
গৰম চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি ? তেন্তে ইয়াৰ ক্ষতিকাৰক দিশসমূহো এবাৰ জানি লওক - Tea and Cigarette Side Effects
Tea and Cigarette Side Effects: চাহ বা চিগাৰেট খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰায়েই কোৱা হয়, কিন্তু চাহ আৰু চিগাৰেট একেলগে সেৱন কৰিলে আমাৰ স্বাস্থ্যত ইয়াৰ কেনে প্ৰভাৱ পৰিব পাৰে । যদি নাজানে তেন্তে আজি এই খবৰৰ জৰিয়তে জানি লওক। সম্পূৰ্ণ খবৰ পঢ়ক...

Published : September 30, 2024 at 3:42 PM IST
একাপ চাহৰ সৈতে এটা চিগাৰেট সম্প্ৰতি এয়া এক ট্ৰেণ্ডলৈ পৰিণত হৈছে ৷ বিশেষকৈ নৱ-প্ৰজন্মৰ মাজত এই ট্ৰেণ্ড খুবেই দেখিবলৈ পোৱা যায় আৰু এই কাম কৰাটো তেওঁলোকে খুবেই কুল বুলি বিবেচনা কৰে ৷ কিন্তু তেওঁলোকে নাজানে চাহ আৰু চিগাৰেটৰ সংমিশ্ৰণ তেওঁলোকৰ স্বাস্থ্যৰ বাবে কিমান বিপদজনক হ’ব পাৰে ৷
আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিও যে, চাহ আৰু চিগাৰেট একেলগে খালে বহুতো গুৰুতৰ ৰোগে দেখা দিব পাৰে ৷ এই দুটাৰ সংমিশ্ৰণ আপোনাৰ স্বাস্থ্যৰ বাবে কিমান বিপজ্জনক হ'ব পাৰে আজি জানি লও আহক-
চাহৰ লগত চিগাৰেট খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷ এক গৱেষণাৰ মতে ধূমপায়ী আৰু মদ্যপায়ী এজনে একেলগে চাহ খালে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৩০ শতাংশ বৃদ্ধি পায় ৷ Annals of Internal Medicineত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৰম চাহে পাচনতন্ত্ৰৰ কোষৰ ক্ষতি কৰে আৰু চাহ আৰু চিগাৰেট একেলগে সেৱন কৰিলে কোষৰ ক্ষতিৰ সম্ভাৱনা ২ গুণ বৃদ্ধি পায় ৷ যাৰ বাবে কেন্সাৰৰ সম্ভাৱনা গুৰুতৰভাৱে বৃদ্ধি পায় ৷
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, চাহত কেফেইন পোৱা যায়, যাৰ ফলত পেটত এক প্ৰকাৰৰ বিশেষ এচিড উৎপন্ন হয়, যিটো হজম শক্তিত সহায়ক হয়, কিন্তু অত্যধিক পৰিমাণৰ কেফেইন পেটত প্ৰৱেশ কৰিলে ক্ষতি কৰিব পাৰে ৷ চিগাৰেট বা বিড়ি নিকোটিন পোৱা যায় ৷ খালী পেটত একেলগে চাহ-চিগাৰেট খালে মূৰৰ বিষ, মূৰ ঘূৰোৱাৰ দৰে সমস্যা হ’ব পাৰে ৷
কেৱল চিগাৰেট খোৱাটোও ক্ষতিকাৰক ৷ কাৰণ ধূমপায়ীসকলৰ ব্ৰেইন ষ্ট্ৰোক বা হাৰ্ট ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায় ৷ দিনটোত এটা চিগাৰেট খোৱা লোকৰ হাৰ্ট এটেকৰ আশংকা সাধাৰণ জনসংখ্যাতকৈ ৭ শতাংশ বেছি বুলি কেইবাটাও গৱেষণাৰ পৰা জানিব পৰা গৈছে ৷ লগতে কোনোবাই যদি চেইনস্মোকাৰ হয় তেন্তে তেওঁৰ আয়ুস ১৭ বছৰ হ্ৰাস কৰিব পাৰে ৷
চাহ আৰু চিগাৰেট খোৱাৰ ফলত কি কি ৰোগ হ’ব পাৰে ?
- হাৰ্ট এটাকৰ আশংকা
- খাদ্য নলীৰ কৰ্কট ৰোগ
- ডিঙিৰ কৰ্কট ৰোগ
- নপুংসকতা আৰু বন্ধ্যাত্বৰ আশংকা
- পেটৰ আলচাৰ
- হাত আৰু ভৰিৰ আলচাৰ
- স্মৃতিশক্তি হেৰুওৱাৰ আশংকা
- মগজুৰ ষ্ট্ৰোক আৰু হাৰ্ট ষ্ট্ৰোকৰ আশংকা
- আয়ুস কম হোৱা
- হাওঁফাওঁৰ কৰ্কট ৰোগ
সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

