যোগৰ দ্বাৰা কেনেদৰে মেদবহুলতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ?
যোগৰ দ্বাৰা কেনেদৰে এই সমস্যাৰে পৰা পৰিত্ৰাণ পাব পাৰিব এই সন্দৰ্ভত যোগ তথা প্ৰাকৃতিক চিকিৎসা বিভাগৰ মূৰব্বী অধ্যাপক ড৹ শেখৰ বড়োৰ পৰাই জানো আহক-

Published : June 14, 2025 at 5:37 PM IST
বৰ্তমান মেদবহুলতা নএটা ডাঙৰ সমস্যা । বিশেষকৈ নাৰীসকলৰ বাবে । প্ৰতিগৰাকী নাৰীয়ে নিজকে ধুনীয়াকৈ ৰাখিব বিচাৰে। শৰীৰৰ চৰ্বি বা মেদবহুলতা দূৰ কৰিবলৈ বহুতে ভিন্ন ধৰণে শৰীৰচৰ্চা কৰাও পৰিলক্ষিত হয় । যোগৰ দ্বাৰা কেনেদৰে এই সমস্যাৰে পৰা পৰিত্ৰাণ পাব পাৰিব এই সন্দৰ্ভত জনালে যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ মূৰব্বী অধ্যাপক ড৹ শেখৰ বড়োই-
প্ৰতিগৰাকী লোকেই নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰে ৷ কিন্তু এই ক্ষেত্ৰত কেতিয়াবা মেদবহুলতা সমস্যা হেঙাৰ হোৱা পৰিলক্ষিত হয় ৷ আনহাতে এই সমস্যাৰ বাবে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত বহুৰোগ যেনে PCOD আদিকে ধৰি বহুৰোগৰ সৃষ্টি হোৱাও দেখা যায় ৷
মেদবহুলতা মূল কাৰণ কি ?
মেদবহুলতাৰ এটা মুখ্য কাৰণ হৈছে শাৰীৰিক পৰিশ্ৰমৰ অভাৱ লগতে আধুনিক জীৱনশৈলী ৷ বৰ্তমান সময়ত আমি বহুতেই ঘৰুৱা আহাৰৰ তুলনাত জাংক ফুড আদিৰ বাবে বেছি আকৃষ্টহোৱা দেখা যায়, আৰু যিয়ে আমাৰ শৰীৰত নানান ৰোগ সৃষ্টি কৰাৰ লগতে মেদবহুলতাৰ সমস্যা সৃষ্টি কৰে ৷
মেদবহুলতাৰ ফলত কি কি ৰোগৰ সৃষ্টি হয় ?
- মেদবহুলতাক সকলো ৰোগৰে উৎস বুলি কোৱা হয় ৷ যেনে মধুমেহ, মানসিক দুঃচিন্তা, মহিলাজনীত বহু সমস্যাৰ উৎসৰ মূলকাৰণ হৈছে মেদবহুলতা ৷
- যোগৰ দ্বাৰা কেনেদৰে এই সমস্যাৰে পৰা পৰিত্ৰাণ পাব পাৰি
- যোগক মেদবহুলতাৰ অমৃত বুলি কব পাৰি ৷ যোগৰ দ্বাৰা আমি অতি সহজে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰো ৷ মূলতঃ এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা মুখ্য উপায় হৈছে যোগ ৷
- যোগৰ কোন কেইটা আসন, ক্ৰিয়া আৰু প্ৰণায়ম কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি
সূৰ্য নমস্কাৰ
- যোগ শাস্ত্ৰত সূৰ্য নমস্কাৰে আমাৰ শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে বুলি কোৱা হয় ৷ লগতে মেদবহুলতাৰ সমস্যাৰ দূৰ কৰাৰ ক্ষেত্ৰত ই যথেষ্ট সহায় কৰে ৷
- সূৰ্য নমস্কাৰ এটা পূৰ্ণাংগ আৰু সৰ্বাংগ সুন্দৰ ব্যায়াম ৷
- ইয়াক বিভিন্ন ভংগীত কৰা হয় ৷ আৰম্ভণিৰপৰা শেষলৈ সৰ্বমুঠ ১২ টা ভংগীত সূৰ্য নমস্কাৰ সমাপ্ত কৰা হয় ৷ সূৰ্য নমস্কাৰত একেলগে আসন, প্ৰাণায়াম আৰু ধ্যানৰ সংমিশ্ৰণ ঘটে ৷ ইয়াৰ প্ৰভাৱত আমাৰ শৰীৰত থকা প্ৰতিটো চক্ৰ সক্ৰিয় হৈ উঠে ৷সূৰ্য নমস্কাৰ কৰোতে প্ৰতিটো ভংগীত নিম্নতম ৫-১৫ ছেকেণ্ড সময় থাকিব লাগে ৷
ত্ৰিকোনাসন

এই আসনত শৰীৰে ত্রিকোণ অর্থাৎ ত্রিভুজৰ আকাৰ ধাৰণ কৰে ৷ সেই কাৰণে ইয়াৰ নাম ত্রিকোণাসন ৷ এই আসনটো কৰাৰ কেইবাটাও পদ্ধতি আছে ৷ দুই ভৰিৰ পতাৰ মাজত সুবিধা মতে ২-৩ ফুটৰ ফাক ৰাখি থিয় হৈ হাত দুখন কান্ধৰ সমানত দুয়োফালে মেলি দিব লাগে ৷ আঁঠু পোনকৈ ৰাখিব ৷ মেৰুদণ্ড বাওঁফালে হাওলাই দি বাওঁভৰিত ধৰিব ৷ এতিয়া ডিঙিটো ঘূৰাই ওপৰলৈ পোনকৈ থকা সোঁহাতৰ তলুৱাত দৃষ্টি ৰাখিব ৷ এইদৰে ৫/৩০ চেকেণ্ড সময় থকাৰ পিছত আগৰ অৱস্থালৈ ঘূৰি আহিব ৷ পুনৰাই সোঁহাত অৱনত কৰি সোঁভৰি ধৰিব ৷ বাওঁফালে কৰাৰ দৰে সোফালেও কৰিব ৷
উষ্ট্রাসন
এই আসনটো অভ্যাসৰ সময়ত দেহটোৱে একৰকম উষ্ট্ৰ অৰ্থাৎ উঁটৰ আকাৰ ধাৰণ কৰে ৷ এইবাবেই ইয়াৰ নাম উচ্ছ্বাসন ৷ আঁঠু কাঢ়ি অর্ধদণ্ডায়মান অৱস্থাত থিয় হব ৷ শ্বাস ত্যাগ কৰি কৰি বক্ষদেশ ওপৰলৈ ফিন্দাই মূৰৰ পিছফালে অৱনত কৰিব ৷ এতিয়া বাওঁ হাতেৰে বাওঁ ভৰিৰ আৰু সোঁ হাতেৰে সোঁ ভৰিৰ সৰুগাঁঠিৰ সামান্য ওপৰত ধৰিব ৷ এনেকুৱা কৰোঁতে বুক্ ফিন্দ খাই দেহটিয়ে অর্ধচক্রাকাৰৰূপ ধাৰণ কৰিব ৷ শ্বাস বন্ধ ৰাখি ১০/১৫ চেকেণ্ড এনেকৈ আসনাবদ্ধ হৈ থাকিব ৷ তাৰ পিছত উশাহ লৈ লৈ পুনৰ পোন হৈ অর্ধ-দণ্ডায়মান অৱস্থাত উপনীত হ’ব ৷ ক্ষন্তেক বিশ্রাম লৈ পুনৰ ক্ৰিয়াটিৰ অভ্যাস কৰিব ৷ এইদৰে ৩/৪ বাৰ ক্ৰিয়াটিৰ অনুষ্ঠান কৰিব ৷

নৌকাসন
- এই আসনটো নৌকাৰ দৰে ৷ তাৰ বাবে প্ৰথমে দুই ভৰি ৪৫ ডিগ্ৰী উঠাব, তাৰ পাছত দুই হাত ৪৫ ডিগ্ৰী উঠাব ৷ইয়াৰ পাছত বুকু আৰু ডিঙি ৪৫ ডিগ্ৰী উঠাব ৷ ওপৰলৈ চাই কেই চেকেণ্ড মান থাকিব ৷
- লগতে পৱনমুক্তাসন, বক্ৰাসনো মেদবহুলতাৰ বাবে উত্তম আসন ৷ এই সমূহ আসনৰ লগতে কপালভাটি, অনুলম-বিনলম আদিকে ধৰি কেইবাটাও প্ৰণায়ম মেদবহুলতাৰ বাবে উত্তম ৷
- উল্লেখযোগ্য যে, যোগৰ ক্ষেত্ৰত সঠিক জ্ঞান থকাটো উচিত ৷ কাৰণ কেতিয়াবা কিছুৰোগৰ বাবে কিছুমান আসন আমাৰ শৰীৰৰ বাবে বেয়া ৷ বা সকলোবস্তুৰ যিসকলে ক্ৰিয়া-প্ৰতিক্ৰিয়া থাকে ঠিক তেনেদৰে যোগৰো থাকে ৷ সেয়ে অভিজ্ঞলোকৰ পৰামৰ্শ গ্ৰহণ কৰি আমি এইবোৰ যোগ বা আসন কৰা উচিত ৷ লগতে এজন ব্যক্তিয়ে সুস্থ হৈ থাকিবলৈ দৈনিক ১ঘণ্টা যোগ কৰাটো উচিত ৷
লগতে পঢ়ক

