ETV Bharat / health

আপোনাৰ উফিৰ সমস্যা আছে নেকি ? তেন্তে কৰ্পূৰে দিব সমাধান

Dandruff Remedy: উফি হ’ল যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হ’ব পৰা এক অতি সাধাৰণ সমস্যা ৷ সাধাৰণতে শীতকালত এনেকুৱা হয় যদিও শীতকাল শেষ হোৱাৰ পিচতো এই সমস্যা থাকিব পাৰে ৷ ইয়াৰ বাবে চুলি সৰা আৰু খজুৱতিৰ দৰে সমস্যাও হ’ব পাৰে ৷ গতিকে কৰ্পূৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা এই তেল তৈয়াৰ কৰাৰ পদ্ধতি আৰু উপকাৰিতা জানি লওক-

If you are troubled by the problem of dandruff, then this oil made from camphor is a panacea for it
আপোনাৰ উফিৰ সমস্যা আছে নেকি ? তেন্তে কৰ্পূৰে দিব সমাধান
author img

By ETV Bharat Assamese Team

Published : February 29, 2024 at 3:56 PM IST

3 Min Read
Choose ETV Bharat

বতৰৰ পৰিৱৰ্তনৰ লগে লগে স্বাস্থ্যজনিত সমস্যাৰ লগতে ছাল আৰু চুলিৰ সৈতে জড়িত সমস্যাও হ’ব পাৰে ৷ চুলি সম্পৰ্কীয় সমস্যাৰ ভিতৰত উফি আটাইতকৈ বেছি, যাৰ বাবে বহুতে চুলি সম্পৰ্কীয় উফিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷

কান্ধৰ ওপৰত পৰে, যাৰ বাবে বহুবাৰ লাজৰ সন্মুখীন হ’বলগীয়া হয় ৷ যদিও উফিৰ সমস্যা যিকোনো সময়তে হ’ব পাৰে, তথাপিও ইয়াৰ সমস্যা প্ৰায়ে শীতকালত বেছিকৈ দেখা যায় ৷

শীতকাল শেষ হোৱাৰ পিচতো আমি বহু দিন গৰম পানীৰে গা ধুওঁ আৰু বতাহো অলপ শুকান হৈ থাকে, যাৰ বাবে মূৰৰ ছালৰ আৰ্দ্ৰতা কমি যায় যাৰ ফলত বাবে উফিৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷

মূৰৰ ছালত হোৱা উফিৰ ফলত খজুৱতিৰ সমস্যা অতি সাধাৰণ ৷ ইয়াৰ বাবে চুলি চিগা আৰু সৰাৰ দৰে সমস্যাও সৃষ্টি হয় ৷ সেয়ে এই উফিৰ পৰিত্ৰাণ পাবলৈ আজি আমি আপোনালোকৰ বাবে কিছুমান ঘৰুৱা উপায় লৈ আহিছো যিয়ে আপোনাক উফিৰ সমস্যাৰ পৰা সকাহ দিয়াত লাভদায়ক হ’ব পাৰে ৷

উফি কিয় হয় ?

কেৱল মূৰৰ ছাল শুকান হোৱাৰ বাবেই নহয়, তেলীয়া মূৰৰ ছাল আৰু কিছুমান Fungalৰ সংক্ৰমণ যেনে মালাচেজিয়া আৰু চেব’ৰিয়াৰ বাবেও উফিৰ সমস্যা বৃদ্ধি পায় ৷ কেতিয়াবা পুষ্টিৰ অভাৱ আৰু হৰম’নৰ পৰিৱৰ্তনেও উফিৰ কাৰণ হৈ পৰে, কিন্তু ভয় খোৱাৰ প্ৰয়োজন নাই কাৰণ কৰ্পূৰৰ পৰা তৈয়াৰী তেলৰ সহায়ত ঘৰতে স্বাভাৱিকভাৱে উফি আঁতৰাব পাৰি ৷

কৰ্পূৰ পৰা চুলিৰ তেল বনাওক-

উপকৰণ: কৰ্পূৰ, নাৰিকল তেল আৰু নেমু

ইয়াক তৈয়াৰ কৰিবলৈ এটা বাটিত তিনি-চাৰি টুকুৰা কৰ্পূৰ থেতেলিয়াই তাৰ পিছত তাত আধা নেমুৰ ৰস চেপি দুয়োটা ভালদৰে মিহলাই লওক ৷ ইয়াৰ পিছত কৰ্পূৰ আৰু নাৰিকল তেল গৰম কৰি অলপ ঠাণ্ডা হ’লে তাত নেমু কৰ্পূৰ দ্ৰৱ দিব ৷ আপোনাৰ কৰ্পূৰ তেল সাজু হৈছে ৷ ৰাতি শুবলৈ যোৱাৰ আগতে সপ্তাহত কমেও দুবাৰ লগাব লাগে আৰু পুৱা মৃদু চেম্পুৰে চুলি ধুব লাগে ৷ উফিৰ পৰা তৎক্ষণাত সকাহ পাব ৷

কৰ্পূৰ তেলৰ উপকাৰিতা-

  • Fungal প্ৰতিৰোধী গুণেৰে সমৃদ্ধ কৰ্পূৰে চুলিত হোৱা সংক্ৰমণ দূৰ কৰাৰ কাম কৰে ৷
  • কৰ্পূৰৰ শীতল গুণে চুলিৰ মূৰৰ ছাল ঠাণ্ডা কৰি ৰাখে, যাৰ ফলত উফিৰ ফলত হোৱা খজুৱতি ফলত হোৱা বিৰক্তিৰ পৰা সকাহ পোৱা যায় ৷
  • ই চুলিৰ গুৰিৰ বাবে উপকাৰী, যিয়ে চুলিৰ বৃদ্ধিত সহায় কৰে ৷
  • নেমুৰ ৰস এচিডিক, যাৰ বাবে ই Fungalৰ সংক্ৰমণ দূৰ কৰাত সহায় কৰে ৷

লগতে পঢ়ক: ভাৰতত Stomach Fluৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি, এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে