সঘনাই জ্বৰ উঠা প্ৰস্ৰাৱ সংক্ৰমণৰ এটা লক্ষণ নেকি ?
প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণসমূহ কি কি ? প্ৰস্ৰাৱ সংক্ৰমণৰ ফলত কি ৰোগ হ'ব পাৰে ? এই সন্দৰ্ভত জনালে কিডনীৰোগ বিশেষজ্ঞা ডাঃ চুইটি কাকতিয়ে-

Published : July 29, 2025 at 4:44 PM IST
বৰ্তমান সময়ত প্ৰায় ভাগ লোকৰ মাজতে দেখা এটা সমস্যা হৈছে প্ৰস্ৰাৱ সংক্ৰমণ (Urine infection) ৷ বিশেষকৈ মহিলাসকলৰ মাজত এই সমস্যা বেছিকৈ হোৱা দেখা যায় ৷ বৰ্তমান সময়ত মহিলাসকলৰ মাজত প্ৰস্ৰাৱ সংক্ৰমণ (UTI) এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা হৈ পৰিছে ৷ পুৰুষৰ তুলনাত মহিলাৰ মাজত এই সংক্ৰমণ বেছিকৈ দেখা দিয়াৰ এটা মূল কাৰণ হৈছে মহিলাৰ মূত্রনলীৰ গঠন পুৰুষৰ তুলনাত অলপ সৰু ৷ প্ৰস্ৰাৱনালী সংক্ৰমণ বা ইউটিআই সাধাৰণতে বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা এটা সংক্ৰমণ, যি প্ৰস্ৰাৱনালী পথ, মূত্ৰাশয়, মূত্রনলী, কেতিয়াবা বৃক্কলৈও প্ৰসাৰিত হ’ব পাৰে ৷
আনহাতে, ডায়েবেটিচ ৰোগী বা ক্ৰনিক কিডনী ডিজিজ থকা ৰোগী সকলৰ মাজত এই সমস্যাও হ'ব পাৰে ৷ কাৰণ এই ৰোগীসকলৰ ৰোগ প্ৰতিৰোধৰ সক্ষমতা কম থাকে সেয়ে এনে ৰোগীসকলৰ মাজত যিকোনো সংক্ৰমণ হোৱাই সম্ভৱনা থাকে ৷
ইয়াৰ লক্ষণসমূহ কি কি ?
১) প্ৰস্ৰাৱ সংক্ৰমণ হ'লে ৰোগী গৰাকীৰ দেহত জ্বৰ থাকিব পাৰে ৷ কঁপি কঁপি জ্বৰ হ'ব পাৰে ৷
২) প্ৰস্ৰাৱ জ্বলা-পুৰা অনুভৱ হ'ব পাৰে ৷
৩) সঘনাই প্ৰস্ৰাৱ লাগি থাকিব পাৰে ৷
৪) প্ৰস্ৰাৱৰ ৰং সলনি হ'ব পাৰে ৷
৫) পেটৰ তলফালত বিষ বা চাপ অনুভৱ হ'ব পাৰে ৷
কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে
১) প্ৰচুৰ পৰিমাণে পানী খাব লাগে ৷
২) পৰিস্কাৰ-পৰিচন্নতা বজাই ৰাখিব লাগে ৷
৩) প্ৰস্ৰাৱ কেতিয়াও বেছি সময়ৰ বাবে ৰখাই ৰাখিব নালাগে ৷ এনে বহুলোক আছে যিয়ে প্ৰস্ৰাৱ লাগিলেও নকৰে বা দিনটো কামলৈ ওলাই যায় বাবে সময় মতে
প্ৰস্ৰাৱ নকৰে ৷ এনে কৰিব নালাগে ৷
৪) প্ৰস্ৰাৱ কৰাৰ পাছত পৰিস্কাৰ-পৰিচন্নতা বজাই ৰাখিব লাগে ৷
৫) যদিহে ৰোগীগৰাকীৰ ডায়েবেটিচ আছে তেন্তে তেওঁলোকে চুগাৰ নিয়ন্ত্ৰণত গুৰুত্ব দিব লাগে ৷
এইখিনি যদি সাৱধানতা অৱলম্বন কৰে তেন্তে এই সমস্যাৰ পৰা হাতসৰাত বহুখিনিয়ে সহায় হ'ব ৷
সঘনাই জ্বৰ উঠা প্ৰস্ৰাৱ সংক্ৰমণৰ এটা লক্ষণ নেকি ?
এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে জনাই,' নিশ্চয়, যিকোনো সংক্ৰমণৰ বাবে সঘনাই জ্বৰ উঠা এটা লক্ষণ হ'ব পাৰে ৷ প্ৰস্ৰাৱ সংক্ৰমণৰ ফলত ৰোগীগৰাকী কপি কঁপি জ্বৰ উঠিব পাৰে লগতে জ্বৰ উত্তাপ বেছি হ'ব পাৰে ৷
প্ৰস্ৰাৱ সংক্ৰমণৰ ফলত কি ৰোগ হ'ব পাৰে ?
যদি ৰোগীগৰাকী বাৰে বাৰে প্ৰস্ৰাৱ সংক্ৰমণৰ হৈ থাকে সেইটোৱেই গৈ ভৱিষ্যতে ৰোগীগৰকীৰ কিডনীত প্ৰভাৱ পেলাব পাৰে ৷ সেয়ে সময় থাকোতেই ৰোগী গৰাকীয়ে সাৱধানতা অৱলম্বন কৰিব লাগে আৰু লক্ষণ দেখা মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷
পুৰুষৰ UTIৰ বাবে বহু কাৰণ দায়ী হ’ব পাৰে । ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ-
- সামান্য পৰিমাণৰ পানী খোৱা
- UTIৰ অতীতৰ ইতিহাস
- বেনিন প্ৰষ্টেটিক হাইপাৰপ্লাছিয়া
- ডায়েবিটিছ
- দীৰ্ঘ সময় বহি থকা
- অন্ত্ৰৰ সমস্যা
- যৌন সংক্ৰমণ/এছটিআই
- অস্বাভাৱিক যৌন সম্পৰ্ক বা পায়ুপথৰ সংগম ইত্যাদি
পুৰুষৰ UTIৰ লক্ষণ
যদিও পুৰুষৰ ক্ষেত্ৰত এই সমস্যাৰ অনুপাত মহিলাতকৈ কম, কিন্তু প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত UTI যথেষ্ট দেখা যায় । পুৰুষৰ ক্ষেত্ৰতো UTIৰ ক্ষেত্ৰত প্ৰস্ৰাৱত সমস্যা বা জ্বৰৰ দৰে সাধাৰণ লক্ষণ দেখা যায় । কিন্তু কেতিয়াবা সংক্ৰমণে আন অংগক প্ৰভাৱিত কৰাৰ ক্ষেত্ৰত আন কিছুমান লক্ষণো দেখা যায় ।
UTIৰ স্বাভাৱিক অৱস্থাত আৰু আক্ৰান্ত হোৱা আন অংগৰ অৱস্থাত দেখা পোৱা লক্ষণসমূহ তলত দিয়া ধৰণৰ-
- প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা
- সঘনাই প্ৰস্ৰাৱ কৰা বা অনুভৱ কৰা
- প্ৰস্ৰাৱৰ ৰং সলনি বা ৰং সলনি হোৱা
- দুৰ্গন্ধময় প্ৰস্ৰাৱ
- পেটৰ তলৰ অংশত বিষ
- অণ্ডকোষত বিষ আৰু ফুলা
- প্ৰস্ৰাৱত তেজ
- ঠাণ্ডা আৰু জ্বৰ
- বমি-বমি
- পিঠি বা কাষৰ বিষ
- ভাগৰুৱা অনুভৱ কৰা ইত্যাদি
লগতে পঢ়ক

