দৈনিক যৌন সম্পৰ্ক স্থাপন কৰিলে শৰীৰতে কেনে প্ৰভাৱ পৰিব পাৰে ? - Effects of being sexually active
Effect of Everyday Sex: আপুনি কেতিয়াবা ভাবিছেনে যে দৈনন্দিন যৌন কাৰ্যকলাপৰ ফলত আপোনাৰ শাৰীৰিক, মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ? বিশেষজ্ঞসকলে এই সন্দৰ্ভত কি কয় জানি লওক...

Published : August 8, 2024 at 1:33 PM IST
মানুহৰ বাবে যৌন সম্পৰ্ক স্থাপন কৰাটো তেনেই এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে দৈনিক যৌন সম্পৰ্ক স্থাপন কৰিলে ইয়াৰ ফলত শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে ? ইয়াৰ সৈতে জড়িত বহু অধ্যয়নৰ প্ৰতিবেদনৰ ভিত্তিত ক’ব পাৰি যে যৌন কাৰ্য-কলাপে কেৱল শাৰীৰিকভাৱে নহয়, মানসিক আৰু আৱেগিকভাৱেও প্ৰভাৱিত কৰে ৷ যৌন ক্ৰিয়া মানুহৰ জীৱনৰ এটি অংশ হোৱাৰ স্বত্বেও বহুতে ইয়াৰ লাভ-লোকচানৰ বিষয়ে আলোচনা কৰা সহজতে পৰিলক্ষিত নহয় ৷
বাৰে বাৰে যৌন সম্পৰ্ক স্থাপন কৰাৰ ফলত শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে আজি বিশেষজ্ঞৰ পৰা জানো আহক-
বিশেষজ্ঞসকলে কয় যে দৈনিক যৌন সম্পৰ্ক স্থাপন কৰিলে শৰীৰৰ বহু উপকাৰিতা সাধন হয় ৷ য’ত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি, মানসিক চাপ হ্ৰাস হোৱা ইত্যাদি ৷ ইয়াৰ ফলত সংগীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পায়, যাৰ ফলত সম্পৰ্ক শক্তিশালী হ’ব পাৰে ৷ ইয়াক এনে এক ব্যায়াম হিচাপে গণ্য কৰিব পাৰি যি মানুহৰ মানসিক, শাৰীৰিক স্বাস্থ্যক প্ৰভাবিত কৰে ৷ কিন্তু ইয়াৰ ফলত হ’ব পৰা লোকচানৰ কথাও জনাটো সমানে জৰুৰী ৷
দৈনিক যৌন সম্পৰ্ক স্থাপনৰ সুবিধাৰ কথা আহিলে স্ত্ৰীৰোগ বিশেষজ্ঞ তথা Indian coordinator of Postpartum Support International PSI USA, ডাঃ অৰ্চনা নিৰুলাই কয় যে, দৈনিক যৌন সম্পৰ্ক স্থাপন কৰিলে হৃদস্পন্দন আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত হয় ৷ ইয়াৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে থাকে ৷ আমেৰিকান জাৰ্নেল অৱ কাৰ্ডিঅ’লজিত প্ৰকাশিত এক অধ্যয়নত সঘনাই যৌন সম্পৰ্ক স্থাপন আৰু হৃদৰোগৰ সম্ভাৱনা কম হোৱাৰ মাজত সম্পৰ্ক পোৱা গৈছে ৷
যৌন কাৰ্যকলাপে শৰীৰত সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োজনীয় ইমিউন’গ্ল’বিউলিন উৎপন্ন কৰে ৷ যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে ৷ যৌন সম্পৰ্কৰ সময়তো এণ্ড’ৰ্ফিন নিৰ্গত হয়, যিয়ে বিষনাশকৰ দৰে কাম কৰে ৷ ই মাইগ্ৰেইন আৰু বাতবিষৰ ফলত হোৱা বিষ কম কৰিব পাৰে ৷
লগতে পঢ়ক: পুৰুষৰ হৃদৰোগৰ কাৰক হ’ব পাৰে শাৰীৰিক সম্পৰ্ক - Dysfunction in body
ডাঃ অৰ্চনাই কয় যে নিয়মীয়া যৌন কাৰ্যই পেলভিক ফ্ল’ৰৰ পেশী শক্তিশালী কৰিব পাৰে ৷ যিটো মহিলাৰ বাবে উপকাৰী ৷ নিয়মীয়া যৌন সম্পৰ্কই ৰক্ত সঞ্চালন আৰু হৰম’নৰ ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে ৷ ইয়াৰ ফলত যোনিৰ লুব্ৰিকেচন আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰে, যাৰ লাভ ৰজোনিবৃত্তিৰ পিছত দেখা যায় ৷ ৰজোনিবৃত্তিৰ লগত জড়িত সমস্যাই এনে মহিলাক কমকৈ প্ৰভাৱিত কৰে ৷
কিন্তু দম্পতীয়েও ইয়াৰ লগত জড়িত অভাৱৰ বিষয়ে জনা উচিত ৷ যেনে, দৈনিক যৌন সম্পৰ্কই আপোনাৰ শৰীৰক অধিক ভাগৰুৱা কৰি তুলিব পাৰে আৰু ইয়াৰ ফলত শাৰীৰিক মানসিক চাপ বৃদ্ধি পাব পাৰে ৷ বিশেষকৈ যিসকল লোকৰ ইতিমধ্যে কিছু স্বাস্থ্যৰ সৈতে জড়িত অসুবিধা আছে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন নল’লে ই প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI) হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷
মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰত দৈনন্দিন যৌন সম্পৰ্কৰ প্ৰভাৱ
ডাঃ অৰ্চনাৰ মতে, যৌন কাৰ্য-কলাপত অক্সিট’চিন আৰু এণ্ড’ৰ্ফিন নিৰ্গত হয় ৷ যিয়ে মানসিক চাপ কম কৰে আৰু মানুহক সুখী অনুভৱ কৰায় ৷ নিয়মিত যৌন সম্পৰ্কই চেৰ’টনিন আৰু ড’পামিনৰ দৰে হৰম’নৰ বাবে মেজাজ উন্নত কৰাৰ লগতে হতাশা আৰু মানসিক চাপ হ্ৰাস কৰিব পাৰে ৷ অৱশ্যে ডাঃ অৰ্চনাই লগতে কয় যে, প্ৰতিদিনে যৌন সম্পৰ্ক স্থাপন কৰিলে পাৰ্ফমেন্স প্ৰেচাৰ বৃদ্ধি পাব পাৰে, যিটো উদ্বেগলৈ পৰিণত হ’ব পাৰে ৷ ইয়াৰ ফলত মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে ৷
দৈনন্দিন যৌন কাৰ্যকলাপৰ বাবে হৰম’নৰ পৰিৱৰ্তন
নিয়মিত যৌন সম্পৰ্ক স্থাপনৰ ফলতো শৰীৰত কিছু হৰম’নৰ পৰিৱৰ্তন ঘটে ৷ যিহেতু ই শৰীৰত অক্সিট’চিন হৰম’ন নিৰ্গত কৰে, যিটো প্ৰেমৰ হৰম’ন ৷ ইয়াৰ ফলত সংগীৰ মাজত বন্ধোন অধিক মজবুত হয় আৰু যৌন কাৰ্যকলাপৰ সময়ত এণ্ড’ৰ্ফিন হৰম’ন নিৰ্গত হয় ৷ যাৰ ফলত বিষ কম হয় ৷ ইয়াৰ উপৰিও টেষ্টষ্টেৰন হৰম’ন নিৰ্গত হোৱাৰ বাবে শক্তিৰ মাত্ৰা আৰু কামনা বৃদ্ধি পায় ৷
নিয়মীয়া যৌন কাৰ্যকলাপৰ লগে লগে ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনো বৃদ্ধি পায় ৷ যিটো মহিলাৰ হৰম’নৰ ভাৰসাম্যতা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় ৷ এই সময়ছোৱাত স্বাস্থ্য আৰু মেজাজ বজাই ৰখাত সহায় কৰে ৷
সংগীৰ সৈতে সম্পৰ্কৰ ওপৰত প্ৰভাৱ
দৈনিক যৌন সম্পৰ্ক স্থাপন কৰিলে সংগীৰ মাজত ঘনিষ্ঠতা আৰু আৱেগিক সংযোগ বৃদ্ধি কৰিব পাৰি ৷ ইয়াৰ ফলত দুয়োজনৰ সম্পৰ্ক গভীৰ আৰু মজবুত হ’ব পাৰে ৷ এই সময়ছোৱাত দম্পতিৰ মাজত হোৱা ব্যক্তিগত যোগাযোগে তেওঁলোকৰ বুজাবুজি বৃদ্ধি কৰে ৷
কিন্তু এটা কথা মনত ৰখাটো জৰুৰী যে যদি এয়া আপোনাৰ দৈনন্দিন জীৱনৰ এক অংশ হৈ পৰিছে, তেন্তে ইয়াত কোনো এক্সাইমেন্ট নাথাকিবও পাৰে ৷ কিছু সময়ৰ পাছত এয়া সম্ভৱ যে সংগীয়ে এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ নকৰিবও পাৰে ৷ এনে পৰিস্থিতিত যদি আনগৰাকী সংগীয়ে যৌন সম্পৰ্ক স্থাপনৰ ইচ্ছা প্ৰকাশ নকৰে তেন্তে দুয়োৰে মাজত মানসিক চিন্তা তথা কাজিয়া-বিবাদ আদিৰ সৃষ্টি হ’ব পাৰে ৷

