আপুনিও লিভাৰৰ এইসমূহ সমস্যাত ভুগিছে নেকি ? তেনেহ’লে এতিয়াই চিকিৎসকৰ ওচৰলৈ যাওক - World Liver Day
World Liver Day: যকৃৎ অথবা লিভাৰৰ ৰোগ কিমান ভয়াবহ আপুনি জানেনে ? সেয়েহে যকৃৎ সম্পৰ্কীয় সমস্যা আৰু কিছুমান লক্ষণ কেতিয়াও উপেক্ষা নকৰিব ৷ অন্যথা লিভাৰৰ ৰোগে ৰোগীৰ প্ৰাণো ল’ব পাৰে ৷ পঢ়ক সবিশেষ...

Published : April 21, 2024 at 1:10 PM IST
আজি বিশ্ব যকৃৎ দিৱস ৷ যকৃৎ অথবা লিভাৰ হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ ভিতৰত অন্যতম ৷ সেইবাবে যদি যকৃতৰ সৈতে সম্পৰ্কিত ৰোগবোৰৰ সঠিক সময়ত চিকিৎসা কৰা নহয়, তেনেহ’লে ৰোগীয়ে ইয়াৰ গুৰুতৰ আৰু মাৰাত্মক প্ৰভাৱৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ।
সাধাৰণতে যকৃতৰ ৰোগৰ লক্ষণ ধৰিব পৰা নাযায় । পৰিসংখ্যা অনুসৰি, প্ৰতি বছৰে ভাৰতত যকৃৎ সম্পৰ্কীয় ৰোগৰ ফলত প্ৰায় 4 লাখ লোকে মৃত্যুক আকোঁৱালি লয় ।
বিশ্ব যকৃৎ দিৱস: চিকিৎসকৰ অনুসৰি, জীৱনশৈলী আৰু স্বাস্থ্যকৰ আহাৰৰ লগতে স্বাস্থ্য সন্দৰ্ভত অধিক সচেতন হৈ থাকিলে যকৃৎ তথা ইয়াৰ সৈতে সম্পৰ্কিত বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰি । যকৃত সম্পৰ্কীয় ৰোগৰ গুৰুত্বৰ বিষয়ে সজাগতা বিয়পোৱা আৰু এই সন্দৰ্ভত অন্যান্য প্ৰচেষ্টা বৃদ্ধি কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে 19 এপ্ৰিলত বিশ্ব যকৃৎ দিৱস পালন কৰা হয় ।
মুম্বাইৰ থানেৰ জেনেৰেল ফিজিচিয়ান ডাঃ আশীষ কুমাৰে উল্লেখ কৰা অনুসৰি, যকৃতে আমাৰ শৰীৰৰ বহুতো অত্যাৱশ্যকীয় কামত সহায় কৰে ৷ ইয়াৰ ভিতৰত হৈছে খাদ্য হজম কৰা, পুষ্টিৰ প্ৰক্ৰিয়াকৰণ আৰু বিতৰণ, তেজৰ পৰা বিষাক্ত পদাৰ্থ ফিল্টাৰ কৰা আৰু শৰীৰৰ পৰা আৱৰ্জনা সামগ্ৰী আঁতৰ কৰা । এনে পৰিস্থিতিত, যদি যকৃতত কোনো ৰোগ বা সমস্যা থাকে, তেন্তে ই তেজত বিষাক্ত পদাৰ্থ বৃদ্ধি কৰাব পাৰে, খাদ্য হজম হোৱাত সমস্যা হ'ব পাৰে, শৌচ প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি কৰিব পাৰে, শৰীৰে আহাৰৰ পৰা পোৱা পুষ্টিৰ অভাৱ হ'ব পাৰে, কিছুমান বিপাকীয় সমস্যা বা বিপাকীয় ৰোগ হ'ব পাৰে, ভাইৰাছৰ দ্বাৰা সহজে প্ৰভাৱিত হ'ব পাৰে ৷
যদি যকৃৎ সম্পৰ্কীয় এই ৰোগবোৰ সময়মতে আৰু সঠিকভাৱে চিকিৎসা কৰা নহয়, কেতিয়াবা ই গুৰুতৰ শাৰীৰিক সমস্যা সৃষ্টি কৰাৰ লগতে ভুক্তভোগীৰ মৃত্যুৰ আশংকা বৃদ্ধি কৰে ৷
যকৃতৰ ৰোগৰ পৰা কেইটামান জনপ্ৰিয় সমস্যা হৈছে হেপাটাইটিছ এ, হেপাটাইটিছ বি, হেপাটাইটিছ চি, হেপাটাইটিছ ইৰ সংক্ৰমণ, অট’ইমিউন সমস্যা, সুৰা আৰু সুৰাবিহীন চৰ্বিযুক্ত যকৃত, আন কিছুমান অংগৰ সৈতে সম্পৰ্কিত ৰোগৰ বৰ্ধিত প্ৰভাৱ, যকৃতৰ কৰ্কট ৰোগ, যকৃতৰ চিৰোচিছ আৰু যকৃতৰ বিফলতা ইত্যাদি ।
সময়মতে আহাৰ গ্ৰহণ নকৰা আৰু জীৱনশৈলীত খেলিমেলি কৰা অনিয়ন্ত্ৰিত ডায়েবেটিছ, হাইপাৰলিপিডেমিয়া ৰোগ, মেদবহুলতা, ড্ৰাগ সেৱন কৰা বা অত্যধিক সুৰাপান কৰাj আৰু বিষাক্ত খাদ্য বা পদাৰ্থ সেৱন কৰাকে ধৰি আন কিছুমান কাৰকো যকৃতৰ ৰোগ সৃষ্টি কৰিব পাৰে । আনহাতে কেতিয়াবা আনুবংশিক কাৰণ বা ৰোগৰ ফলতো যকৃৎ ৰোগ হ’ব পাৰে ।
যকৃতত সমস্যা আৰম্ভ হ'লে দেখা পোৱা কিছুমান সচৰাচৰ লক্ষণ নিম্নলিখিত ধৰণৰ-
জণ্ডিছ - ছাল আৰু চকুৰ বগা অংশ হালধীয়া হোৱা
পেটৰ বিষ আৰু পেট ফুলা
গাঢ় প্ৰস্ৰাৱ
অত্যধিক হালধীয়া শৌচ
ভৰিৰ তলৰ অংশ আৰু গোৰোহা ফুলা
ভোক লাগি থকা আৰু অত্যধিক ভাগৰ লগা
বমি হোৱা
যকৃৎ ৰোগৰ সমস্যাৰ পৰা সুৰক্ষিত থাকিবলৈ অৱলম্বন কৰক এইসমূহ সাৱধানতা :
- স্বাস্থ্যকৰ আৰু এখন সুপৰিচালিত ৰুটিন অনুসৰণ কৰিব লাগে
- পুষ্টিকৰ আৰু হজম কৰিব পৰা আহাৰ খাব লাগে
- প্ৰয়োজন অনুসাৰে নিমখ খাওক
- প্ৰয়োজনীয় পৰিমাণে পানী খাওক
- বাহিৰৰ খাদ্য আৰু পানীয় পৰিহাৰ কৰক ৷ বিশেষকৈ পদপথত বিক্ৰী কৰা খাদ্য সামগ্ৰী, সুৰা আৰু নিচাযুক্ত সামগ্ৰী পৰিহাৰ কৰিব লাগে ৷
- নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে
- ওজন নিয়ন্ত্ৰণ কৰক
- ডায়েবেটিছ হ'লে নিয়মীয়াকৈ ঔষধ সেৱন কৰক
- যদি কাৰোবাৰ পৰিয়ালত হেপাটাইটিছ বা যকৃত ৰোগৰ ইতিহাস আছে, তেন্তে ততালিকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে ৷ প্ৰয়োজন হ'লে প্ৰয়োজনীয় সাৱধানতা আৰু ঔষধ সেৱন কৰক ৷
লগতে পঢ়ক: লিভাৰটো সুস্থ কৰি ৰখা আৰু নিয়মিতভাৱে পৰীক্ষা কৰাটো কিয় গুৰুত্বপূৰ্ণ ? - WORLD LIVER DAY

