ETV Bharat / health

আপুনি এগৰাকী ডায়েবেটিছ ৰোগী আৰু মিঠা খাদ্য ভালপায় নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

Holi 2024: হোলী উপলক্ষে ঘৰতে মিঠা ব্যঞ্জন নিশ্চিতভাৱে প্ৰস্তুত কৰা হয় ৷ কিন্তু এই সময়ত স্বাস্থ্যক আওকাণ কৰিবও নোৱাৰি । বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে এয়া এক চিন্তাৰ বিষয় হৈ পৰে ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে এনে দুবিধ মিঠা খাদ্যৰ ৰেচিপি লৈ আহিছো যাক আপুনি কোনো চিন্তা নোহোৱাকৈ খাব পাৰে ৷

Make diabetes friendly sweets for Holi party, blood sugar will not increase!
ফাকুৱা উৎসৱত ঘৰতে প্ৰস্তুত কৰক স্বাস্থ্যকৰ তথা সোৱাদযুক্ত এইকেইবিধ মিঠা ব্যঞ্জন
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 3:49 PM IST

|

Updated : March 20, 2024 at 6:43 PM IST

3 Min Read
Choose ETV Bharat

ফাকুৱা উৎসৱত ৰঙেৰে খেলাৰ সমান্তৰালকৈ বহু প্ৰকাৰৰ খাদ্যও উপভোগ কৰা হয় ৷ কিন্তু এই সময়ত স্বাস্থ্যক আওকাণ কৰিবও নোৱাৰি । বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে এয়া এক চিন্তাৰ বিষয় হৈ পৰে ৷ যদি আপুনি মিঠা খাদ্য খাই আৰু আপুনি এগৰাকী ডায়েবেটিছ ৰোগী তেন্তে হোলী উপলক্ষে আজিৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে ৷ কিছুমান সহজ উপায়েৰে আপুনি ঘৰতে কিছুমান ডেজাৰ্ট প্ৰস্তুত কৰিব পাৰে যিবোৰ ডায়েবেটিছ ৰোগীৰ বাবে উত্তম, অৰ্থাৎ যিবোৰত বেছি চৰ্বি আৰু চেনি নাথাকে ৷

Holi 2024
ফাকুৱা উৎসৱ

হোলী উপলক্ষে টেঙা-মিঠা খাদ্যৰ লগতে গুঝিয়া, ৰসগোল্লা আদি বহু ধৰণৰ মিঠাই প্ৰস্তুত কৰা হয় ৷ যদি আপোনাৰ ঘৰত কোনোবাই ডায়েবেটিছত আক্ৰান্ত হয়, তেন্তে আপুনি কিছুমান তলত উল্লেখিত এইসমূহ সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ ডেজাৰ্ট বনাব পাৰে যিবোৰত সম্পূৰ্ণ চুগাৰ ফ্ৰী ৷ ইয়াৰ ফলত ৰক্তশৰ্কৰা বৃদ্ধিৰো কোনো ভয় নাই ৷ গতিকে জানি ইয়াৰ ৰেচিপি-

ডিপ ফ্ৰাই কৰাৰ সলনি বেকড গুজিয়া

হোলীত যদি গুঝিয়া নাখায় তেন্তে আধৰুৱা যেন লাগে ৷ যদি আপুনি ফিটনেছ ফ্ৰিক বা ডায়েবেটিছ ৰোগী তেন্তে ডিপ ফ্ৰাইৰ পৰিৱৰ্তে বেকড গুজিয়া বনাওক ৷ ইয়াৰ বাবে ঘেঁহুৰ আটা, এক চতুৰ্থ কাপ দেশী ঘিউ, মাৱা, মিহিকৈ কটা কাজু বাদাম, পিষ্টা, কাঠবাদাম, ইলাচিৰ গুড়ি, গাখীৰ, কুটি লোৱা নাৰিকলৰ প্ৰয়োজন হ’ব ৷

তৈয়াৰ কৰাৰ পদ্ধতি

প্ৰথমে ঘেঁহুৰ আটাত ঘিউ দি হাতেৰে ভালদৰে মিহলাই তাৰ পিছত কুহুমীয়া পানীৰে কোমলকৈ মঠি লওক ৷ এতিয়া মিহি কাপোৰেৰে ঢাকি এফালে ৰাখিব ৷ কেৰাহীত ঘিউ অলপ দি আটাইকেইটা বাদাম মধ্যমীয়া জুইত দুই-তিনি মিনিট ভাজিব আৰু লগতে মাৱাখিনিও লাহে লাহে ভাজিব ৷ সকলো ঠাণ্ডা হ’লে এটা বাটিত মাৱা, ইলাচিৰ গুড়ি আৰু বাকী থকা বাদাম মিহলাই ষ্টাফিঙখিনি প্ৰস্তুত কৰি লওক ৷ এতিয়া সকলো গুজিয়া এটা এটাকৈ প্ৰস্তুত কৰি বেকিং ট্ৰেত স্থানান্তৰিত কৰক ৷ এতিয়া দেশী ঘিউৰে ব্ৰাছ কৰি ১৫ৰ পৰা ২০ মিনিট ২০০ ডিগ্ৰী প্ৰি-হিটত বেক কৰক ৷

স্বাস্থ্যকৰ বাদামৰ কেক

কি কি উপাদানৰ প্ৰয়োজন?

কেক বনাবলৈ দৈ, ঘেঁহুৰ আটা, অলপ অলিভ অইল, ভেনিলা এচেন্স, গাখীৰ, বেকিং পাউদাৰ আৰু কটা কাঠবাদামৰ প্ৰয়োজন হ’ব ৷ সোৱাদৰ বাবে অলপ গুৰ দিব পাৰে ৷

এনেকৈ কেক প্ৰস্তুত কৰক

প্ৰথমে এটা বাটিত ঘেঁহুৰ আটা আৰু বেকিং পাউদাৰ মিহলাই এফালে ৰাখিব ৷ এতিয়া এটা বাটিত দৈ, গুৰ আৰু তেল দি ভালদৰে মিহলাই লওক, লগতে তাত ভেনিলা এচেন্স আৰু গাখীৰ দিব ৷ প্ৰস্তুত কৰা মিশ্ৰণটো ঘেঁহুৰ আটাৰ লগত মিহলাই মসৃণ বেটাৰ প্ৰস্তুত কৰক ৷ বেকিং ট্ৰে এখনত বাটাৰ পেপাৰেৰে গ্রীজ কৰি তাত বেটাৰখিনি স্থানান্তৰিত কৰক ৷ ওপৰত কটা কাঠবাদাম ছটিয়াই দিব ৷ ১৮০ ডিগ্ৰী প্ৰি-হিটত প্ৰায় ৩০ৰ পৰা ৩৫ মিনিট বেক কৰক ৷

লগতে পঢ়ক: মানসিক চাপৰ পৰা সকাহ পাবলৈ এমাহৰ বাবে সংগী কৰি লওক এইসমূহ অভ্যাসক; নিজেই দেখিব ফলাফল

Last Updated : March 20, 2024 at 6:43 PM IST