ETV Bharat / health

এয়া হৈছে সামান্থা ৰুথ প্ৰভুৰ উজ্বল ছালৰ ৰহস্য...আপুনিও কৰিব পাৰে অনুসৰণ - Samantha Skin Care Routine

Samantha Skin Care Routine: শেহতীয়াকৈ অভিনেত্ৰী সামান্থাই নিজৰ ছালৰ যত্নৰ আঁৰৰ গোপনীয়তা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । ইয়াত তেওঁ ৰেড লাইট থেৰাপী কৰাৰ বিষয়ে বিবৰি কয় লগতে এই থেৰাপীৰ দ্বাৰা কিদৰে ছালক উজ্বল তথা ডেকা কৰি ৰাখিব পাৰি তলত সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

SAMANTHA SKIN CARE
এয়া হৈছে সামান্থা ৰুথ প্ৰভুৰ উজ্বল ছালৰ ৰহস্য...আপুনিও কৰিব পাৰে অনুসৰণ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : September 18, 2024 at 11:08 AM IST

3 Min Read
Choose ETV Bharat

আমি প্ৰায়ে ভাবো যে কেৱল অভিনেত্ৰীসকলৰেই মুখমণ্ডল কেনেকৈ ইমান স্পষ্ট আৰু উজ্জ্বল ৷ বহুতে ভাবে যে ইয়াৰ কাৰণ কেৱল আৰু কেৱল মেকআপ ৷ কিন্তু, এয়া প্ৰকৃত সত্য নহয় ৷ মেকআপ আৰু ছালৰ যত্ন লোৱাৰ মাজত বহু পাৰ্থক্য আছে ৷

মনত ৰাখিব যে ছালখন সুস্থ হ’লেহে মুখখন পৰিষ্কাৰ আৰু চিকচিকিয়া দেখা যাব ৷ এই কাৰণে বহুতে কৈছে যে সকলোৱে ছালৰ যত্ন মানি চলাটো উচিত ৷ শেহতীয়াকৈ অভিনেত্ৰী সামান্থাই নিজৰ ইনষ্টাগ্ৰাম পেজত পোষ্ট কৰি কয় যে, ছালৰ স্বাস্থ্য কেৱল সৌন্দৰ্যই নহয়, ই আমাৰ সামগ্ৰিক শৰীৰৰ সুস্থতাৰ এক গুৰুত্বপূৰ্ণ অংশ ৷

ইফালে, অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ ‘ডে ইন মাই লাইফ’ ভিডিঅ’ত তেওঁৰ জিলিকি থকা উজ্বল মুখখনৰ আঁৰৰ গোপনীয়তা প্ৰকাশ কৰে ৷ সেয়ে এইখিনিতে তেওঁ ছালৰ উজ্বলতাৰ বাবে ৰেড লাইট থেৰাপী কৰাৰ বিষয়ে কি কৈছে ? এই কাম কৰিলে কি কি লাভ হয় চাওঁ আহক-

ৰেড লাইট থেৰাপী (RTL) কি ?

ৰেড লাইট থেৰাপীয়ে মানুহৰ ছালত দেখা দিয়া দাগ, বলিৰেখা, ব্ৰণ আদি শুধৰণি কৰি মুখ আৰু শৰীৰৰ সৌন্দৰ্য উন্নত কৰাত সহায় কৰে ৷ এই পদ্ধতিত ৰঙা পোহৰ কমকৈ ব্যৱহাৰ কৰা হয় ৷ ৰেড লাইট থেৰাপী হৈছে ৰঙা পোহৰৰ কম মাত্ৰাৰ তৰংগদৈৰ্ঘ্য ব্যৱহাৰ কৰা এক চিকিৎসা কৌশল ৷

কেৱল মুখৰ যত্নৰ বাবে নেকি ?

এই থেৰাপীসমূহ গোটেই শৰীৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ শৰীৰৰ প্ৰতি কৰি হেণ্ডহেল্ড ডিভাইচ ব্যৱহাৰ কৰা হয় ৷

কেনেদৰে কৰিব সহায় ?

  • গাঁঠিৰ বিষৰ সমস্যা
  • তেজৰ সোঁত বৃদ্ধি
  • ঘাঁ ভাল হোৱা
  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা
  • থাইৰয়ড হৰম’নৰ ভাৰসাম্য ৰক্ষাৰ দৰে সমস্যাৰ সমাধান কৰে

আপুনি চিৰদিনৰ বাবে সৰু হৈ থাকিব পাৰিবনে ?

আপোনাৰ ছালত বলিৰেখা, দাগ, ৰেখা হ্ৰাস কৰে আৰু আপোনাৰ ছালখনক প্ৰয়োজনীয় বুষ্ট দিয়ে ৷ ৰক্ত সঞ্চালন উন্নত কৰে আৰু বয়স বৃদ্ধিৰ ফলত হোৱা ছালৰ সমস্যা ৰোধ কৰে ৷

চুলিৰ বৃদ্ধি ?

এই চিকিৎসা সম্পন্ন কৰিলে পোহৰে মূৰৰ ছালত সোমাই তেজৰ সোঁত বৃদ্ধি কৰি ফোলিকলত পুষ্টি আৰু অক্সিজেন যোগান ধৰে ৷ ইয়াৰ বাবে চুলিৰ বৃদ্ধি মসৃণভাৱে হয় ৷

ছালৰ সমস্যা হ’ব দূৰ

এই চিকিৎসাই কলাজেন উৎপাদনক উদ্দীপিত কৰে যাৰ ফলত কলাজেনৰ মাত্ৰা বৃদ্ধি হয় ৷ ই মুখৰ পৰা ক’লা দাগ কম কৰে আৰু মুখৰ টেক্সচাৰ উন্নত কৰে ৷

ইয়াৰ ফলত আপোনাৰ ছালখন উজ্বল হয়নে ?

ইয়াৰ উপৰিও অভিনেত্ৰী সামান্থাই উল্লেখ কৰে যে এই ট্ৰিটমেন্ট গ্ৰহণ কৰিলে আমি কিছুমান নিয়ম মানি চলাটো জৰুৰী যে-

  1. সূৰ্যৰ ৰশ্মিৰ পৰা ছালক সুৰক্ষিত ৰখা
  2. পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা
  3. সামান্থাই শ্বেয়াৰ কৰে যে শৰীৰৰ ভিতৰ আৰু বাহিৰত হাইড্ৰেটেড হোৱাটো প্ৰয়োজনীয়, "এইটোৱেই মোৰ ছালৰ যত্নৰ আঁৰৰ ৰহস্য ৷"

খৰচ কিমান ?

এই চিকিৎসাৰ খৰচ প্ৰায় ৩০০০ টকাৰ পৰা ৫০০০ টকালৈকে হয় ৷ যদি আপুনি এই পদ্ধতি ল’ব বিচাৰে তেন্তে আগতীয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ৷ যদিও এই চিকিৎসাত কম ৰেড লাইট ব্যৱহাৰ কৰা হয়, তথাপিও চেষ্টা কৰক যাতে আপোনাৰ ছালখন সূৰ্যৰ পোহৰত দীৰ্ঘ সময় ধৰি নাথাকে ৷

লগতে পঢ়ক: কি হয় স্কিন চাইকেলিং ? যিয়ে আপোনাৰ ছালক দিব পাৰে এটি নতুন জীৱন - Skin Cycling