গাখীৰ খাই বেয়া পায় নেকি ? তেন্তে এই পানীয়সমূহ হ’ব পাৰে উত্তম বিকল্প
Healthy Drinks: গাখীৰ বহুতৰে বাবে পুৱাৰ আহাৰৰ এটা অংশ । ইয়াৰ দ্বাৰা পোৱা পুষ্টিকৰ উপাদান বিশেষকৈ কেলচিয়ামৰ বাবে মানুহে ইয়াক খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰে যদিও বহুতে ইয়াৰ সোৱাদ ভাল নাপায় আৰু ইয়াক পান কৰিবলৈও ভাল নাপায়। সেয়েহে আমি আপোনালোকৰ বাবে এনে কিছুমান পানীয় লৈ আহিছো যাক পান কৰি বহুতো পুষ্টিকৰ উপাদান যোগান ধৰিব পাৰে । সেই পানীয়বোৰৰ বিষয়ে জানি লওক-

Published : March 12, 2024 at 11:27 AM IST
গাখীৰ খাই দিনটো আৰম্ভণি কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে ৷ যিয়ে আপোনাক গোটেই দিনটো শক্তিৰে ভৰপূৰ কৰি ৰাখে ৷ কিন্তু গাখীৰ অতি উপকাৰী হোৱাৰ পিচতো বহুতে গাখীৰ খাবলৈ ভাল নাপায় বা গাখীৰ হজম কৰাত কিবা এটা সমস্যা হয় ৷ যাক লেক্ট’জ অসহিষ্ণুতা বা Lactose Intolerance বোলা হয় ৷
এনে পৰিস্থিতিত গাখীৰৰ দৰে পুষ্টিকৰ আৰু উপকাৰী কিছুমান পানীয় খাব পাৰে ৷ চ’য়া গাখীৰ, কাঠ বাদামৰ গাখীৰ, নাৰিকল পানী, বনৌষধি চাহ, নাৰিকল, অটছ গাখীৰ আদি পানীয়ৰে দিনটোৰ আৰম্ভণি কৰিব পাৰে ৷
এই পানীয়বোৰত বহুতো পুষ্টি আৰু ভিটামিন থাকে ৷ ইয়াৰ ভিতৰত কেলচিয়াম , ভিটামিন ডি আৰু প্ৰ’টিন আদি, যিয়ে গাখীৰৰ পৰা পোৱা অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণ কৰে ৷ ইয়াৰ উপৰিও ইয়াত লেক্ট’জ নাথাকে ৷ সেয়েহে লেক্ট’জ অসহিষ্ণুতাত আক্ৰান্ত লোকৰ বাবেও ই এক ভাল বিকল্প ৷ গাখীৰৰ দৰে পুষ্টিকৰ এনে কিছুমান স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত পানীয়ৰ বিষয়ে আজি জানো আহক যাক পান কৰি আপুনি বিভিন্ন উপকাৰিতা লাভ কৰিব পাৰে ৷
- লাচী
গাখীৰ নোখোৱাসকলৰ বাবে লাচী হৈছে সৰ্বোত্তম আৰু সোৱাদযুক্ত পানীয় ৷ এইটো দৈত ফল-মূল আৰু শুকান ফল মিহলাই প্ৰস্তুত কৰা হয় ৷ যিটো অতি সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ ৷ লাচি হৈছে কেলচিয়াম, ভিটামিন, পটাছিয়াম আৰু মেগনেছিয়াম আৰু অন্যান্য বহুতো পুষ্টিকৰ উপাদানৰে সমৃদ্ধ এক নিখুঁত ব্ৰেকফাষ্ট ড্ৰিংক ৷ কিন্তু যদি আপুনি লেক্ট’জ অসহিষ্ণু হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ সেৱন কৰক ৷

- তুলসী বা পদিনাৰ পানী
পানীত তিয়াই তুলসী বা পদিনা খোৱাটো আপোনাৰ বাবে অতি উপকাৰী ৷ তুলসী আৰু পদিনাত স্বাস্থ্যৰ বাবে বিভিন্ন উপকাৰী উপাদান থাকে ৷ যিয়ে বিশেষকৈ ভাইৰাছৰ সংক্ৰমণ আৰু অন্যান্য ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ তুলসী বা পদিনাৰ পানী সেৱন কৰিলে শৰীৰত স্বাভাৱিকভাৱে শক্তি লাভ কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷

- নাৰিকল পানী
নাৰিকল পানীয়ে আপোনাক সম্পূৰ্ণ হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে ৷ ইয়াত উপস্থিত ইলেক্ট্ৰ’লাইট, ভিটামিন আৰু খনিজ পদাৰ্থৰ দৰে পুষ্টিকৰ পদাৰ্থই আপোনাক পুষ্টি প্ৰদানৰ কাম কৰে ৷

- বনৌষধি চাহ
বহু পুষ্টিকৰ উপাদানৰে সমৃদ্ধ বনৌষধি চাহ আচৰিত ধৰণৰ উপকাৰিতাৰ স্বাস্থ্যজনিত পানীয় ৷ ইয়াক আপুনি ব্ৰেকফাষ্টতো অন্তৰ্ভুক্ত কৰিব পাৰে ৷

- স্মুদি
একাধিক গুণ থকা ফলৰ পৰা তৈয়াৰী স্মুদি পুৱাৰ আৰম্ভণিৰ বাবে এক উত্তম বিকল্প ৷ ফল-মূলত পোৱা সকলো পুষ্টিকৰ উপাদান স্মুদিৰ জৰিয়তে সহজে লাভ কৰিব পাৰে ৷

- নেমু চৰবত
এগিলাচ নেমুৰ ৰসে শৰীৰক স্বাভাৱিকভাৱে বিষমুক্ত কৰাৰ লগতে এগিলাচ পানী স্বাস্থ্যৰ পক্ষে এক উত্তম বিকল্প হ’ব পাৰে । ইয়াক বনাবলৈ একেবাৰেই সহজ ৷ মাত্ৰ নেমুৰ টুকুৰা কাটি পানীত চেপিও খাব পাৰে বা কুহুমীয়া পানীও ব্যৱহাৰ কৰিব পাৰে আৰু লগতে সোৱাদৰ বাবেও অলপ মৌ দিব পাৰে ।


