ETV Bharat / health

আপোনাৰ খাদ্যৰ তালিকাৰ পৰা আজিয়ে বাদ দিয়ক এই তিনিবিধ খাদ্য সামগ্ৰী - Weight Loss - WEIGHT LOSS

Weight-Loss Meal Plans : প্ৰায় প্ৰতিগৰাকী লোকেই সুস্থ-সবল হৈ থাকিব বিচাৰে । বিশেষকৈ মেদবহুলতাৰ সমস্যাৰ পৰা জৰ্জৰিত বহুলোকে ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰে কিন্তু এই চৰ্বিৰ সমস্যাৰ দূৰ কৰিবলৈ আপুনি কি কৰিব ? আজি এই সম্পৰ্কে জনালে যোগ প্ৰশিক্ষক বিপ্লৱ ভট্টাচাৰ্যই ।

Diet plan
আপোনাৰ খাদ্যৰ তালিকাৰ পৰা আজিয়ে বাদ দিয়ক এই তিনিবিধ খাদ্য সামগ্ৰী (FREEPIK)
author img

By ETV Bharat Health Team

Published : July 6, 2024 at 11:28 AM IST

3 Min Read

গুৱাহাটী, 6 জুলাই : বৰ্তমান সময়ত বহুলোকে সন্মুখীন হৈ অহা এটা মুখ্য সমস্যা হৈছে মেদবহুলতা । মেদবহুলতা বা চৰ্বীৰ সমস্যা কমাবলৈ হ’লে প্ৰথমে আমি খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয় । চৰ্বি কমাবলৈ বহুতে বহু পদ্ধতি অৱলম্বন কৰা সাধাৰণতে পৰিলক্ষিত হয় । কিছুমানে শাৰীৰিক পৰিশ্ৰম কৰাৰ লগতে শৰীৰ চৰ্চা কৰা পৰিলক্ষিত হয় ।

যোগ প্ৰশিক্ষক বিপ্লৱ ভট্টাচাৰ্য (ETV Bharat)

যোগ প্ৰশিক্ষক বিপ্লৱ ভট্টাচাৰ্যৰ কয় যে মানুহৰ শৰীৰৰ 85% চৰ্বি খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে ৷ আনহাতে 15% চৰ্বি কেৱল ব্যায়াম আদিৰ দ্বাৰা হ্ৰাস পায় । সেয়ে আমি খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো অতিকৈ আৱশ্যক ।

বহুতে চৰ্বি কমাবলৈ খাদ্য নোখোৱাকৈও থাকে সেয়া, কৰাটো দৰাচলতে শুদ্ধ নহয় । তেল, চেনি আৰু ময়দাৰ বাহিৰে সকলো খাদ্যয়ে খাব পাৰি । কিন্তু বহুলোকে তেল অবিহনে খাদ্য খোৱাটো অসম্ভৱ বুলি গণ্য কৰে ৷ কিন্তু আপোনালোকক জনাই দিও যে তেল নিদিয়াকৈ মাছ-মাংসৰ পৰা আৰম্ভ কৰি সকলো খাদ্য খোৱাটো সম্ভৱ ।

যোগ প্ৰশিক্ষক বিপ্লৱ ভট্টাচাৰ্যৰ কয় যে সচৰাচৰ দিনত আমি গ্ৰহণ কৰা বিপনীত সহজে উপলব্ধ হোৱা জাম, জেলী, টমেটো চচ, বিস্কুটো আদিত প্ৰচুৰ পৰিমাণে চেনি পোৱা যায় যি আমাৰ স্বাস্থ্যৰ পক্ষে যথেষ্ট হানিকাৰক ৷

আনহাতে, ময়দা হৈছে আমাৰ স্বাস্থ্যৰ পক্ষে আন এক হানিকাৰক খাদ্য সামগ্ৰী ৷ ই আমাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতিসাধন কৰে ৷ ময়দা আমি আমাৰ দৈনন্দিন জীৱনত যিকোনো প্ৰকাৰে হ’লেও অন্তৰ্ভুক্ত কৰো সেয়া লাগিলে লুচি, ম’ম, নুডলছ, পাষ্টা, চিঙৰা ইত্যাদিয়ে নহওক কিয় ৷ বহুতে এই বিষয়েও অজ্ঞাত যে দৈনন্দিন জীৱনত আমি চাহৰ লগত খোৱা বিস্কুটোও ময়দাৰে তৈয়াৰ কৰা হয় যি আমাৰ স্বাস্থ্যৰ বাবে সমানে অপকাৰী ।

আনহাতে, বিশেষজ্ঞসকলৰ মতে, ময়দা এনে এবিধ খাদ্য সামগ্ৰী যি স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক । শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নতো খাদ্যত ময়দা ব্যৱহাৰৰ ফলত হৃদৰোগ, ডায়েবেটিছ, মেদবহুলতা বৃদ্ধি, আৰু অন্যান্য ৰোগৰ সম্পৰ্ক আছে বুলিও জানিব পৰা গৈছে । ময়দা এচিড, চেনি আৰু প্ৰচেছড ঘেঁহুৰে তৈয়াৰ কৰা হয় আৰু ইয়াত শৰীৰৰ বাবে অপৰিহাৰ্য আঁহ কমকৈ থাকে ।

ইয়াৰ উপৰিও পৰিশোধিত ময়দাই প্ৰাকৃতিক ঘেঁহুতকৈ আমাৰ খাদ্যত কম পৰিমাণৰ ভিটামিন, খনিজ পদাৰ্থ আৰু প্ৰ’টিনৰ যোগান ধৰে । ৰিফাইন ময়দা থকা খাদ্য অত্যধিক সেৱনে মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি কৰাৰ লগতে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ বাবেও দায়ী হ’ব পাৰে বুলিও অধ্যয়নত প্ৰকাশ পাইছে ।

আনহাতে বিপ্লৱ ভট্টাচাৰ্যই কয় যে চেনী খাবলৈ বন্ধ কৰিলে বহুতে চুগাৰৰ মাত্ৰা কমি যাব বুলি ভয় খোৱা দেখা যায় । কিন্তু সেয়া শুদ্ধ নহয় । আমি খোৱা প্ৰতিটো খাদ্যতে চেনি থাকে । ভাত, পাচলি, ফল-মূল আদি সকলোতে চেনি থাকে । সেয়ে এইসমূহ খাদ্যৰ পৰা শৰীৰত প্ৰয়োজনীয় চেনি লাভ কৰিব পাৰি ।

লগতে পঢ়ক: গেছ-বদহজমৰ সমস্যা দূৰ কৰাত ফলপ্ৰসূ এই তিনিটা যোগাসন - International Yoga Day

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.