ঘৰুৱা পদ্ধতিৰে বৃক্কৰ পাথৰৰ চিকিৎসা কৰাটো কিমান গ্ৰহণযোগ্য ?
কিডনীৰ পাথৰ হোৱাৰ কাৰণসমূহ কি কি, ইয়াৰ লক্ষণ কি, কেনেকৈ হয় এই ৰোগ, জনালে জি এন আৰ চি মেডিকেলৰ কিডনী বিভাগৰ বিশেষজ্ঞা ডাঃ ভায়লিনা বৰাই-

Published : May 20, 2025 at 5:20 PM IST
বৰ্তমান সময়ত বহু মানুহৰ মাজতে দিনক দিনে বৃক্কৰ পাথৰৰ (Kidney Stone) সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে ৷ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত এইসমস্যা অধিক হোৱা দেখা গৈছে ৷ ই সাধাৰণতে মূত্র (urine) ৰ লগত থকা কিছু খনিজ পদাৰ্থ আৰু লবণ জমা হৈ গঠিত হয় ৷ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে এজন ব্যক্তি বহুতো ৰোগত আক্ৰান্ত হয়, ইয়াৰ ভিতৰত ‘বৃক্ক ষ্ট’ন’ও অন্যতম ৷
ষ্ট’ন বা শিল বা পাথৰ হৈছে এক গুৰুতৰ সমস্যা, যাৰ বিষ একেবাৰেই অসহনীয় ৷ ই শৰীৰৰ যিকোনো স্থানতে সৃষ্টি হ'ব পাৰে ৷ যদি জীৱনশৈলী স্বাস্থ্যকৰ হয়, তেন্তে প্ৰস্ৰাৱৰ জৰিয়তে ষ্ট’নবোৰ শৰীৰৰ পৰা ওলাই যায় ৷ কিন্তু ষ্ট’নৰ আকাৰ ডাঙৰ হ’লে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈ পৰে ৷ যদি আপুনি ‘বৃক্ক ষ্ট’ন’ৰ সমস্যাৰ পৰা হাত সাৰিব বিচাৰে, তেন্তে কি খাদ্য আপোনাৰ বাবে উপকাৰী আৰু কি অপকাৰী, তথা এই ৰোগৰ লক্ষণ তথা নিদানৰ বিষয়ে বিশেষজ্ঞৰ পৰাই আজি জানো আহক-
বৃক্কত পাথৰ হোৱাৰ কাৰণসমূহ কি কি ?
চিকিৎসকৰ মতে, ভৌগোলিক কাৰণৰ লগতে আমাৰ কিছু অভ্যাসৰ বাবেও এই সমস্যা বৃদ্ধি পোৱা দেখা যায় ৷ যেনে- ডিহাইড্ৰেচন ৷ এগৰাকী ব্যক্তিয়ে যিমান পৰিমাণৰ পানী খাব লাগে, সিমান পৰিমাণে পানী নাখায় ৷ যাৰ ফলত আমাৰ শৰীৰত থকা বেয়া পদাৰ্থ সমূহ বৃক্কৰ দ্বাৰা প্ৰেচাবত নিষ্কাষন হয় ৷ প্ৰস্ৰাৱত সেই অনিষ্টকাৰী পদাৰ্থখিনি বেছি ঘনীভূত ৰূপত থাকে আৰু প্ৰস্ৰাৱত যিমানে বেয়া পদাৰ্থ সমূহৰ ঘনীভূত ৰূপত বেছি থাকে সিমানে পাথৰ সৃষ্টিহোৱাৰ আশংকা থাকে ৷ সমান্তৰালভাৱে খাদ্যভ্যাসৰ বাবেও বৃক্কৰ পাথৰ হ'ব পাৰে ৷
কেলচিয়াম (Calcium), অক্সেলেট (oxalate) আদি
খনিজ পদাৰ্থৰ বাবেও পাথৰ হোৱা দেখা যায় ৷ গতিকে আমি যদি খাদ্যত এই পদাৰ্থৰসমূহ থকা বস্তু বেছিকৈ খাওঁ তেতিয়াও পাথৰ উৎপন্নহোৱাৰ আশংকা বৃদ্ধি হোৱা দেখা যায় ৷ সেয়ে এইসমূহ স্বাভাৱিক কৰিবলৈ আমি সদায় প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু
কেলচিয়াম (calcium), অক্সেলেট (oxalate), আৰু ইউৰিক এচিড (uric acid) থকা পদাৰ্থসমূহ এটা নিয়মিত পৰিমাণে গ্ৰহণ কৰিব লাগে ৷
বৃক্কৰ পাথৰৰ লক্ষণসমূহ কি কি ?
১) বৃক্কৰ পাথৰ (Kidney Stone)ৰ এটা মূল লক্ষণ হৈছে পেটৰ বিষ ৷
২) যিহেতু আমাৰ বৃক্ক বা বৃক্ক পিঠিৰ তল অংশত থাকে, সেয়ে বেছিভাগ ৰোগীয়ে সেই অংশত বিষ অনুভৱ হয় ৷
৩) প্ৰস্ৰাৱ বন্ধ হৈ যাব পাৰে, বা প্ৰস্ৰাৱ কম কৈ হ'ব পাৰে ৷
৪) কেতিয়াবা প্ৰস্ৰাৱ জ্বলা পুৰা অনুভৱ হয় ৷ লগতে প্ৰস্ৰাৱত সংক্ৰমণো হ'ব পাৰে ৷
৫) প্ৰস্ৰাৱৰ লগত তেজ যাব পাৰে ৷
এই লক্ষণসমূহ দেখা মাত্ৰকে আনতি পলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷ কাৰণ প্ৰথমৱস্থাতে যদি ইয়াক ধৰা পেলাব পাৰি তেন্তে কোনো অস্ত্ৰোপচাৰ নকৰাকৈয়ে ঔষধৰ দ্বাৰাই এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷
বৃক্কৰ পাথৰ হ'লে বহুতে ঘৰুৱা পদ্ধতিৰে চিকিৎসা কৰে সেয়া কিমান গ্ৰহণযোগ্য ?
বহুসময়ত দেখা যায় যে পাথৰ (Stone) হ'লে বহুতে ঘৰুৱা পদ্ধতিৰে বা বিভিন্ন বনৌষধি সেৱন কৰি ঘৰুৱাভাৱে নিজাববীয়াকৈ চিকিৎসা কৰে ৷ এইয়া কিমান দূৰ গ্ৰহণযোগ্য এই সন্দৰ্ভত চিকিৎসক গৰাকীয়ে জনায় ৷
এলোপেথিক মেডিচিন বজাৰত বিক্ৰীৰ পূৰ্বে বহুখিনি গৱেষণা কৰা হয় ৷ বহুকেইটা পৰ্যায় অতিক্ৰম কৰাৰ পাছতহে বজাৰ বিক্ৰী কৰা হয় বা চিকিৎসকে সেই ঔষধ সেৱণৰ পৰামৰ্শ আগবঢ়ায় ৷ কিন্তু বনৌষধিৰ ক্ষেত্ৰত গৱেষণা বহুক্ষেত্ৰতে হোৱা দেখা নাযায় ৷ যাৰ ফলত সেই বনৌষধিৰ পৰা হ'ব পৰা পাৰ্শ্বক্ৰিয়াসমূহৰ বিষয়ে আমি নাজানো যাৰ বাবে ইয়াৰ ওপৰত সঠিকভাৱে মন্তব্য কৰাটো কঠিন ৷
লগতে পঢ়ক

