইনেকোমাষ্টিয়াৰ বিষয়ে আলোচনা কৰাৰ লগতে জানো আহক পুৰুষৰ সৈতে এনেকুৱা কিয় হয় ?

GYNECOMASTIA
কেতিয়াবা ভাবিছেনে কিছুমান পুৰুষৰ বুকুখন স্তনৰ দৰে কিয় ফুলি উঠে ? এয়া হ’ব পাৰে কাৰণ (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : September 2, 2025 at 12:19 PM IST

6 Min Read
Choose ETV Bharat

নেচনেল ইনষ্টিটিউট অৱ হেল্থ (NIH)ৰ তথ্য অনুসৰি ভাৰতৰ ৪০-৬০% পুৰুষে জীৱনৰ কোনো এটা সময়ত গাইনেকোমাষ্টিয়াৰ সন্মুখীন হয় ৷ বিশ্বৰ প্ৰায় ৩০-৭০% লোকে গাইনেকোমেষ্টিয়াৰ সন্মুখীন হয় ৷ এই অৱস্থাত পুৰুষৰ বুকুত স্তনৰ দৰে কলা(Tissue) গঠন হ’বলৈ আৰম্ভ কৰে ৷ এইটো কোনো বিপজ্জনক ৰোগ নহয়, কিন্তু ইয়াক আওকাণ কৰিলে মনৰ ওপৰত গধুৰ বোজা হৈ পৰিব পাৰে ৷ ইয়াৰ বাবে কোনোবাই কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷

আজিৰ এই প্ৰতিবেদনত আমি গাইনেকোমাষ্টিয়াৰ বিষয়ে আলোচনা কৰাৰ লগতে জানো আহক পুৰুষৰ সৈতে এনেকুৱা কিয় হয় ?'

  • মনৰ ওপৰত ইয়াৰ কেনে প্ৰভাৱ পৰে ?
  • আমি ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰো ?

গাইনেকোমাষ্টিয়া মানে কি ?

গাইনেকোমাষ্টিয়া মানে পুৰুষৰ স্তনৰ কলা বৃদ্ধি ৷ শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত হ’লে এনে হয় ৷ আমাৰ শৰীৰত টেষ্টষ্টেৰন আৰু ইষ্ট্ৰজেন নামৰ দুটা হৰম’ন থাকে ৷ টেষ্টষ্টেৰনে পুৰুষৰ বৈশিষ্ট্য বজাই ৰাখে, আনহাতে, মহিলাৰ ক্ষেত্ৰত ইষ্ট্ৰজেন বেছিভাগেই সক্ৰিয় ৷ যেতিয়া পুৰুষৰ ইষ্ট্ৰজেন বৃদ্ধি পায় বা টেষ্টষ্টেৰন কমি যায় তেতিয়া বুকুত গ্ৰন্থিৰ কলা গঠন হ’বলৈ আৰম্ভ কৰে ৷

এই সমস্যা যিকোনো বয়সতে হ’ব পাৰে, কিন্তু ২০ৰ পৰা ৪০ বছৰৰ ভিতৰৰ পুৰুষৰ ক্ষেত্ৰত এই সমস্যা বেছি ৷

কিয় এই সমস্যাৰ সৃষ্টি হয় ?

গাইনেকোমেষ্টিয়াৰ বহু কাৰণ থাকিব পাৰে ৷ ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল হৰম’নৰ ভাৰসাম্যহীনতা, যিটো কৈশোৰ কালত সাধাৰণতে দেখা যায় ৷ ইয়াৰ বাহিৰেও আন কিছুমান কাৰণো আছে -

  • ঔষধ: কিছুমান ঔষধ, যেনে হৃদৰোগ বা ৰক্তচাপৰ ঔষধে এই সমস্যা বৃদ্ধি কৰিব পাৰে ৷
  • ৰোগ: বৃক্ক বিকল হোৱা, থাইৰয়ড বৃদ্ধি হোৱা বা যকৃতৰ সমস্যাও ইয়াৰ কাৰণ হ’ব পাৰে ৷
  • মেদবহুলতা: কেতিয়াবা অতিৰিক্ত ওজনৰ বাবে বুকুত চৰ্বি জমা হয়, যাক ছ্যুড’গাইনেক’মাষ্টিয়া বোলা হয় ৷
  • ষ্টেৰইডৰ অপব্যৱহাৰ: আজিকালি কিছুমান মানুহে জিমত নিজৰ শৰীৰ গঢ়িবলৈ ষ্টেৰইড সেৱন কৰে, যাৰ ফলত শৰীৰত ইষ্ট্ৰজেন বৃদ্ধি কৰি গাইনেকোমাষ্টিয়াৰ সম্ভাৱনা বৃদ্ধি পায় ৷

বেছিভাগ চিকিৎসকে কয় যে, প্ৰতিমাহে ৩০-৩৫ জন মানুহ এই সমস্যা লৈ মোৰ ওচৰলৈ আহে ৷ ইয়াৰে বহুতেই জিমলৈ যোৱা যুৱক, যিসকলে ষ্টেৰইডৰ ক্ষতিৰ বিষয়ে অৱগত নহয় ৷

মনৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰে ?

এই সমস্যা কেৱল শৰীৰৰ বাবেই নহয়, মনৰো ৷ বাহিৰৰ পৰা চালে সৰু কথা যেন লাগিব পাৰে, কিন্তু এই সমস্যাৰ সৈতে যুঁজি থকাসকলৰ বাবে ই এক ডাঙৰ সমস্যা হৈ পৰে ৷ বিশেষকৈ ল’ৰা আৰু ডেকা ল’ৰাবোৰে সমাজত লজ্জা অনুভৱ কৰে ৷ মানুহে তেওঁলোকক ঠাট্টা কৰে, যাৰ ফলত আত্মবিশ্বাস কমি যায় ৷

চিকিৎসকে কয়, এটি ১৪ বছৰীয়া কিশোৰক স্কুলত তেওঁৰ বুকুৰ বাবে ইমানেই ঠাট্টা-মস্কৰা কৰা হৈছিল যে কিশোৰগৰাকীয়ে স্কুল এৰিবলৈ বাধ্য হৈছিল ৷ পৰিস্থিতি এনেকুৱা হৈ পৰিল যে তেওঁ চুৰিৰে নিজৰ বুকুখন কাটিবলৈও চেষ্টা কৰিছিল ৷ ইয়াৰ পিছত কিশোৰ জনৰ সোনকালে অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল বুলি ডাক্তৰে কয় ৷ তেওঁৰ মনত এই কথাই ইমানেই গভীৰভাৱে চাপ পেলাইছিল যে এই বেদনা মনে মনে সহ্য কৰি কাৰো আগত একো কথাই প্ৰকাশ কৰা নাছিল ৷

ষ্টেৰইডে ইয়াৰ আশংকা বৃদ্ধি কৰে

আজিকালি চহৰবোৰত জিমলৈ যোৱাটো এক ফেশ্বনলৈ পৰিণত হৈছে ৷ পেশী গঠনৰ কৰাৰ ইচ্ছাত বহু যুৱকে ষ্টেৰইড খাবলৈ আৰম্ভ কৰে ৷ এই ঔষধে শৰীৰৰ পেশী বৃদ্ধি কৰে যদিও ক্ষতিও কৰে ৷ ষ্টেৰইডে শৰীৰত ইষ্ট্ৰজেন বৃদ্ধি কৰে, যাৰ ফলত বুকুত কলা গঠন হ’বলৈ আৰম্ভ কৰে ৷

ইয়াৰ চিকিৎসা কি ?

যদি হ’ৰম’ন আৰু কলা গঠন হোৱাৰ ফলত গাইনেকোমাষ্টিয়া হয়, তেন্তে ব্যায়াম বা ঔষধৰ দ্বাৰা ইয়াক আৰোগ্য কৰিব নোৱাৰি ৷ মানুহে ওজন কমাবলৈ বা বনৌষধি ঔষধ খাবলৈ চেষ্টা কৰে, কিন্তু সেয়া চৰ্বি নহয়, গ্ৰন্থিৰ কলাহে ৷ ইয়াক আঁতৰোৱাৰ একমাত্ৰ উপায় হ'ল অস্ত্ৰোপচাৰ ৷" পূৰ্বে অস্ত্ৰোপচাৰ কৰিলে বুকুত দাগ ৰৈ গৈছিল, যিটো ৰোগীৰ বাবে নতুন সমস্যা হৈ পৰিছিল ৷ কিন্তু এতিয়া চিকিৎসা বিজ্ঞান ইমানেই উন্নত হৈ পৰিছে যে যাক অকল্ট টেকনিক বুলিও কোৱা হয় ৷ ইয়াত বুকুৰ আগফালৰ পৰা কাষৰ পৰা সৰুকৈ ছিদ্ৰ কৰা হয় ৷ দাগটো মাত্ৰ ৪-৫ মিলিমিটাৰ, যিটো ক্ৰমান্বয়ে ম্লান হৈ যায় ৷

আকৌ এনে হোৱাৰ সম্ভাৱন থাকে নেকি ?

বেছিভাগ মানুহৰ বাবে এই সমস্যা অস্ত্ৰোপচাৰৰ পিছত পুনৰ দেখা নাযায় ৷ কিন্তু যদি কোনো ডাঙৰ হ’ৰম’নৰ সমস্যাই দেখা দিয়ে বা ষ্টেৰইডৰ ব্যৱহাৰ পুনৰ আৰম্ভ হয়, তেন্তে এই সমস্যা পুনৰ দেখা দিব পাৰে ৷ ডাঃ কাৱেশ্বৰ ঘুৰাই কয় যে, যদি আমি সকলো কাৰণ পৰীক্ষা কৰিছো, তেন্তে এয়া এককালীন চিকিৎসা ৷

এই অস্ত্ৰোপচাৰ কেৱল দেখুৱাবলৈ নহয়, আত্মবিশ্বাস ঘূৰাই অনাৰ বাবেহে কৰা হৈছে ৷ যিসকলে এই কামটো কৰি দিয়ে, তেওঁলোকে মুক্তভাৱে জীয়াই থাকিবলৈ আৰম্ভ কৰে ৷

কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

যদি আপুনি অনুভৱ কৰে যে, আপোনাৰ বুকুত কিবা অস্বাভাৱিক কথা আছে, তেন্তে চিন্তিত নহ’ব, প্ৰথমে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷ তেওঁলোকে পৰীক্ষা কৰিব যে, ই গাইনেকোমেষ্টিয়া নে অন্য কোনো সমস্যা যদি মেদবহুলতাৰ বাবে হয়, তেন্তে ওজন কমালে পাৰ্থক্য নিজে দেখিবলৈ পাব ৷ কিন্তু যদি হৰম’নৰ বাবে এনে হৈছে তেন্তে অস্ত্ৰোপচাৰেই একমাত্ৰ উপায় ৷ চিকিৎসকৰ ওচৰলৈ গ’লে তেওঁক আপোনাৰ মনত থকা সকলো প্ৰশ্ন কোনো কোণ্ঠাবোধ নকৰাকৈ খোলাখুলিকৈ সোধক যাতে ভৱিষৎতে আপুনি কোনো সংকাত ভুগিবলগীয়া নহয় ৷

জীৱনটো খোলাকৈ উপভোগ কৰক

গাইনেকোমেষ্টিয়া এনেকুৱা এটা সমস্যা যিটো দেখাত সৰু আৰু সাধাৰণ, কিন্তু ভিতৰি এজন পুৰুষৰ শৰীৰত বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ ই কেৱল শৰীৰৰ ক্ষেত্ৰতে নহয়, বৰঞ্চ আত্মসন্মানৰ ওপৰতো প্ৰভাৱ পেলায় ৷ যদি আপুনি বা আপোনাৰ ঘনিষ্ঠ কোনোবাই ইয়াৰ ফলত অশান্তিত ভুগিছে, তেন্তে মৌন নাথাকি শীঘ্ৰে চিকিৎসকৰ সৈতে কথা পাতক, সঠিক চিকিৎসা গ্ৰহণ কৰক আৰু আত্মবিশ্বাস ঘূৰাই পাওক ৷ এই জীৱনটো আপোনাৰ সয়ে ইয়াক মুক্তমনে জীয়াওক ৷

লগতে পঢ়ক

  1. কিশোৰৰ ক্ষেত্ৰত দেখা দিয়া গাইনেকোমাষ্টিয়া ৰোগ দৰাচলতে হয় কি ? - Gynecomastia Disease
  2. পুৰুষৰ বাবে উপবাসে থকাটো উপকাৰী যদিও মহিলাৰ বাবে অপকাৰী কিয় ?
  3. পত্নীৰ সফলতা কিছুমান পুৰুষে কিয় সহ্য কৰিব নোৱাৰে ? কেৱল Male Ego নহয়, ইয়াৰ আঁৰত লুকাই আছে এই ৫টা কাৰণ