শৰীৰৰ বাবে কিদৰে উপকাৰী মেঘালয়ৰ এইবিধ বিশেষ হালধি
ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (ICAR) প্ৰতিবেদন অনুসৰি ইয়াত বজাৰত পোৱা আন হালধিতকৈ ৭% বেছি কাৰকিউমিন মেঘালয়ৰ এইবিধ বিশেষ হালধিত, ইয়াৰ বিষয়ে আজি বিতংভাৱে জানো আহক-

Published : June 30, 2025 at 5:08 PM IST
লাকাডং হালধি হৈছে এক প্ৰকাৰৰ হালধি যাৰ খেতি মেঘালয়ৰ পাহাৰত কৰা হয় ৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (ICAR) প্ৰতিবেদন অনুসৰি ইয়াত বজাৰত পোৱা আন হালধিতকৈ ৭% বেছি কাৰকিউমিন থাকে ৷ ই ইয়াৰ উচ্চ কাৰকিউমিন সমলৰ বাবে বিখ্যাত ৷
জাৰ্নেল অৱ এপ্লাইড বায়’লজি এণ্ড বায়’টেকন’লজিৰ তথ্য অনুসৰি, মেঘালয়ৰ মনোৰম পশ্চিম জয়ন্তীয়া পাহাৰৰ লাকাডং উপত্যকা ইয়াৰ অনন্য হালধিৰ বাবে সুপৰিচিত ৷ অনুকূল মাটি, উষ্ণতা আৰু পাৰিপাৰ্শ্বিক কাৰকৰ বাবে এই অঞ্চলৰ হালধিৰ এক অসাধাৰণ উচ্চ কাৰকিউমিন স্তৰ আছে ৷
উল্লেখ্য যে, কাৰকিউমিন হৈছে প্ৰাথমিকভাৱে হালধিত পোৱা এক হালধীয়া ৰঞ্জক ৷ ই প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থকা এক পলিফেনল আৰু ইয়াৰ শৰীৰত এণ্টিঅক্সিডেণ্টৰ পৰিমাণ বৃদ্ধি কৰাৰ ক্ষমতা আছে ৷
হালধিতকৈ যথেষ্ট বেছি ক্ষমতা থকা পৰিপূৰক প্ৰস্তুত কৰিবলৈ কাৰকিউমিন আৰু হালধিত পোৱা কাৰকিউমিনইড আহৰণ কৰিব পাৰি ৷ অৱশ্যে, কাৰকিউমিন যথেষ্ট লাহে লাহে হজম হয়, যাৰ বাবে ইয়াৰ জৈৱ উপলব্ধতা উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন ফৰ্মুলেচন সৃষ্টি কৰা হৈছে ৷
অন্যান্য হালধিৰ প্ৰকাৰৰ বিপৰীতে, লাকাডং হালধি ইয়াৰ উচ্চ কাৰকিউমিন সমলৰ বাবে যথেষ্ট শক্তিশালী বুলি জনা যায় ৷ এই হালধিৰ খেতিৰ ধৰণ আন হালধিতকৈ পৃথক ৷ এই হালধিৰ খেতি ক'লা মাটিত কৰা হয় ৷ তদুপৰি, এই হালধি খেতি কৰাৰ সময়ত কোনো সাৰ বা কীটনাশক ব্যৱহাৰ কৰা নহয় ৷ গতিকে এই হালধিয যথেষ্ট পৰিষ্কাৰ ৷
লাকাডং হালধিক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ হালধি বুলি কোৱা হয়৷ ২০২১ চনত নেডাৰলেণ্ড, ইংলেণ্ড আৰু আন বহুতো দেশকে ধৰি বিভিন্ন দেশলৈ লকাডং হালধি বৃহৎ পৰিমাণে ৰপ্তানি কৰা হয়৷
হালধিত থকা 'কাৰকিউমিন' পৰিমাণৰ বাবেই ইয়াৰ উপশমকাৰী গুণ ইমান বেছি ৷ লাকাডং হালধিত কাৰকিউমিনৰ ঘনত্ব অন্যান্য প্ৰজাতিৰ হালধিতকৈ কমেও ৭% অধিক ৷ ফলস্বৰূপে, ইয়াৰ স্বাস্থ্য ৰক্ষাৰ মান যথেষ্ট উচ্চ ৷
এই বিশেষ হালধি সমগ্ৰ দেশজুৰি সিঁচৰতি হৈ থকা মেঘালয়ৰ ৰাজ্যিক এম্পোৰিয়ামসমূহত পোৱা যায় ৷ খেতিৰ ক্ষেত্ৰতো বিশেষ পদ্ধতি গ্ৰহণ কৰা হয়৷ পৰম্পৰা অনুসৰি খেতি কৰোঁতে কৃষকসকলে কোনো সময়তে সাৰ বা কীটনাশক ব্যৱহাৰ নকৰে৷ সেয়েহে, এই হালধি অধিক বিশুদ্ধ আৰু জৈৱিক৷ জয়ন্তীয়া পাহাৰৰ লাকাডং উপত্যকাৰ ক'লা মাটিত ইয়াৰ খেতি কৰা হয় ৷ এই মাটি ইমানেই উৰ্বৰ যে ইয়াৰ বাবে আন কোনো ৰাসায়নিক পদাৰ্থৰ প্ৰয়োজন নহয় ৷
লাকাডং হালধি কেনেকৈ খাব ?
এক চাহ চামুচ লাকাডং হালধিৰ ১/৪ অংশ লৈ, ইয়াক এটা কাপত ঢালি দিয়ক, আৰু তাৰ পিছত আপুনি কিমান মিঠা পছন্দ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি এক বা দুই চামুচ মৌ যোগ দিয়ক ৷ তাৰ পাছত ইয়াত গৰম পানী যোগ দি আপোনাৰ পুৱাৰ আহাৰৰ অংশ হিচাপে লাকাডং হালধিৰ চাহ উপভোগ কৰিব পাৰে ৷
উৎস:-https://jabonline.in/admin/php/uploads/1014_pdf.pdf
লগতে পঢ়ক

