ETV Bharat / health

কোন লোকৰ বাবে ধূমপান ত্যাগ কৰাটো সহজ কোন লোকৰ বাবে কঠিন ? গৱেষণাই কি কয় - SMOKING

ধূমপানৰ কৰা লোকসকলৰ বাবে ইয়াক সহজে ত্যাগ কৰাটো খুবেই কঠিন ৷ কিন্তু বাৰুকৈয়ে ধূমপানৰ অভ্যাস ত্যাগ কৰাটো খুবেই কঠিন নেকি এই সন্দৰ্ভত গৱেষণাই কি কয়-

Is it difficult or easy to quit smoking?
কোন লোকৰ বাবে ধূমপান ত্যাগ কৰাটো সহজ কোন লোকৰ বাবে কঠিন ? গৱেষণাই কি কয় (Etv Bharat)
author img

By ETV Bharat Health Team

Published : February 21, 2025 at 2:22 PM IST

4 Min Read

ধূমপান আজিকালি বহু লোকৰ জীৱনশৈলীৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে ৷ অৱশ্যে আমি সকলোৱে এই বিষয়ে জ্ঞাত যে ই আমাৰ স্বাস্থ্যৰ বহু দিশত ক্ষতি কৰে ৷ অবিৰত ধূমপানে আমাক বহুতো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ কৱলত পেলাব পাৰে ৷ এই কাৰণেই চিকিৎসকে নিজেও ধূমপান এৰিবলৈ পৰামৰ্শ দিয়ে ৷ ধূমপানৰ অভ্যাস এৰি দিয়াটো যথেষ্ট কঠিন হ’ব পাৰে, কিন্তু এৰি দিয়াৰ সিদ্ধান্ত আপোনাৰ তাৎক্ষণিক তথা দীৰ্ঘম্যাদী স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী ৷ শেহতীয়াকৈ এই সন্দৰ্ভত এটা অধ্যয়নো ওলাইছে, য’ত ধূমপান ত্যাগ কৰিলে স্বাস্থ্যৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ গৱেষণা মতে, যিকোনো বয়সতে ধূমপান ত্যাগ কৰিলে হাওঁফাওঁ আৰু অন্যান্য প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ৷ জামা নেটৱৰ্ক অ’পেন নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণাৰ মতে ধূমপান সম্পূৰ্ণৰূপে বন্ধ কৰা লোকসকলৰ কৰ্কট ৰোগৰ সম্ভাৱনা ধূমপান অব্যাহত ৰখাসকলতকৈ ১৭% কম হয় ৷

ধূমপান এনেকুৱা এটা নিচা যিয়ে শৰীৰক ভিতৰৰ পৰা লাহে লাহে খাই পেলায়, বহুতে এই অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা কৰে, কিন্তু সকলোৱে সফল নহয় ৷ এটা অধ্যয়নত এনে জিন চিনাক্ত কৰা হৈছে যিয়ে ধূমপান বিৰোধী ঔষধ ভেৰেনিক্লিনে মানুহক ধূমপান এৰিবলৈ কেনেদৰে সহায় কৰে তাৰ ক্ষেত্ৰত ভূমিকা ল’ব পাৰে ৷ মানুহক ধূমপান এৰিবলৈ বহুলভাৱে ব্যৱহৃত ভেৰেনিক্লিনে মগজুৰ কোষত থকা নিৰ্দিষ্ট প্ৰ’টিনৰ লগত বান্ধ খাই নিকোটিনৰ অনুকৰণ কৰি ধূমপানৰ প্ৰভাৱ বন্ধ কৰি লোভ হ্ৰাস কৰে ৷

জিনৰ দ্বাৰা প্ৰভাৱিত হয়

অৱশ্যে ব্ৰিটেইনৰ লেষ্টাৰ বিশ্ববিদ্যালয়কে(University of Leicester, UK) ধৰি বহু গৱেষকে এই ঔষধে সকলোৰে বাবে কাম নকৰে বুলি কয় ৷ লেষ্টাৰ বিশ্ববিদ্যালয়ৰ মুখ্য গৱেষক কায়েছা ক’লেই কয় যে, আমাৰ এই অধ্যয়নে প্ৰথমবাৰৰ বাবে গোটেই জিন’মটো ভেৰেনিক্লিন ব্যৱহাৰ কৰি সফলভাৱে বন্ধ কৰাৰ সৈতে জড়িত জিনৰ বাবে স্কেন কৰিছে ৷

নিকোটিন এণ্ড ট’বেক’ ৰিচাৰ্চ নামৰ আলোচনীখনত প্ৰকাশিত এই গৱেষণাত ইউ কে বায়’বেংকৰ দৰে ডাটাবেছৰ পৰা স্বাস্থ্যৰ ৰেকৰ্ড চাই ভেৰেনিক্লিন ব্যৱহাৰ কৰা ধূমপান বন্ধ কৰা লোক আৰু ধূমপান নকৰা লোকক চিনাক্ত কৰা হৈছিল ৷ জিনীয় বিশ্লেষণত এনে ভিন্নতা পোৱা গৈছিল — কাৰোবাৰ ডি এন এৰ সৰু সৰু পৰিৱৰ্তন — যিবোৰ ভেৰেনিকলিন ব্যৱহাৰ কৰি এজন ব্যক্তিয়ে চিগাৰেট সফলতাৰে এৰি দিয়াৰ আশংকাৰ সৈতে জড়িত ৷

অধ্যয়নৰ ফলাফল কি আছিল ?

অধ্যয়নৰ লেখকসকলে লিখিছে যে আমি জিন প্ৰকাশকে ধৰি সুকীয়া প্ৰক্ৰিয়াৰ সৈতে জড়িত জিনসমূহক জড়িত কৰি ভেৰেনিক্লিন সহায়ক ধূমপান বন্ধ কৰাৰ জৈৱিক ভিত্তিৰ বিষয়ে প্ৰাৰম্ভিক অন্তৰ্দৃষ্টি প্ৰদান কৰোঁ ৷ লেখকসকলে কয় যে এই তথ্যই ভেৰেনিক্লিনৰ প্ৰতি কাৰোবাৰ সঁহাৰি ব্যাখ্যা কৰাত সহায় কৰে যদিও অধিক অধ্যয়নৰ প্ৰয়োজন ৷

কায়েছা ক’লেই কয় যে জিনসমূহে আমাক বিভিন্ন জৈৱিক প্ৰক্ৰিয়াৰ কিছু উপযোগী অন্তৰ্দৃষ্টি দিয়ে, কিন্তু পৰৱৰ্তী পদক্ষেপ হ’ল আমাৰ তথ্যসমূহক আৰু অধিক বৃহৎ অধ্যয়নৰ দ্বাৰা বৈধতা প্ৰদান কৰা ৷ অধ্যয়নত অংশগ্ৰহণকাৰীসকল লেষ্টাৰ বিশ্ববিদ্যালয়ত ভিত্তি কৰি চলি থকা ‘এক্সটেণ্ডেড কহৰ্ট ফৰ ই-হেল্থ, এনভাইৰনমেণ্ট এণ্ড ডি এন এ’ (EXCEED) অধ্যয়নৰ অংশ আছিল ৷ ইষ্ট’নিয়াকে ধৰি অন্যান্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গোটৰ অধ্যয়নৰ লোকসকলৰ স্বাস্থ্যৰ ৰেকৰ্ডতো জিনীয় বিশ্লেষণ কৰা হৈছিল, যিয়ে জিনীয় তথ্যও দাখিল কৰিছে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. ধূমপানে পেটৰ চৰ্বি বৃদ্ধি কৰে নেকি ? গৱেষণাত পোহৰলৈ আহিল এই ডাঙৰ তথ্য - Smoking Increases Belly Fat
  2. ধূমপান ত্যাগ কৰিলে ১৭% হ্ৰাস পাব পাৰে কেন্সাৰৰ সম্ভাৱনা: গৱেষণা
  3. Alcohol And Smoking Combination: সুৰা-চিগাৰেট একেলগে সেৱন কৰিলে মৃত্যু হ’ব পাৰে নেকি ? গৱেষকে কি কয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.