ETV Bharat / health

এইসমূহ লক্ষণ দেখিলে হৈ যাওক সাৱধান ? বিকল হ’ব পাৰে আপোনাৰ বৃক্ক

বৰ্তমান সময়ত বৃক্কজনীত সমস্যা বহু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বৃক্ক বা কিডনী বিকলৰ লক্ষণসমূহ কি কি, এই সন্দৰ্ভত জনালে চিকিৎসক ডাঃ ভায়লিনা বৰাই-

Kidney Failure: Warning Signs, Symptoms, and When to Seek Help
এইসমূহ লক্ষণ দেখিলে হৈ যাওক সাৱধান ? বিকল হ’ব পাৰে আপোনাৰ বৃক্ক (ETV Bharat Assam)
author img

By ETV Bharat Health Team

Published : June 25, 2025 at 4:17 PM IST

3 Min Read
Choose ETV Bharat

বৰ্তমান সময়ত কিডনী বা বৃক্ক বিকল হোৱা সমস্যা বহু বেছিকৈ হোৱা দেখা গৈছে ৷ চিকিৎসকে জনোৱা অনুসৰি বৃক্কজনীত ৰোগ সমূহ বিশেষকৈ দেখা যায় ডায়েবেটিচ আৰু উচ্চৰক্তচাপ থকা ৰোগী সকলৰ ক্ষেত্ৰত ৷ অৱশ্যে অন্য কাৰণ যেনে ঔষধৰ পৰাও বৃক্ক বা কিডনী বিকল হোৱা দেখা যায় ৷ সমান্তৰালভাৱে কিডনীত পাথৰ হৈও এটা সময়ত কিডনী বিকল হোৱা দেখা যায় ৷

ইয়াৰ লক্ষণসমূহ কি কি ?

চিকিৎসক গৰাকীয়ে এই সন্দৰ্ভত কয়,' কিডনী বা বৃক্ক বিকলহোৱাৰ ক্ষেত্ৰত প্ৰথমৱস্থাত কোনো ধৰণৰ লক্ষণ দেখা নাযায় ৷ সজাগতাৰ অভাৱত আমি পৰীক্ষাসমুহ সময় মতে নকৰো যাৰফলত ৰোগবিধ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা নপৰে ৷ এনে কিছু লক্ষণে দেখা দিয়ে যিবোৰৰ পৰা মানুহে এইটো কল্পনা নকৰে বা নাভাবে যে ইয়াৰদ্বাৰাও কিডনী বিকল হ'ব পাৰে ৷ বহুতৰ ক্ষেত্ৰত ভৰি ফুলিব ধৰে, এই ক্ষেত্ৰত ভৱা হয় যে বহি থকাৰ বাবে ভৰি ফুলিছে ৷ কিন্তু ভৰি ফুলাটোও এটা ইয়াৰ লক্ষণ হ'ব পাৰে, লগতে একো খাবলৈ মন নাযায়, বহুত ভাগৰ লাগে এইসমূহো কিডনী বিকল হোৱাৰ লক্ষণ হ'ব পাৰে ৷ অৱশ্যে এই সমূহ লক্ষণ অন্য ৰোগৰ ক্ষেত্ৰতো হ'ব পাৰে, সেয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ৷'

চিকিৎসক ডাঃ ভায়লিনা বৰা (ETV Bharat Assam)

লগতে তেওঁ কয়,'ইয়াৰোপৰি কিছুলোকৰ ক্ষেত্ৰত দেহত বাৰে বাৰে তেজ কমি গৈ থাকে, বাৰে বাৰে হিম'গ্লবিন কমি থাকে ৷ এনিমিয়াও আচলতে কিডনীৰোগৰ এটা লক্ষণ হয় ৷ আনহাতে কম বয়সতে উচ্চৰক্তচাপ হোৱাটোও কিডনীৰোগৰ এটা লক্ষণ হ'ব পাৰে ৷ সেয়ে উচ্চৰক্তচাপ হোৱাৰ লগে লগে কিডনীৰ এটা পৰীক্ষা কৰিব লাগে ৷ লগতে প্ৰস্ৰাৱৰ যিকোনো লক্ষণ যেনে: প্ৰস্ৰাৱ জ্বলা পুৰা কৰা, কমকৈ প্ৰস্ৰাৱ হোৱা,প্ৰস্ৰাৱৰ দ্বাৰা তেজ যোৱা কিডনীৰোগৰ লক্ষণ হ'ব পাৰে ৷ লগতে ৰাতি প্ৰস্ৰাৱৰ যোৱাটোও এটা কিডনীৰোগৰ লক্ষণ হ'ব পাৰে ৷'

ইয়াৰ কাৰণসমূহ কি কি ?

বৰ্তমান সময়ত প্ৰতি দহগৰাকী লোকৰ বিপৰীতে এগৰাকী লোক ডায়েবেটিচ বা উচ্চ ৰক্তচাপত আক্রান্তহোৱা দেখা যায় ৷ এনে বহু ৰোগী থাকে যিয়ে ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপত আক্রান্ত হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰাৰ বিপৰীতে খাদ্যত নিয়ন্ত্ৰণ কৰা বা অন্য প্ৰথা অৱলম্বন কৰাহে দেখা যায় ৷ যাৰ ফলত ৰোগটো দীৰ্ঘদিনলৈ অনিয়ন্ত্ৰিত হৈ থাকে আৰু শেষত গৈ বৃক্ক বা কিডনীত প্ৰভাৱ পেলাই ৷

তদুপৰি কিছুমান ঔষধৰ পৰাও বৃক্ক বা কিডনী বিকল হোৱা দেখা যায় ৷ যেনে যদিহে দেহত অকমান বিষ অনুভৱ হয় তেন্তে মানুহে চিকিৎসকৰ কোনো পৰামৰ্শ গ্ৰহণ নকৰাকৈ পেইনকিলাৰ ব্যৱহাৰ কৰা দেখা যায় ৷ এই পেইনকিলাৰেও কিডনীত প্ৰভাৱ পেলাৱ পাৰে ৷

লগতে বংশগত কিছুমান কাৰণটো কিডনীত প্ৰভাৱ পেলোৱা দেখা যায় ৷ SLE অৰ্থাৎ systemic lupus erythematosus ৰ বাবেও কিডনীত প্ৰভাৱ পৰা দেখা যায় ৷ বিশেষকৈ মহিলাসকল এই সমস্যা হয় ৷ কিডনীত পাথৰ হৈও এটা সময়ত কিডনী বিকল হোৱা দেখা যায় ৷ তদুপৰি কিছুমান শিশুৰ জন্মৰ সময়ত এটা কিডনী নাথাকে আৰু পৰৱৰ্তী সময়ত গৈ এটা কিডনী বিকল হোৱাও দেখা যায় ৷

লগতে পঢ়ক

  1. প্ৰেমানন্দ মহাৰাজৰ দুয়োটা বৃক্কই বিকল নেকি ? এয়া কিমানদূৰ সম্ভৱ
  2. যদি আপুনিও ভাবে যে বিয়েৰ খালে বৃক্কত হোৱা পাথৰৰ পৰা সকাহ পাব পাৰি তেন্তে পঢ়ক এই প্ৰতিবেদন
  3. ঘৰুৱা পদ্ধতিৰে বৃক্কৰ পাথৰৰ চিকিৎসা কৰাটো কিমান গ্ৰহণযোগ্য ?