ETV Bharat / health

শাওন মাহত কিদৰে শিৱক আৰাধনা কৰিব ? - Astro Tips

Shravan (Sawan) 2024: শাওনৰ সোমবাৰ কেইটাত শিৱক কিদৰে আৰাধনা কৰিব ? কি কি নিয়ম মানি চলিলে প্ৰসন্ন হ’ব মহাদেৱ ? শিৱ মন্দিৰত শৰাই দিলে কি কি দিব পাৰে এই সন্দৰ্ভত জনালে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই ।

Astro tips
শাওন মাহত কিদৰে শিৱক আৰাধনা কৰিব ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 18, 2024 at 6:40 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 18 জুলাই: আৰম্ভ হ'ল শাওন মাহ ৷ আজি শাওনৰ দ্বিতীয়টো দিন ৷ হিন্দুশাস্ত্ৰ অনুসৰি শাওনৰ মাহত মহাদেৱ শিৱৰ জন্ম হৈছিল বুলি কোৱা হয় ৷ সেয়ে এই মাহটো বিশেষকৈ শিৱভক্তসকলে শিৱৰ আৰাধনাত ব্ৰতী হৈ থকা পৰিলক্ষিত হয় ৷ লগতে এই সময়ৰ পৰা ভগৱান শ্ৰীবিষ্ণু ৪ মাহৰ বাবে যোগনিদ্ৰাত যাব ৷ সেয়ে এই সময়ছোৱাত ভগৱান শিৱই গোটেই সংসাৰখন পালন কৰিব ৷ শাওন মাহৰ সোমাবাৰ কেইটাত শিৱভক্তসকলে শিৱ মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হয় ৷ এইবাৰ এই শাওন মাহত ৪টা সোমবাৰ পৰিছে ৷

জ্যোতিষী ড৹ পৰশমণি শৰ্মা (ETV Bharat Assam)

শাওনৰ সোমবাৰ কেইটাত শিৱক কিদৰে আৰাধনা কৰিব ?

  • শাওন মাহৰ প্ৰথমটো সোমবাৰ পৰিছে অহা ২২ জুলাইত ৷ সেইদিনা আপুনি শিৱ মন্দিৰত গাখীৰ, বেলপাত, লগতে ধতুৰা গুটি বা ফুল দি শিৱলিংগত অৰ্পণ কৰিব ৷
  • ২৯ জুলাইত দ্বিতীয়টো সোমবাৰ পৰিছে ৷ সেইদিনা যিমান পাৰে গংগাজল, কেঁচাগাখীৰ আৰু পানী শিৱলিংগত অৰ্পণ কৰিলে আপোনাৰ মনোকামনা পূৰ্ণ হ'ব ৷
  • ৫ আগষ্টত তৃতীয়টো সোমবাৰ যদি শিৱ মন্দিৰত ৰুদ্ৰ অভিষেক কৰিব পাৰে অৰ্থাৎ গাখীৰ, চেনি, দৈ, মৌ আদিৰে ৰুদ্ৰ অভিষেক কৰিব পাৰে আৰু মন্দিৰত শৰাই আগবঢ়াব পাৰে তেতিয়া আপোনাৰ বছৰটোৰ বাবে কৰিবলগীয়া শিৱ ভক্তি সম্পন্ন হ'ব ৷
  • ১২ আগষ্টত শেষটো সোমবাৰ পৰিছে ৷ সেইদিনা শিৱলিংগত যদি অকণমান ঘিউ লগাই দিব পাৰে তেতিয়াও আপোনাৰ মনোকামনা পূৰ্ণ হ'ব ৷

শিৱ মন্দিৰত শৰাই দিলে কি কি সামগ্ৰী দিব পাৰে ?

শিৱ মন্দিৰত শৰাই আগবঢ়াওতে সাধাৰণতে দিয়া মাহ- প্ৰসাদৰ লগত ত্ৰিশূল, ডম্বৰু, ৰঙা কাপোৰ, বাঘৰ চালৰ বৰণৰ কাপোৰ দিব পাৰে ৷ লগতে ৰুদ্ৰাক্ষ মালাও আগবঢ়াব পাৰে ৷

লগতে পঢক: Shiva Puja in Shravan Month : শাওন মাহত শিৱ লিংগত কি অৰ্পণ কৰিলে লাভালাভ পোৱা যায় ?