ETV Bharat / health

পুৰুষৰ বাবে উপবাসে থকাটো উপকাৰী যদিও মহিলাৰ বাবে অপকাৰী কিয় ?

বৰ্তমান পূজা পাৰ্বনৰ সময়ত বহু লোকেই উপবাসে থাকে, মাজে মাজে উপবাসে থকা অভ্যাসে পুৰুষ আৰু মহিলা উভয়কে প্ৰভাৱিত কৰে যদিও ইয়াৰ প্ৰভাৱ কিন্তু একে নহয়-

Intermittent Fasting Benefits: Why It Works Well for Men but May Pose Risks for Women
পুৰুষৰ বাবে উপবাসে থকাটো উপকাৰী যদিও মহিলাৰ বাবে অপকাৰী কিয় ? (Getty Images)
author img

By ETV Bharat Health Team

Published : August 29, 2025 at 5:22 PM IST

4 Min Read
Choose ETV Bharat

বহুতে ভাবে যে যদি তেওঁলোকে খাদ্য গ্ৰহণ কৰাটো যদি কমাই দিয়ে বা খাদ্য এৰি দিয়ে (Skipping Meals for Weight Loss), তেন্তে তেওঁলোকৰ ওজন দ্ৰুতগতিত হ্ৰাস পাব ৷ কিন্তু সঁচাকৈয়ে এয়া ফলপ্ৰসূ হয়নে নে ইয়াৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে ?

বহু লোকে সপ্তাহত কোনো এটা বিশেষ দিনত উপবাসে থাকে ৷ আনহাতে বহু লোকে ওজন হ্ৰাস কৰাৰ বাবে দিনটোৰ বহু সময় উপবাসে থাকে ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে, ইয়াৰ প্ৰভাৱ পুৰুষ-মহিলাৰ ক্ষেত্ৰত একেই নে বেলেগ ? এই ডায়েটিং পদ্ধতিয়ে পুৰুষ-মহিলাৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱিত কৰে কৰে জানোঁ আহক-

মানুহে ওজন কমাবলৈ, তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু বিপাকীয় ক্ৰিয়াৰ স্বাস্থ্য উন্নত কৰিবলৈ মাজে মাজে উপবাসে থকা ধাৰা যথেষ্ট জনপ্ৰিয় হৈছে ৷ মাজে মাজে উপবাসে থকা অভ্যাসে পুৰুষ আৰু মহিলা উভয়কে প্ৰভাৱিত কৰে যদিও ইয়াৰ প্ৰভাৱ একে নহয় ৷ ইয়াৰ কাৰণ হ’ল, শৰীৰৰ হৰম’নৰ গঠন, বিপাকীয় ক্ৰিয়া আৰু শক্তিৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ ৷

পুৰুষৰ ওপৰত প্ৰভাৱ

পুৰুষৰ শৰীৰত হৰম’নৰ উঠা-নমা হাৰ মহিলাতকৈ বহু কম ৷ গতিকে মাজে মাজে উপবাসে থকাটো তেওঁলোকৰ বাবে অলপ সহজ আৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হয় ৷ পুৰুষৰ উপবাসে চৰ্বি সোনকালে জ্বলাব পাৰে, যিয়ে ওজন কমাবলৈ সহায় কৰে ৷ ইয়াৰ বাহিৰেও তেজৰ চুগাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে ৷ টেষ্টষ্টেৰনৰ মাত্ৰাও বহুগুণে উন্নত হ’ব পাৰে, যাৰ ফলত শক্তি বৃদ্ধি পায় আৰু পেশী শক্তিশালী হয় ৷ পুৰুষেও সহজেই ১৬ৰ পৰা ১৮ ঘণ্টা উপবাসে থাকিব পাৰে ৷

মহিলাৰ ওপৰত প্ৰভাৱ

মহিলাৰ শৰীৰ পুৰুষতকৈ অধিক সংবেদনশীল, কাৰণ ইয়াত প্ৰতিমাহে হৰম’নৰ পৰিৱৰ্তন ঘটি থাকে ৷ এনে পৰিস্থিতিত মাজে মাজে উপবাসে থকাৰ প্ৰভাৱো বেলেগ ৷ যদি মহিলাসকলে দীৰ্ঘ সময় উপবাসে থাকে, তেন্তে কেতিয়াবা মাহেকীয়া অনিয়মিত হ’ব পাৰে ৷ কিছুমান মহিলাৰ ভাগৰুৱা, খিংখিঙীয়া, মূৰৰ বিষ আৰু টোপনিৰ অভাৱ আদি সমস্যা হ’ব পাৰে ৷ কিন্তু যদি শুদ্ধভাৱে এই অভ্যাস কৰা হয় তেন্তে ই মহিলাৰ ওজন হ্ৰাস, হৰম’নৰ ভাৰসাম্য আৰু তেজৰ চুগাৰ নিয়ন্ত্ৰণত অতি উপকাৰী ৷ বিশেষকৈ মহিলাসকলে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে উপবাসে থকাৰ অভ্যাস কৰিব লাগে ৷

পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত কিয় বেলেগ ?

আচলতে মহিলাৰ শৰীৰে প্ৰজনন স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ে ৷ যেতিয়া শৰীৰে খাদ্যৰ অভাৱ অনুভৱ কৰে তেতিয়া প্ৰথমে হৰম’নৰ পৰিৱৰ্তন ঘটে, যাৰ ফলত গৰ্ভাৱস্থা আৰু মাহেকীয়াৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ এই কাৰণেই মহিলাৰ ক্ষেত্ৰত উপবাসৰ পাৰ্শ্বক্ৰিয়া সোনকালে দেখা যায় ৷ আনহাতে এই প্ৰভাৱ পুৰুষৰ ক্ষেত্ৰত ইমান গভীৰ নহয়, গতিকে তেওঁলোকে বেছি অসুবিধা নোহোৱাকৈ উপবাসে থাকিবলৈ সক্ষম হয় ৷

কোনসকল লোক উপবাসে থাকিব নালাগে ?

  • গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাই উপবাসে থাকিব নালাগে ৷
  • যি সকলৰ ঋতু্স্ৰাৱ ইতিমধ্যে অনিয়মিত তেওঁলোক উপবাসে থাকিব নালাগে ৷
  • ডায়েবেটিছ ৰোগী যিসকলে ইনচুলিন গ্ৰহণ কৰিবলগীয়া হয় তেওঁলোক উপবাসে থাকিব নালাগে ৷
  • অতি দুৰ্বল বা ৰক্তহীন লোকে উপবাসে থাকিব নালাগে ৷
  • চিকিৎসকৰ পৰামৰ্শ লওক ৷ যদি আপোনাৰ হৃদযন্ত্ৰ বা চুগাৰৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ উপবাস আৰম্ভ নকৰিব ৷ যদি উপবাসৰ সময়ত মূৰ ঘূৰোৱা, ভাগৰুৱা হোৱা বা হৃদস্পন্দন অনিয়মিত হোৱা আদি সমস্যা হয় তেন্তে লগে লগে বন্ধ কৰক ৷

উৎস

লগতে পঢ়ক

  1. ওজন কমোৱাৰ বাবে খাদ্য ত্যাগ কৰাটো সঠিক উপায় নে ? জানো আহক
  2. নৱপ্ৰজন্মক শৰীৰচৰ্চা প্ৰসংগত কি ক’লে মহাদেৱ ডেকাই - Special Interview with Mahadev Deka
  3. ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকে কৰা Intermittent Fasting সম্পৰ্কে জানো আহক