ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি ? তেন্তে চেষ্টা কৰক বেবী কৰ্ণৰ পৰা তৈয়াৰী এই দুবিধ ৰেচিপি
Baby corn for weight loss: যদি আপুনি সন্ধিয়া ভোক পূৰণৰ বাবে চিঙৰা আৰু পকৰি খাব নিবিচাৰে তেন্তে আমি আপোনালোকৰ বাবে লৈ আহিছো বেবী কৰ্ণৰ পৰা তৈয়াৰী দুটা ব্যঞ্জন যিয়ে আপোনাৰ পেট পূৰ কৰাই নহয় আন বহুতো উপকাৰিতাও সাধন কৰে । দুপৰীয়া, ৰাতিৰ আহাৰ আৰু স্নেক টাইমৰ বাবে এই ৰেচিপি দুবিধ ট্ৰাই কৰিব পাৰে ।
ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি ? তেন্তে ট্ৰাই কৰক বেবী কৰ্ণৰ পৰা তৈয়াৰী এই দুবিধ ৰেচিপি

Published : March 12, 2024 at 6:41 PM IST
বেবী কৰ্ণ হৈছে অপৰিপক্ক মাকৈ যিটো সম্পূৰ্ণ পকা বা ডাঙৰ হোৱাৰ আগতেই কটা হয়, কিন্তু ইয়াৰ ফলত ইয়াৰ পুষ্টি আৰু সোৱাদত কোনো প্ৰভাৱ নপৰে ৷ বেবী কৰ্ণ বেচিকৈ স্নেক হিচাপে গ্ৰহণ কৰা হয় ৷ যদি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন আৰু আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখিব বিচাৰে, আপোনাৰ হজম শক্তি সুস্থ কৰি ৰাখিব বিচাৰে আৰু ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে, তেন্তে নিশ্চিতভাৱে আপোনাৰ খাদ্যত বেবী কৰ্ণ অন্তৰ্ভুক্ত কৰক ৷ কিন্তু ইয়াক আপুনি কেনেকৈ আপোনাৰ খাদ্যৰ অংশ কৰি ল’ব আজি এই প্ৰতিবেদনৰ জৰিয়তে এনে দুটা ৰেচিপিৰ বিষয়ে জানো আহক-
মচমচীয়া বেবী ফিংগাৰ
- এইটো বনাবলৈ প্ৰথমে ৮ৰ পৰা ১০টা বেবী কৰ্ণ কমেও ৫ মিনিট উতলাব লাগে ৷
- অলপ ঠাণ্ডা হ’লে মাজৰ পৰা দীঘলকৈ কাটি লওক ৷
- এটা বাটিত ১/৪ চামুচ চাউলৰ আটা আৰু প্ৰায় একে পৰিমাণৰ বেচন আটা দিব ৷ ইয়াৰ লগতে ৰুচি অনুসৰি নিমখ, ১/৪ চামুচ ৰঙা জলকীয়া, ১/২ চামুচ জালুক, ১/২ চামুচ জিৰাৰ গুড়ি, ১ চামুচ আদা-নহৰু পেষ্ট দি প্ৰথমে শুকুৱাই মিহলাই লওক ৷
- তাৰ পিচত প্ৰয়োজন অনুসৰি পানী দিব ৷ চাব যাতে বেটাৰটো বেছি ডাঠ বা বেছি পাতল নহয় ৷
- এতিয়া তাত সিজোৱা বেবী কৰ্ণ দিব ৷
- দুটা ধৰণেৰে বনাব পাৰি ৷ প্ৰথমটো তেলত ভাজি দ্বিতীয়টো এয়াৰ ফ্ৰাইয়াৰত পাতল তেলত বনাওক ৷
বেবী কৰ্ণ চূপ
- চূপ বনাবলৈ কেৰাহীখন গৰম কৰি লওক ৷ ১ ইঞ্চি আদা, ৩ৰ পৰা ৪ টা নহৰু, ২ টা সেউজীয়া জলকীয়া একেলগে দি ২০-৩০ ছেকেণ্ড ভাজিব ৷
- এতিয়া কেৰাহীত বেবী কৰ্ণ, কেপচিকাম, মাছৰুম, কবি আৰু নিমখ আৰু জালুকো দিব ৷ এইবোৰো কমেও ৩০ৰ পৰা ৪০ ছেকেণ্ড ভাজিব লাগে ৷
- পাচলিবোৰ পোৰাৰ সময়ত আধাকাপ পানীত মাকৈৰ আটা দি ভালদৰে মিহলাই লওক ৷
- এতিয়া পাচলিখিনিত চ’য়া চচ দিব আৰু লগতে কৰ্ণফ্লাৰৰ লগত পানী মিহলি কৰি মিশ্ৰণখিনি ঢালি দিব ৷
- এতিয়া প্ৰয়োজন অনুসৰি পানী দি কমেও আৰু ৫ মিনিট উতলিবলৈ দিব ৷
- ওপৰত কটা ধনীয়া দি গৰমা গৰমে পৰিবেশন কৰক ৷

