ETV Bharat / health

সুখবৰ! তিনিটা সন্তান জন্ম দিয়াসকলে লাভ কৰিব বিশেষ পুৰষ্কাৰ - Reward On Third Children

Reward On Third Children: মহেশ্বৰী সম্প্ৰদায়ৰ ৰাইজে জনসংখ্যা বৃদ্ধিৰ বাবে তৃতীয় সন্তানক পুৰস্কাৰ দিয়াৰ সিদ্ধান্ত লৈছে । কোৱা হৈছে যে যোৱা ২ দশকত মহেশ্বৰী সম্প্ৰদায়ৰ জনসংখ্যা হ্ৰাস পোৱাৰ পিচত সমাজৰ ৰাইজে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । তৃতীয় সন্তানৰ বাবে স্বামী-স্ত্ৰীক আগবঢ়োৱা হ’ব ৫১ হাজাৰ টকাৰ পুৰস্কাৰ ।

Maheshwari Samaj Announcement
সুখবৰ! তিনিটা সন্তান জন্ম দিয়াসকলে লাভ কৰিব বিশেষ পুৰষ্কাৰ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : August 28, 2024 at 3:03 PM IST

3 Min Read
Choose ETV Bharat

যিসময়ত চৰকাৰে হাম ২ হামাৰে ২ শ্লোগান দি দেশৰ ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছে ৷ তেনে সময়তে মধ্যপ্ৰদেশত এখন সমাজ আছে, যিয়ে তিনিটা সন্তান জন্ম দিয়াসকলক পুৰস্কৃত কৰিবলৈ গৈ আছে ৷ হয় আপোনালোকে ঠিকেই পঢ়িছে দৰাচলতে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত এখন বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ ইয়াৰ অধীনত যদি দুটাৰ পিচত যদি তৃতীয় সন্তান জন্ম হয় তেন্তে সেই শিশুটিৰ বাবে সমাজে ৫১ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়াব ৷

জনসংখ্যা হ্ৰাস পোৱাৰ বাবে লোৱা হ’ল সিদ্ধান্ত

ৰাজস্থানৰ কিশনগড়ত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় মহেশ্বৰী সমাজ সন্মিলনত মহেশ্বৰী সম্প্ৰদায়ৰ জনসংখ্যা হ্ৰাস পোৱাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ ইফালে, মহেশ্বৰী সমাজেও দাখিল কৰে এক সমীক্ষা প্ৰতিবেদন ৷ উল্লেখ কৰা হৈছে যে, দেশত মহেশ্বৰী সম্প্ৰদায়ৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে ৷ কোৱা হৈছে যে, ২০ বছৰ পূৰ্বে মহেশ্বৰী সম্প্ৰদায়ৰ লোকৰ সংখ্যা ১২ লাখতকৈ অধিক আছিল, কিন্তু এতিয়া মাত্ৰ ৮ লাখহে আছে ৷ ইয়াৰ পিচত মধ্যপ্ৰদেশ মহেশ্বৰী সমাজে জনসংখ্যা বৃদ্ধিৰ বাবে ৫১ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ৷

তৃতীয় সন্তান জন্ম দিয়াসকলে লাভ কৰিব বিশেষ সন্মান

ভোপালৰ মহেশ্বৰী সমাজৰ মহিলা শাখাৰ সম্পাদিকা ঋতু মহেশ্বৰীয়ে কয় যে, কিষাণগড়ত অনুষ্ঠিত অধিৱেশনত ঘোষণা কৰা হৈছে যে তৃতীয় সন্তান জন্মৰ দিনা ৫১ হাজাৰ টকা প্ৰদান কৰা হ’ব ৷'

এই ধন সন্দৰ্ভত কোৱা হৈছিল যে মহেশ্বৰী সমাজে তৃতীয় সন্তানৰ জন্মৰ সময়ত নগদ ধন নিদিয়ে, তৃতীয় সন্তানৰ নামত ৫১ হাজাৰ টকাৰ এফ ডি প্ৰদান কৰিব যিটো নিৰ্দিষ্ট সময়সীমাৰ পিচতহে নগদ ধন দিব পাৰিব ৷ সমাজৰ জ্যেষ্ঠ লোকে কয় যে, মহেশ্বৰী সমাজৰ পূৰ্বৰ লোকে ৩ৰ পৰা ৪টা সন্তান জন্ম দিছিল ৷ কিন্তু এতিয়া পৰিয়ালত এটা বা দুটা সন্তান জন্ম দিয়াৰ ধাৰা বাঢ়িছে ৷ ইয়াৰ সমান্তৰালকৈ সমাজত মানুহৰ সংখ্যা হ্ৰাস পোৱাৰ আন আন কাৰণসমূহ স্বামী-স্ত্ৰী উভয়ৰে আধুনিক জীৱন-যাপন আৰু কৰ্ম ব্যস্ততাৰ বাবেই বুলি কোৱা হৈছে ৷

জনসেৱাৰ বাবে সমাজৰ জনসংখ্যা বৃদ্ধি কৰাটো প্ৰয়োজনীয়

সদৌ ভাৰত মহাসভা মহেশ্বৰী সমাজ কৰ্ম সমিতিৰ সদস্য ৰমেশ মহেশ্বৰীয়ে কয় যে, "মহেশ্বৰী সমাজৰ লোকসকল সেৱাৰ বাবে সদায় তৎপৰ থাকে । মহেশ্বৰী সমাজে দেশৰ তীৰ্থস্থান আৰু মূল চহৰসমূহত বহুতো ধৰ্মশালা নিৰ্মাণ কৰি অন্যান্য ধৰ্মীয় কাম-কাজ চলাই আহিছে । এনে এক... পৰিস্থিতি, ধৰ্মৰ বাবে মহেশ্বৰী সম্প্ৰদায়ৰ লোকৰ সংখ্যা বৃদ্ধি কৰাটো প্ৰয়োজনীয় ।"

লগতে পঢ়ক: ফোনৰ আসক্তিয়ে আপোনাৰ জীৱনলৈ মাতিব পাৰে বিপদ! এনেদৰে মুক্তি লাভ কৰক ডিজিটেল আসক্তিৰ পৰা - Mobile Addiction