দীৰ্ঘসময়লৈকে একেৰাহে বহি কাম কৰে নেকি ? তেন্তে তৎক্ষণাত সলনি কৰক এই অভ্যাস - LONG HOURS WORKING
LONG HOURS WORKING : স্নায়ু বিশেষজ্ঞসকলে সকীয়াই দিছে যে দীৰ্ঘসময়লৈকে একে স্থানতে বহি থকাটো স্বাস্থ্যৰ সৈতে জড়িত সমস্যা তথা অকাল মৃত্যুৰ সম্ভাৱনা বৃদ্ধি কৰে ৷ গতিকে যদি আপুনিও প্ৰতিদিনে অবিৰতভাৱে বহি থাকে আৰু কোনো ধৰণৰ শাৰীৰিক কাৰ্যকলাপ নকৰে তেন্তে সাৱধান হওক ।

Published : May 24, 2024 at 2:08 PM IST
আপুনিও নিজৰ কৰ্মস্থলীত বহু সময় একেৰাহে বহিব থাকিব লাগে নেকি ? তেতিয়া হ’লে এতিয়াৰ পৰা এই ক্ষেত্ৰত সাৱধান হৈ যাওক কাৰণ এটা ঠাইত দীৰ্ঘ সময়লৈকে একে স্থানতে বহি থাকিলে মেদবহুলতা আৰু ধূমপানৰ পাৰ্শ্বক্ৰিয়াৰ সমান বিপদজনক আৰু মৃত্যুৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷ এই কথা আমি কোৱা নাই এক্স হেণ্ডেলৰ জৰিয়তে ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালৰ স্নায়ু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে প্ৰকাশ কৰা এটা পোষ্টত চিকিৎসকগৰাকীয়ে এই তথ্য শ্বেয়াৰ কৰে ৷ ইয়াৰ বিষয়ে আৰু বিতংভাৱে জানো আহক-
দীৰ্ঘসময়লৈকে একে স্থানতে বহি থকাটো মেদবহুলতা আৰু ধূমপানৰ পাৰ্শ্বক্ৰিয়াৰ সমান বিপদজনক
স্নায়ু বিশেষজ্ঞ ডাঃ সুধিৰ কুমাৰে সকীয়াই দিয়ে যে যদি দীৰ্ঘ সময় ধৰি একেৰাহে বহি থকা হয় তেন্তে স্বাস্থ্যজনিত সমস্যাৰ ভিতৰত মেদবহুলতা (পেটৰ চৰ্বি), ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড, হাৰ্ট এটেক, ষ্ট্ৰোক, কেন্সাৰ আৰু অকাল মৃত্যুৰ আশংকা আদিৰ সম্ভাৱনা বেছি ৷
লগতে ডাঃ সুধীৰ কুমাৰে পৰামৰ্শ দিয়ে যে দীৰ্ঘসময়লৈকে একে স্থানতে বহি থকাৰ ফলত হ’ব পৰা শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে ৬০-৭৫ মিনিট কম-বেছি পৰিমাণে হ’লেও শাৰীৰিক কাৰ্যকলাপ (যেনে দ্ৰুত খোজ কঢ়া, দৌৰা বা চাইকেল চলোৱা) কৰাটো প্ৰয়োজনীয় ৷
থিয় হৈয়েই ব্ৰেক লওক
নিউৰ’লজিষ্টে সুধিৰ কুমাৰে কয় যে দিনটোত ১৩ ঘণ্টাৰো অধিক সময় বহি থকাৰ লগতে ব্যায়াম কৰিলেও বহু সময় বহি থকাৰ পাৰ্শ্বক্ৰিয়া প্ৰতিহত কৰিব নোৱাৰি । চিকিৎসকগৰাকীয়ে বহি থকাৰ সময় কমোৱাৰ বাবে কিছু ব্যৱস্থাৰ পৰামৰ্শ দিয়ে আৰু প্ৰতি ৩০-৪৫ মিনিট বহি থকাৰ পিছত ৫ মিনিট থিয় হৈ বা খোজ কাঢ়িবলৈ বিৰতি ল’বলৈ পৰামৰ্শ দিছে ।
ডাঃ সুধিৰে কয়, "ঠিয় হৈ কফি ব্ৰেক লওক, আৰামত বহি কটোৱা সময় (যেনে টিভি, মোবাইল ফোন, অন্যান্য ইলেক্ট্ৰনিক গেজেট চোৱা) কমাই দিয়ক আৰু প্ৰতিদিনে ৪৫-৬০ মিনিটৰ খোজ কঢ়াৰ সময় নিৰ্ধাৰণ কৰক ।"

